--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ আগষ্ট ২০২৩ত ভাৰতে ৰচনা কৰিলে ইতিহাস। চন্দ্ৰৰ বুকুত চন্দ্ৰযান-৩য়ে কৰে সফল অৱতৰণ। যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশত সুখ আৰু আনন্দৰ লহৰ উঠিছে। গৌৰৱত বুকু ফুলি উঠিছে প্ৰতিজন ভাৰতীয়ৰ। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশত পৰিণত হ’ল ভাৰত। 

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তথা ইছৰোৰ বিজ্ঞানীসকলক দেশৰ লগতে বিশ্বৰ চেলিব্ৰিটিসকলে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। কিন্তু ইয়াৰ মাজতে ৰাজস্থান চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী অশোক চান্দনাই এক মন্তব্য দি বৰ বেয়াকৈ লাজত পৰিল। মানুহে তেওঁৰ মন্তব্য শুনি ভাবিবলৈ বাধ্য হৈছে সঁচাকৈয়ে এইজন মন্ত্ৰী নে কোনো পঢ়া-শুনা নথকা লোক!

তেওঁ কয়, "আমি সফল হ’লো আৰু নিৰাপদভাৱে অৱতৰণ কৰিলোঁ... গতিকে চন্দ্ৰযানত যোৱা যাত্ৰীসকলক মই চালাম জনাইছো। আমাৰ দেশখনে বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈছে, যাৰ বাবে মই সকলো দেশবাসীক অভিনন্দন জনাইছো।"

চন্দ্ৰযানত কোনো মানুহ যোৱা বুলি ভাবিলে মন্ত্ৰী অশোক চান্দনাই। যি বিষয়ক লৈ সমগ্ৰ বিশ্বতে চৰ্চা অব্যাহত আছে সেই বিষয়টোৰ সন্দৰ্ভত একো নজনাকৈ এজন মন্ত্ৰীয়ে এনে মন্তব্য কৰাটো চৰম লজ্জাজনকেই নহয় দুৰ্ভাগ্যজনকো। কেনে মানুহে আমাৰ দেশ শাসন কৰাত আগভাগ লৈছে চাওকচোন। ছ’চিয়েল মিডিয়াত যথেষ্ট ট্ৰলৰ সন্মুখীন হৈছে ক্ৰীড়া মন্ত্ৰী অশোক চান্দনা। 

উল্লেখযোগ্য যে বুধবাৰে চন্দ্ৰযানৰ মানৱবিহীন লেণ্ডাৰখন চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰে। ইছৰোই লেণ্ডাৰ ‘বিক্ৰম’ আৰু ৰভাৰ ‘প্ৰজ্ঞান’ৰে সজ্জিত এল এম যানখন চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰি মহাকাশ খণ্ডত এক নতুন ইতিহাসৰ সৃষ্টি কৰে। ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬.০৪ বজাত ই স্পৰ্শ কৰে চন্দ্ৰৰ পৃষ্ঠভাগ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস