--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ আগষ্ট ২০২৩ত ভাৰতে ৰচনা কৰিলে ইতিহাস। চন্দ্ৰৰ বুকুত চন্দ্ৰযান-৩য়ে কৰে সফল অৱতৰণ। যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশত সুখ আৰু আনন্দৰ লহৰ উঠিছে। গৌৰৱত বুকু ফুলি উঠিছে প্ৰতিজন ভাৰতীয়ৰ। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশত পৰিণত হ’ল ভাৰত। 

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তথা ইছৰোৰ বিজ্ঞানীসকলক দেশৰ লগতে বিশ্বৰ চেলিব্ৰিটিসকলে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। কিন্তু ইয়াৰ মাজতে ৰাজস্থান চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী অশোক চান্দনাই এক মন্তব্য দি বৰ বেয়াকৈ লাজত পৰিল। মানুহে তেওঁৰ মন্তব্য শুনি ভাবিবলৈ বাধ্য হৈছে সঁচাকৈয়ে এইজন মন্ত্ৰী নে কোনো পঢ়া-শুনা নথকা লোক!

তেওঁ কয়, "আমি সফল হ’লো আৰু নিৰাপদভাৱে অৱতৰণ কৰিলোঁ... গতিকে চন্দ্ৰযানত যোৱা যাত্ৰীসকলক মই চালাম জনাইছো। আমাৰ দেশখনে বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈছে, যাৰ বাবে মই সকলো দেশবাসীক অভিনন্দন জনাইছো।"

চন্দ্ৰযানত কোনো মানুহ যোৱা বুলি ভাবিলে মন্ত্ৰী অশোক চান্দনাই। যি বিষয়ক লৈ সমগ্ৰ বিশ্বতে চৰ্চা অব্যাহত আছে সেই বিষয়টোৰ সন্দৰ্ভত একো নজনাকৈ এজন মন্ত্ৰীয়ে এনে মন্তব্য কৰাটো চৰম লজ্জাজনকেই নহয় দুৰ্ভাগ্যজনকো। কেনে মানুহে আমাৰ দেশ শাসন কৰাত আগভাগ লৈছে চাওকচোন। ছ’চিয়েল মিডিয়াত যথেষ্ট ট্ৰলৰ সন্মুখীন হৈছে ক্ৰীড়া মন্ত্ৰী অশোক চান্দনা। 

উল্লেখযোগ্য যে বুধবাৰে চন্দ্ৰযানৰ মানৱবিহীন লেণ্ডাৰখন চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰে। ইছৰোই লেণ্ডাৰ ‘বিক্ৰম’ আৰু ৰভাৰ ‘প্ৰজ্ঞান’ৰে সজ্জিত এল এম যানখন চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰি মহাকাশ খণ্ডত এক নতুন ইতিহাসৰ সৃষ্টি কৰে। ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬.০৪ বজাত ই স্পৰ্শ কৰে চন্দ্ৰৰ পৃষ্ঠভাগ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান