--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীৰ পৰা আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ৷এজন কেব চালকে নতুন দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ চৰকাৰী বাসগৃহৰ বেৰত খুন্দা মাৰি বেৰৰ এটা অংশ ভাঙি পেলায়। এই ঘটনাৰ পাছত আৰক্ষীয়ে কেব চালকজনক আটক কৰে, আৰু পৰৱৰ্তী সময়ত চোৰাংচোৱা সংস্থাই দীঘলীয়া জেৰা কৰি চালকজনক মুকলি কৰি দিয়ে।

উল্লেখযোগ্য যে,কিৰেণ ৰিজিজু দিল্লীৰ কৃষ্ণ মেনন মাৰ্গত অৱস্থিত চৰকাৰী বাংলোত থাকে। বুধবাৰে তীব্ৰবেগী কেব এখন তেওঁৰ বাংলোৰ বেৰত খুন্দা মৰাৰ ফলত দেৱালৰ এটা অংশ ভাঙি যায়। লাভ কৰা তথ্য অনুসৰি কেব চালক ৰহিম খান নুহৰ বাসিন্দা। তেওঁ কয় যে এখন বাছে তেওঁৰ কেবৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, যাৰ বাবে তেওঁ বেৰত খুন্দা মাৰে। স্মৰ্তব্য যে কেব চালক ৰহিম খান পৰিয়ালৰ সৈতে নুহলৈ গৈ আছিল।

কেব চালকজনে জেৰাৰ সময়ত কয় যে তেওঁ পৰিয়ালৰ সৈতে গাড়ীৰে নুহলৈ গৈ আছিল। ইফালে এখন বাছে তেওঁৰ গাড়ীৰ সৈতে খুন্দা মৰাৰ ফলত কেবখনে ৰিজিজুৰ ঘৰৰ বেৰত খুন্দা মাৰে। এই ঘটনাৰ বাবেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত নিয়োজিত নিৰাপত্তাৰক্ষীৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক আহত হোৱাৰ কোনো তথ্য পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস