--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীৰ পৰা আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ৷এজন কেব চালকে নতুন দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ চৰকাৰী বাসগৃহৰ বেৰত খুন্দা মাৰি বেৰৰ এটা অংশ ভাঙি পেলায়। এই ঘটনাৰ পাছত আৰক্ষীয়ে কেব চালকজনক আটক কৰে, আৰু পৰৱৰ্তী সময়ত চোৰাংচোৱা সংস্থাই দীঘলীয়া জেৰা কৰি চালকজনক মুকলি কৰি দিয়ে।

উল্লেখযোগ্য যে,কিৰেণ ৰিজিজু দিল্লীৰ কৃষ্ণ মেনন মাৰ্গত অৱস্থিত চৰকাৰী বাংলোত থাকে। বুধবাৰে তীব্ৰবেগী কেব এখন তেওঁৰ বাংলোৰ বেৰত খুন্দা মৰাৰ ফলত দেৱালৰ এটা অংশ ভাঙি যায়। লাভ কৰা তথ্য অনুসৰি কেব চালক ৰহিম খান নুহৰ বাসিন্দা। তেওঁ কয় যে এখন বাছে তেওঁৰ কেবৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, যাৰ বাবে তেওঁ বেৰত খুন্দা মাৰে। স্মৰ্তব্য যে কেব চালক ৰহিম খান পৰিয়ালৰ সৈতে নুহলৈ গৈ আছিল।

কেব চালকজনে জেৰাৰ সময়ত কয় যে তেওঁ পৰিয়ালৰ সৈতে গাড়ীৰে নুহলৈ গৈ আছিল। ইফালে এখন বাছে তেওঁৰ গাড়ীৰ সৈতে খুন্দা মৰাৰ ফলত কেবখনে ৰিজিজুৰ ঘৰৰ বেৰত খুন্দা মাৰে। এই ঘটনাৰ বাবেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত নিয়োজিত নিৰাপত্তাৰক্ষীৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক আহত হোৱাৰ কোনো তথ্য পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়