--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চনু ছুদ এজন অভিনেতা।  সামাজিকভাৱে অত্যন্ত দায়বদ্ধ এইগৰাকী অভিনেতা। মহামাৰী আৰু লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে তেওঁ কৰা কামৰ কথা সকলোৱে দেখিছে। কঠিন সময়ত সামাজিক দায়িত্ব পালনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে চনুৱে। তেতিয়াৰ পৰাই তেওঁক ‘মচীহা’ বুলি কোৱা হৈ আহিছে।

শেহতীয়াকৈ জয়পুৰৰ এখন ফাষ্ট ফুড চেণ্টাৰত দেখা গ’ল অভিনেতাজনক। দোকানখনৰ নাম ‘চনু ছুদ ফাষ্ট ফুড কৰ্ণাৰ’। মহামাৰী আৰু লকডাউনৰ সময়ত চনুৱে হাজাৰ হাজাৰ লোকক ঘৰলৈ উভতি আহি উপাৰ্জন কৰাত সহায় কৰিছিল। তাৰে এজন হৈছে জয়পুৰৰ বলৰাজ। অভিনেতাগৰাকীৰ সহযোগত বলৰাজে এখন ফাষ্ট ফুডৰ দোকান খুলিছিল। অভিনেতাগৰাকীৰ প্ৰতি কৃতজ্ঞতাৰ বাবেই দোকানখনৰ নাম ‘চনু ছুদ ফাষ্ট ফুড কৰ্ণাৰ’ ৰখা হৈছিল।

ছ’চিয়েল মিডিয়াৰ সহায়ত এই খবৰ চনুৰ ওচৰ পালেগৈ। তেওঁ প্ৰতিশ্ৰুতি দিলে যে এদিন নিশ্চয় সেই দোকানখনলৈ যাব। সেই অনুসৰি শনিবাৰে চনু বলৰাজৰ দোকানলৈ গ’ল। তালৈ গৈ নিজৰ নামৰ দোকানখন চাই অলপ আৱেগিক হৈ পৰিল অভিনেতাগৰাকী। লগতে তেওঁ ছ’চিয়েল মিডিয়াত দোকান আৰু দোকানৰ মালিক বলৰাজৰ ছবিও পোষ্ট কৰে।

ইনষ্টাগ্ৰামত চনুৱে লিখিছে- ''২ বছৰৰ পাছত এই দোকানখনলৈ অহাটো মোৰ সৌভাগ্য। আশা কৰোঁ বলৰাজজীয়ে অতি সোনকালে এখন পাঁচ তাৰকাযুক্ত হোটেল মুকলি কৰিব।''

স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকলেও এজন মানুহ হিচাপে অভিনেতাজনৰ এই উদাৰ মনোভাৱ দেখি আনন্দিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু