--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চনু ছুদ এজন অভিনেতা।  সামাজিকভাৱে অত্যন্ত দায়বদ্ধ এইগৰাকী অভিনেতা। মহামাৰী আৰু লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে তেওঁ কৰা কামৰ কথা সকলোৱে দেখিছে। কঠিন সময়ত সামাজিক দায়িত্ব পালনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে চনুৱে। তেতিয়াৰ পৰাই তেওঁক ‘মচীহা’ বুলি কোৱা হৈ আহিছে।

শেহতীয়াকৈ জয়পুৰৰ এখন ফাষ্ট ফুড চেণ্টাৰত দেখা গ’ল অভিনেতাজনক। দোকানখনৰ নাম ‘চনু ছুদ ফাষ্ট ফুড কৰ্ণাৰ’। মহামাৰী আৰু লকডাউনৰ সময়ত চনুৱে হাজাৰ হাজাৰ লোকক ঘৰলৈ উভতি আহি উপাৰ্জন কৰাত সহায় কৰিছিল। তাৰে এজন হৈছে জয়পুৰৰ বলৰাজ। অভিনেতাগৰাকীৰ সহযোগত বলৰাজে এখন ফাষ্ট ফুডৰ দোকান খুলিছিল। অভিনেতাগৰাকীৰ প্ৰতি কৃতজ্ঞতাৰ বাবেই দোকানখনৰ নাম ‘চনু ছুদ ফাষ্ট ফুড কৰ্ণাৰ’ ৰখা হৈছিল।

ছ’চিয়েল মিডিয়াৰ সহায়ত এই খবৰ চনুৰ ওচৰ পালেগৈ। তেওঁ প্ৰতিশ্ৰুতি দিলে যে এদিন নিশ্চয় সেই দোকানখনলৈ যাব। সেই অনুসৰি শনিবাৰে চনু বলৰাজৰ দোকানলৈ গ’ল। তালৈ গৈ নিজৰ নামৰ দোকানখন চাই অলপ আৱেগিক হৈ পৰিল অভিনেতাগৰাকী। লগতে তেওঁ ছ’চিয়েল মিডিয়াত দোকান আৰু দোকানৰ মালিক বলৰাজৰ ছবিও পোষ্ট কৰে।

ইনষ্টাগ্ৰামত চনুৱে লিখিছে- ''২ বছৰৰ পাছত এই দোকানখনলৈ অহাটো মোৰ সৌভাগ্য। আশা কৰোঁ বলৰাজজীয়ে অতি সোনকালে এখন পাঁচ তাৰকাযুক্ত হোটেল মুকলি কৰিব।''

স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকলেও এজন মানুহ হিচাপে অভিনেতাজনৰ এই উদাৰ মনোভাৱ দেখি আনন্দিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক