--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী নীনা গুপ্তা এগৰাকী বৰ্ণাঢ্য ব্যক্তিত্বশালী নাৰী। নতুন প্ৰজন্মই তেওঁৰ জীৱনক শ্ৰদ্ধা কৰে। প্ৰচলিত সামাজিক সংস্কাৰৰ বিপৰীতে যোৱা নীনাৰ জীৱনটো মসৃণ নহয়। ব্যক্তিগত জীৱনৰ কথাই হওক বা কেৰিয়াৰৰ কথাই হওক, তেওঁৰ মনত বহু আক্ষেপ জমা হৈ আছে।

শেহতীয়া এক সাক্ষাৎকাৰতো নীনাৰ মুখত আক্ষেপ প্ৰকাশ হৈছে। এইবাৰ প্ৰসিদ্ধ ছৱি পৰিচালক শ্যাম বেনেগালৰ ওপৰত তেওঁ আক্ষেপ প্ৰকাশ কৰিছে। শ্যামৰ পৰিচালনাত তিনিখন ছবিত অভিনয় কৰিছিল নীনাই। আশীৰ দশকৰ আৰম্ভণিৰ পৰা নব্বৈৰ দশকৰ আৰম্ভণিলৈকে ছবি তিনিখন হ’ল মাণ্ডী (১৯৮৩), ত্ৰিকল (১৯৮৫), আৰু সুৰজ কা সতোৱা ঘোৰা (১৯৯২)। কিন্তু প্ৰতিখন ছবিতে নীনাৰ কেমিঅ’ ৰ’ল আছিল।

নীনাই কয় যে তেওঁক কেতিয়াও কোনো গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে শ্যাম বেনেগালে বাছনি কৰা নাছিল। নীনাই কয় যে সেই সময়ত মুখ্য চৰিত্ৰত সুযোগ পোৱাটো কঠিন আছিল, সেয়া ব্যৱসায়িক ছবি হওক বা সমান্তৰাল ছবি হওক। নীনাৰ ভাষাত- "নিৰ্মাতাসকলে এনে মুখ বিচাৰিছিল, যাৰ বজাৰ মূল্য আছে। " এই প্ৰসংগত তেওঁ অভিনেত্ৰী শ্বাবানা আজমী আৰু স্মিতা পাটিলৰ নাম লয়।

নীনাই কয় যে সেই সময়ত বাণিজ্যিক ছবিৰ পৰিচালক-প্ৰযোজকসকলৰ ওচৰলৈ যোৱাৰ কোনো উপায় নাছিল। তেওঁৰ মতে, শ্বাবানা, স্মিতাই আন ধাৰাৰ ছবিসমূহত মুখ্য চৰিত্ৰ লাভ কৰিছিল। অলপ কম বাজেটৰ ছৱি হ’লে দীপ্তি নাভালে স্থান লাভ কৰিছিল।

"মোৰ কোনো সুযোগ নাছিল"- নীনাই ক'লে- ''শ্যামৰ ছবিতো মই এটা সৰু চৰিত্ৰ কৰিছিলো। তাতো পৰিস্থিতি ব্যৱসায়িক চিনেমাৰ দৰে আছিল। আচলতে ই ব্যৱসায়। তেওঁলোকে (পৰিচালক-প্ৰযোজক) বজাৰ মূল্য থকা মুখ বিচাৰিছিল।”

উল্লেখ্য যে বিগত কেইটামান দশকত নীনাই অগণন ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে। শেহতীয়াকৈ ৱেব ছিৰিজ মাছাবা মাছাবা (২০২০)ত তেওঁৰ কামেও দৰ্শকক আপ্লুত কৰিছিল।

এই বছৰো নীনা অভিনীত ‘মেট্ৰ’ ইন ডিনো’ ছবিখন মুক্তি লাভ কৰিভ। ছৱিখন পৰিচালনা অনুৰাগ বসুৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক