--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী নীনা গুপ্তা এগৰাকী বৰ্ণাঢ্য ব্যক্তিত্বশালী নাৰী। নতুন প্ৰজন্মই তেওঁৰ জীৱনক শ্ৰদ্ধা কৰে। প্ৰচলিত সামাজিক সংস্কাৰৰ বিপৰীতে যোৱা নীনাৰ জীৱনটো মসৃণ নহয়। ব্যক্তিগত জীৱনৰ কথাই হওক বা কেৰিয়াৰৰ কথাই হওক, তেওঁৰ মনত বহু আক্ষেপ জমা হৈ আছে।

শেহতীয়া এক সাক্ষাৎকাৰতো নীনাৰ মুখত আক্ষেপ প্ৰকাশ হৈছে। এইবাৰ প্ৰসিদ্ধ ছৱি পৰিচালক শ্যাম বেনেগালৰ ওপৰত তেওঁ আক্ষেপ প্ৰকাশ কৰিছে। শ্যামৰ পৰিচালনাত তিনিখন ছবিত অভিনয় কৰিছিল নীনাই। আশীৰ দশকৰ আৰম্ভণিৰ পৰা নব্বৈৰ দশকৰ আৰম্ভণিলৈকে ছবি তিনিখন হ’ল মাণ্ডী (১৯৮৩), ত্ৰিকল (১৯৮৫), আৰু সুৰজ কা সতোৱা ঘোৰা (১৯৯২)। কিন্তু প্ৰতিখন ছবিতে নীনাৰ কেমিঅ’ ৰ’ল আছিল।

নীনাই কয় যে তেওঁক কেতিয়াও কোনো গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে শ্যাম বেনেগালে বাছনি কৰা নাছিল। নীনাই কয় যে সেই সময়ত মুখ্য চৰিত্ৰত সুযোগ পোৱাটো কঠিন আছিল, সেয়া ব্যৱসায়িক ছবি হওক বা সমান্তৰাল ছবি হওক। নীনাৰ ভাষাত- "নিৰ্মাতাসকলে এনে মুখ বিচাৰিছিল, যাৰ বজাৰ মূল্য আছে। " এই প্ৰসংগত তেওঁ অভিনেত্ৰী শ্বাবানা আজমী আৰু স্মিতা পাটিলৰ নাম লয়।

নীনাই কয় যে সেই সময়ত বাণিজ্যিক ছবিৰ পৰিচালক-প্ৰযোজকসকলৰ ওচৰলৈ যোৱাৰ কোনো উপায় নাছিল। তেওঁৰ মতে, শ্বাবানা, স্মিতাই আন ধাৰাৰ ছবিসমূহত মুখ্য চৰিত্ৰ লাভ কৰিছিল। অলপ কম বাজেটৰ ছৱি হ’লে দীপ্তি নাভালে স্থান লাভ কৰিছিল।

"মোৰ কোনো সুযোগ নাছিল"- নীনাই ক'লে- ''শ্যামৰ ছবিতো মই এটা সৰু চৰিত্ৰ কৰিছিলো। তাতো পৰিস্থিতি ব্যৱসায়িক চিনেমাৰ দৰে আছিল। আচলতে ই ব্যৱসায়। তেওঁলোকে (পৰিচালক-প্ৰযোজক) বজাৰ মূল্য থকা মুখ বিচাৰিছিল।”

উল্লেখ্য যে বিগত কেইটামান দশকত নীনাই অগণন ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে। শেহতীয়াকৈ ৱেব ছিৰিজ মাছাবা মাছাবা (২০২০)ত তেওঁৰ কামেও দৰ্শকক আপ্লুত কৰিছিল।

এই বছৰো নীনা অভিনীত ‘মেট্ৰ’ ইন ডিনো’ ছবিখন মুক্তি লাভ কৰিভ। ছৱিখন পৰিচালনা অনুৰাগ বসুৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু