--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয়সকলে যৌনতাৰ বিষয়ে কথা পাতিবলৈ কিয় লাজ পায়, তাৰেই কাৰণ বিচাৰি এতিয়া হাবাথুৰি খাইছে  ৰণবীৰে সিঙে৷ ৰণবীৰ সিং সদায় স্পষ্টবাদী । সামাজিক বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিবলৈ তেওঁ  কোনোদিনে  দ্বিধাবোধ কৰা নাই।সেয়ে  তেওঁ যৌনতাৰ বিষয়ে স্পষ্ট মন্তব্য প্ৰকাশ কৰি কৰি বহুতকে  বিমোৰত পেলাইছে। 

উল্লেখ্য ৰণবীৰৰ  বিতৰ্কিত  ফটোশ্বুটে দেশত আলোড়ণৰ সৃষ্টি কৰিছিল। কিন্তু  যিমানেই  বিতৰ্কত জড়িত হয়, সিমানেই ৰণবীৰে তেওঁ যি ভাবে সেয়া কৰি দেখুৱায়।ৰণবীৰে আকৌ এবাৰ যৌনতাৰ বিষয়ে ভাৰতীয়সকলৰ  সংকোচকলৈ  প্ৰশ্ন কৰিছে। তেওঁ দীৰ্ঘদিন ধৰি এজন অভিনেতা হিচাপে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ অনুৰাগীসকলক মনোৰঞ্জন দিয়াত তেওঁ কোনো কাৰ্পণ্য কৰা  নাই। অভিনেতাজন কন্ডম মাৰ্কেটিং কোম্পানীৰ প্ৰচাৰত জড়িত  হোৱাৰ পিছৰে পৰাই বহুতৰে বাবে  এজন 'যৌন আইকন' হৈ আছে।

যৌনতাৰ বিষয়ে  অভিনেতাজনে কয়, "যৌনতা এটা অতি সুন্দৰ আৰু প্ৰাকৃতিক বস্তু। সকলোৱে যৌন সম্পৰ্ক বিচাৰে আৰু ই বেয়া বা লেতেৰা বস্তু নহয়। গতিকে এই ক্ষেত্ৰত সংস্কাৰৰ পিঞ্জৰাত বন্দী হৈ থকাৰ  কোনো কাৰণ নাই। "

যৌনতাৰ প্ৰতি অজ্ঞতা এই দেশৰ সমস্যা বুলিও তেওঁ কয়। অভিনেতাজনে এইবুলিও  প্ৰশ্ন কৰে  যে ভাৰতীয়সকলে যৌনতাৰ বিষয়ে কথা পাতিবলৈ কিয় লাজ পায়।

ৰণবীৰে কয় "ভাৰতীয়সকলে যৌনতাৰ বিষয়ে কিয় এনে  মানসিকতা লৈ আহিছে তাৰ কাৰণ বিচাৰি উলিয়াব লাগিব। মানুহে যৌনতাকলৈ কৌতুক কৰে, ইয়াক উপহাস কৰে, কিন্তু যেতিয়াই মুকলিকৈ কথা কোৱাৰ সময়  আহে, তেওঁলোকে চুপ  হৈ থাকে। যৌনতাৰ বিষয়ে এনে  ব্যাপক ভণ্ডামি বেয়া কথা । দেশৰ এক বৃহৎ অংশৰ মানুহে এতিয়াও যৌনতাক 'নিষিদ্ধ' বিষয় বুলিয়েই  গণ্য কৰে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু