--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয়সকলে যৌনতাৰ বিষয়ে কথা পাতিবলৈ কিয় লাজ পায়, তাৰেই কাৰণ বিচাৰি এতিয়া হাবাথুৰি খাইছে  ৰণবীৰে সিঙে৷ ৰণবীৰ সিং সদায় স্পষ্টবাদী । সামাজিক বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিবলৈ তেওঁ  কোনোদিনে  দ্বিধাবোধ কৰা নাই।সেয়ে  তেওঁ যৌনতাৰ বিষয়ে স্পষ্ট মন্তব্য প্ৰকাশ কৰি কৰি বহুতকে  বিমোৰত পেলাইছে। 

উল্লেখ্য ৰণবীৰৰ  বিতৰ্কিত  ফটোশ্বুটে দেশত আলোড়ণৰ সৃষ্টি কৰিছিল। কিন্তু  যিমানেই  বিতৰ্কত জড়িত হয়, সিমানেই ৰণবীৰে তেওঁ যি ভাবে সেয়া কৰি দেখুৱায়।ৰণবীৰে আকৌ এবাৰ যৌনতাৰ বিষয়ে ভাৰতীয়সকলৰ  সংকোচকলৈ  প্ৰশ্ন কৰিছে। তেওঁ দীৰ্ঘদিন ধৰি এজন অভিনেতা হিচাপে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ অনুৰাগীসকলক মনোৰঞ্জন দিয়াত তেওঁ কোনো কাৰ্পণ্য কৰা  নাই। অভিনেতাজন কন্ডম মাৰ্কেটিং কোম্পানীৰ প্ৰচাৰত জড়িত  হোৱাৰ পিছৰে পৰাই বহুতৰে বাবে  এজন 'যৌন আইকন' হৈ আছে।

যৌনতাৰ বিষয়ে  অভিনেতাজনে কয়, "যৌনতা এটা অতি সুন্দৰ আৰু প্ৰাকৃতিক বস্তু। সকলোৱে যৌন সম্পৰ্ক বিচাৰে আৰু ই বেয়া বা লেতেৰা বস্তু নহয়। গতিকে এই ক্ষেত্ৰত সংস্কাৰৰ পিঞ্জৰাত বন্দী হৈ থকাৰ  কোনো কাৰণ নাই। "

যৌনতাৰ প্ৰতি অজ্ঞতা এই দেশৰ সমস্যা বুলিও তেওঁ কয়। অভিনেতাজনে এইবুলিও  প্ৰশ্ন কৰে  যে ভাৰতীয়সকলে যৌনতাৰ বিষয়ে কথা পাতিবলৈ কিয় লাজ পায়।

ৰণবীৰে কয় "ভাৰতীয়সকলে যৌনতাৰ বিষয়ে কিয় এনে  মানসিকতা লৈ আহিছে তাৰ কাৰণ বিচাৰি উলিয়াব লাগিব। মানুহে যৌনতাকলৈ কৌতুক কৰে, ইয়াক উপহাস কৰে, কিন্তু যেতিয়াই মুকলিকৈ কথা কোৱাৰ সময়  আহে, তেওঁলোকে চুপ  হৈ থাকে। যৌনতাৰ বিষয়ে এনে  ব্যাপক ভণ্ডামি বেয়া কথা । দেশৰ এক বৃহৎ অংশৰ মানুহে এতিয়াও যৌনতাক 'নিষিদ্ধ' বিষয় বুলিয়েই  গণ্য কৰে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক