--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ গুজৰাটত আৰক্ষী আৰু নিৰ্বাচনী স্কোৱাডৰ তালাচীৰ সময়ত মুঠ ২৭.২১ কোটি টকাৰ অবৈধ সুৰা আৰু ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। গুজৰাটৰ ৮৯ টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অবৈধ সুৰা আৰু ড্ৰাগছ জব্দ কৰাৰ ঘটনাই ৰাজ্য খনত যে অশুভ শক্তিয়ে ভোটাৰক বিভিন্ন ধৰণে প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছে তাকেই প্ৰমাণ  কৰিছে। 

গুজৰাটৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ কেইঘণ্টামান আগতে সন্ত্ৰাসবাদ বিৰোধী গোটে(এটিএছ) আৰু নিৰ্বাচন আয়োগৰ নিৰীক্ষণ দলে প্ৰায় ২৯০ কোটি টকাৰ অবৈধ সুৰা, ড্ৰাগছ আৰু নগদ ধন জব্দ কৰে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। 

উল্লেখ্য আজি  ৰাজ্যখনত দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰম পৰ্যায়ৰ ভোটগ্ৰহণ  আৰম্ভ হৈছে। ১৮২ খন আসনৰ ভিতৰত কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট জিলাৰ ৮৯ খন আসনত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। আজি ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব। দ্বিতীয় আৰু অন্তিম পৰ্যায়ত বাকী ৯৩  খন আসনত ৫ ডিচেম্বৰত ভোটগে্ৰহণ  অনুষ্ঠিত হ'ব। প্ৰথ পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে  নিৰ্বাচন আয়োগৰ এটা ভিজিলেন্স দলে ৰাজ্যখনত আৰক্ষী, আবকাৰী আৰু আয়কৰ বিভাগৰ কৰ্মচাৰীৰ সহায়ত  তালাচী অভিযান চলাইছিল।

গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাৰ একেধৰণৰ অভিযানত দক্ষিণ গুজৰাটৰ বৰোদা আৰু কাষৰীয়া অঞ্চলৰ পৰা লাখ লাখ লিটাৰ অবৈধ সুৰা জব্দ কৰা হয়। বৃহৎ পৰিমাণৰ ড্ৰাগছো জব্দ কৰা হৈছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ গুজৰাটত  তালাচীৰ সময়ত মুঠ ২৭.২১ কোটি টকাৰ অবৈধ সুৰা আৰু ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল। এইবাৰ এটা অভিযানত উদ্ধাৰ হোৱা ধন, সুৰা আৰু ড্ৰাছৰ পৰিমাণ পূৰ্বৰ নিৰ্বাচনতকৈ প্ৰায় ১০ গুণ বেছি। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক