--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ গুজৰাটত আৰক্ষী আৰু নিৰ্বাচনী স্কোৱাডৰ তালাচীৰ সময়ত মুঠ ২৭.২১ কোটি টকাৰ অবৈধ সুৰা আৰু ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। গুজৰাটৰ ৮৯ টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অবৈধ সুৰা আৰু ড্ৰাগছ জব্দ কৰাৰ ঘটনাই ৰাজ্য খনত যে অশুভ শক্তিয়ে ভোটাৰক বিভিন্ন ধৰণে প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছে তাকেই প্ৰমাণ  কৰিছে। 

গুজৰাটৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ কেইঘণ্টামান আগতে সন্ত্ৰাসবাদ বিৰোধী গোটে(এটিএছ) আৰু নিৰ্বাচন আয়োগৰ নিৰীক্ষণ দলে প্ৰায় ২৯০ কোটি টকাৰ অবৈধ সুৰা, ড্ৰাগছ আৰু নগদ ধন জব্দ কৰে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। 

উল্লেখ্য আজি  ৰাজ্যখনত দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰম পৰ্যায়ৰ ভোটগ্ৰহণ  আৰম্ভ হৈছে। ১৮২ খন আসনৰ ভিতৰত কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট জিলাৰ ৮৯ খন আসনত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। আজি ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব। দ্বিতীয় আৰু অন্তিম পৰ্যায়ত বাকী ৯৩  খন আসনত ৫ ডিচেম্বৰত ভোটগে্ৰহণ  অনুষ্ঠিত হ'ব। প্ৰথ পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে  নিৰ্বাচন আয়োগৰ এটা ভিজিলেন্স দলে ৰাজ্যখনত আৰক্ষী, আবকাৰী আৰু আয়কৰ বিভাগৰ কৰ্মচাৰীৰ সহায়ত  তালাচী অভিযান চলাইছিল।

গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাৰ একেধৰণৰ অভিযানত দক্ষিণ গুজৰাটৰ বৰোদা আৰু কাষৰীয়া অঞ্চলৰ পৰা লাখ লাখ লিটাৰ অবৈধ সুৰা জব্দ কৰা হয়। বৃহৎ পৰিমাণৰ ড্ৰাগছো জব্দ কৰা হৈছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ গুজৰাটত  তালাচীৰ সময়ত মুঠ ২৭.২১ কোটি টকাৰ অবৈধ সুৰা আৰু ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল। এইবাৰ এটা অভিযানত উদ্ধাৰ হোৱা ধন, সুৰা আৰু ড্ৰাছৰ পৰিমাণ পূৰ্বৰ নিৰ্বাচনতকৈ প্ৰায় ১০ গুণ বেছি। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু