--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা তেজাল কুকুৰা৷ দেখি জিভাৰ পৰা টোপা-টোপে পানী পৰিছিল চোৰৰ৷ সেয়ে হাতত সাৰে ভৰিত সাৰে চোৰ কাষ চাপিল কুকুৰাৰ৷ কুকুৰাটো ধৰিবলৈ চোৰে কুকুৰাটো ৰখা ডাঙৰ পিঞ্জৰাটোৰ ভিতৰত সোমাল৷ কিন্তু পিঞ্জৰাটোত সোমোৱাৰ লগে লগে খটকৈ শব্দ কৰি পিঞ্জৰাৰ দুৱাৰ বন্ধ হৈ গ’ল৷ বহু চেষ্টা কৰিও চোৰে পিঞ্জৰাটোৰ দুৱাৰ খন খুলিবলৈ সক্ষম নহ’ল৷ 

তেতিয়াহে যেন চোৰে বুজি পালে ঘটনাৰ ৰহস্য কি৷ দৰাচলতে যি স্থানলৈ চোৰে কুকুৰা চুৰি কৰিবলৈ গৈছিল সেই স্থানত যোৱা কিছুদিন ধৰি এটা নাহৰফুটুকী বাঘে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷ বাঘটোক ধৰিবলৈয়েই গাঁওবাসীৰ অনুৰোধত স্থানীয় বনবিভাগৰ কৰ্মীয়ে  এটা পিঞ্জৰা স্থাপন কৰিছিল৷ 

পিঞ্জৰাটোত বাঘক প্ৰলোভিত কৰিবলৈ এটা তেজাল কুকুৰা ৰাখি থোৱা হৈছিল৷ চোৰে এই কথাবোৰ আগতে জনা নাছিল৷ সেয়ে কুকুৰাৰ লোভ সামৰিব নোৱাৰি পোনে পোনে পিঞ্জৰাত সোমাই যায় আৰু আবদ্ধ হৈ পৰে৷ ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ এখন ভিতৰুৱা গাঁৱত ৷ 

আচল কথা ধৰিব পাৰি চোৰে ৰাইজক পিঞ্জৰাটোৰ পৰা তেওঁক মুকলি কৰি দিবলৈ কাকুতি-মিনতি কৰিবলৈ ধৰে৷ ঘটনাটোৰ এক ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ঘটনাটোৱে মানুহৰ মাজত হাঁহিৰ ৰোল তোলা পৰিলক্ষিত হৈছে৷ যিকিনহওঁক, গাওঁবাসীয়ে বাঘ ধৰিব নোৱাৰিলেও পিঞ্জৰাত এটা চোৰ ধৰিব পাৰি আনন্দিত হৈ পৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু