--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা তেজাল কুকুৰা৷ দেখি জিভাৰ পৰা টোপা-টোপে পানী পৰিছিল চোৰৰ৷ সেয়ে হাতত সাৰে ভৰিত সাৰে চোৰ কাষ চাপিল কুকুৰাৰ৷ কুকুৰাটো ধৰিবলৈ চোৰে কুকুৰাটো ৰখা ডাঙৰ পিঞ্জৰাটোৰ ভিতৰত সোমাল৷ কিন্তু পিঞ্জৰাটোত সোমোৱাৰ লগে লগে খটকৈ শব্দ কৰি পিঞ্জৰাৰ দুৱাৰ বন্ধ হৈ গ’ল৷ বহু চেষ্টা কৰিও চোৰে পিঞ্জৰাটোৰ দুৱাৰ খন খুলিবলৈ সক্ষম নহ’ল৷ 

তেতিয়াহে যেন চোৰে বুজি পালে ঘটনাৰ ৰহস্য কি৷ দৰাচলতে যি স্থানলৈ চোৰে কুকুৰা চুৰি কৰিবলৈ গৈছিল সেই স্থানত যোৱা কিছুদিন ধৰি এটা নাহৰফুটুকী বাঘে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷ বাঘটোক ধৰিবলৈয়েই গাঁওবাসীৰ অনুৰোধত স্থানীয় বনবিভাগৰ কৰ্মীয়ে  এটা পিঞ্জৰা স্থাপন কৰিছিল৷ 

পিঞ্জৰাটোত বাঘক প্ৰলোভিত কৰিবলৈ এটা তেজাল কুকুৰা ৰাখি থোৱা হৈছিল৷ চোৰে এই কথাবোৰ আগতে জনা নাছিল৷ সেয়ে কুকুৰাৰ লোভ সামৰিব নোৱাৰি পোনে পোনে পিঞ্জৰাত সোমাই যায় আৰু আবদ্ধ হৈ পৰে৷ ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ এখন ভিতৰুৱা গাঁৱত ৷ 

আচল কথা ধৰিব পাৰি চোৰে ৰাইজক পিঞ্জৰাটোৰ পৰা তেওঁক মুকলি কৰি দিবলৈ কাকুতি-মিনতি কৰিবলৈ ধৰে৷ ঘটনাটোৰ এক ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ঘটনাটোৱে মানুহৰ মাজত হাঁহিৰ ৰোল তোলা পৰিলক্ষিত হৈছে৷ যিকিনহওঁক, গাওঁবাসীয়ে বাঘ ধৰিব নোৱাৰিলেও পিঞ্জৰাত এটা চোৰ ধৰিব পাৰি আনন্দিত হৈ পৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement