--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত হাৰ্ট এটেকৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। বিশেষকৈ যুৱচামৰ মাজত ইয়াৰ প্ৰকোপ বেছিকৈ দেখিবলৈ পোৱা গৈছে। এনেবোৰ খবৰ সঘনাই শুনিবলৈ পোৱাৰ মাজতে পুনৰ আহিল এক শোকাৱহ খবৰ। জিমত ব্যায়াম কৰি থাকোতেই মৃত্যুমুখত পৰিল এগৰাকী আৰক্ষী কনিষ্টবল। এই শোকাবহ ঘটনাটো হায়দৰাবাদত সংঘটিত হৈছে।

জানিব পৰা মতে জিমত ব্যায়াম কৰি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এজন ২৪ বছৰীয়া আৰক্ষী কনিষ্টবলৰ মৃত্যু হয়। আচিফ নগৰ আৰক্ষী থানাৰ কনিষ্টবলগৰাকীৰ নাম বিশাল। বিশালে বৃহস্পতিবাৰে নিশা এটা জিমত ব্যায়াম কৰি আছিলে।
WATCH: Young Hyderabad policeman collapses during gym workout, dies
সেই সময়তে বিশাল হঠাতে মজিয়াত ঢলি পৰে। সমগ্ৰ ঘটনাটো চিচিটিভিৰ ফুটেজত ধৰা পৰে। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে বিশালে জিমত পুছ-আপ কৰি আছিল। পুছ-আপ শেষ কৰাৰ পাছত তেওঁৰ কাহ আৰম্ভ হয় আৰু তেওঁ আগলৈ হালি যায়।

তাৰপাছত বিশালে জিমৰ এটা সঁজুলিত ধৰি ৰৈ থাকিবলৈ চেষ্টা কৰে যদিও তেওঁ মাটিত বাগৰি পৰি যায়। লগে লগে জিমত উপস্থিত থকা অন্য লোক সকলে বিশালক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে বিশালক মৃত ঘোষণা কৰে। হৃদক্ৰিয়া বন্ধ হৈয়ে বিশালৰ মৃত হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু