--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত হাৰ্ট এটেকৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। বিশেষকৈ যুৱচামৰ মাজত ইয়াৰ প্ৰকোপ বেছিকৈ দেখিবলৈ পোৱা গৈছে। এনেবোৰ খবৰ সঘনাই শুনিবলৈ পোৱাৰ মাজতে পুনৰ আহিল এক শোকাৱহ খবৰ। জিমত ব্যায়াম কৰি থাকোতেই মৃত্যুমুখত পৰিল এগৰাকী আৰক্ষী কনিষ্টবল। এই শোকাবহ ঘটনাটো হায়দৰাবাদত সংঘটিত হৈছে।

জানিব পৰা মতে জিমত ব্যায়াম কৰি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এজন ২৪ বছৰীয়া আৰক্ষী কনিষ্টবলৰ মৃত্যু হয়। আচিফ নগৰ আৰক্ষী থানাৰ কনিষ্টবলগৰাকীৰ নাম বিশাল। বিশালে বৃহস্পতিবাৰে নিশা এটা জিমত ব্যায়াম কৰি আছিলে।
WATCH: Young Hyderabad policeman collapses during gym workout, dies
সেই সময়তে বিশাল হঠাতে মজিয়াত ঢলি পৰে। সমগ্ৰ ঘটনাটো চিচিটিভিৰ ফুটেজত ধৰা পৰে। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে বিশালে জিমত পুছ-আপ কৰি আছিল। পুছ-আপ শেষ কৰাৰ পাছত তেওঁৰ কাহ আৰম্ভ হয় আৰু তেওঁ আগলৈ হালি যায়।

তাৰপাছত বিশালে জিমৰ এটা সঁজুলিত ধৰি ৰৈ থাকিবলৈ চেষ্টা কৰে যদিও তেওঁ মাটিত বাগৰি পৰি যায়। লগে লগে জিমত উপস্থিত থকা অন্য লোক সকলে বিশালক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে বিশালক মৃত ঘোষণা কৰে। হৃদক্ৰিয়া বন্ধ হৈয়ে বিশালৰ মৃত হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক