--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কোনো প্ৰাণীৰ মৃত্যু হ'লে মানুহে অন্তৰত বহুত দুখ পায়। এয়া এনে এক নিবিড় বান্ধোন যে যিয়ে হেৰুৱাই সিহে অনুভৱ কৰিব পাৰে। এটা দুৰ্ভাগ্যজনক খবৰ পোহৰলৈ আহিছে। ঘৰৰ একুৰিয়ামৰ পোহনীয়া মাছৰ মৃত্যু হোৱাত এটি ল'ৰা ইমানেই দুখী হ'ল যে তেওঁ নিজৰ জীৱনেই শেষ কৰি দিলে। এই ঘটনা সংঘটিত হৈছে কেৰালাৰ মানাপ্পুৰামৰ চাংগাৰামকুলামত।

নিজৰ একুৰিয়ামৰ পোহনীয়া মাছৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি নিজৰেই জীৱন শেষ কৰি দিলে ১৩ বছৰীয়া ৰোশন মেনন নামৰ কিশোৰগৰাকীয়ে। নিজৰ ঘৰৰ চাদত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৰোশনৰ মৃতদেহ। 

ঘটনাটো সংঘটিত হোৱাৰ দিনা ৰোশনে ঘৰৰ চাদত কপৌক চাউল খুৱাই আছিল। এঘণ্টা পাৰ হৈ যোৱাৰ পাছতো ৰোশন তললৈ নামি নহাত পৰিয়ালৰ লোকে চাদৰ ওপৰলৈ বিচাৰি যায় আৰু ৰোশনক প্লাষ্টিকৰ ৰছীত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। লগে লগে পৰিয়ালৰ লোকে ৰোশনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ৰোশনক মৃত ঘোষণা কৰে চিকিৎসকে। 
വളർത്തുമീൻ ചത്തതിൽ മനംനൊന്ത് മലപ്പുറത്ത് 13കാരൻ ജീവനൊടുക്കി
ৰোশনে জীৱ-জন্তুক বহু মৰম কৰিছিল আৰু ঘৰতে এটা একুৰিয়াম ৰাখি মাছ পুহিছিল। কিছুদিন আগতে তেওঁৰ একুৰিয়ামৰ মাছ মৰি গৈছিল আৰু তেতিয়াৰ পৰাই ল’ৰাটো হতাশ হৈ পৰিছিল আৰু মন মাৰি আছিল। উল্লেখ্য যে মুকুথালা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল ৰোশন মেনন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক