--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে চতুৰ্থখন টেষ্ট খেলিছে। দলটোত আছে বিৰাট কোহলী, ৰবিচন্দ্ৰন অশ্বিন। চতুৰ্থ টেষ্টত এই দুই ভাৰতীয় ক্ৰিকেটাৰে কেইবাটাও অভিলেখ গঢ়িবলৈ সাজু হৈছে। কোহলীয়ে যেনেকৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰক অতিক্ৰম কৰাৰ সুযোগ পাইছে, তেনেদৰে অশ্বিনেও উইকেটৰ ক্ষেত্ৰত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক অতিক্ৰম কৰাৰ সুযোগ পাইছে।

যোৱা তিনিখন মেচত কোহলীয়ে বেছি ৰান কৰিব পৰা নাছিল। কিন্তু এই মেচত যদি তেওঁ আৰু ৪২ ৰান কৰে তেন্তে তেওঁ দেশৰ মাটিত টেষ্টত ৪০০০ ৰান সংগ্ৰহৰ নজিৰ গঢ়ি তুলিব। ভাৰতৰ শচীন টেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, সুনীল গাওস্কাৰ আৰু বীৰেন্দ্ৰ ছেহৱাগৰ আছে এই কৃতিত্ব। এই টেষ্টত যদি কোহলীয়ে ৪২ ৰান কৰিব পাৰে তেন্তে তেওঁ হ’ব তৃতীয় সৰ্বাধিক বেটছমেন ভাৰতীয় বেটছমেন। দ্ৰাবিদ আৰু গাওস্কাৰ পাছ পেলাব। বাকীসকলতকৈ কোহলীৰ গড় (৫৮) যথেষ্ট বেছি।

আনহাতে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ উইকেট দখল কৰিবলৈ অশ্বিনক আৰু ১০টা উইকেটৰ প্ৰয়োজন। ৩৬ বছৰীয়া স্পিনাৰগৰাকীয়ে এই পৰ্যন্ত ৪৬৭টা টেষ্ট উইকেট দখল কৰিছে। এদিনীয়াত তেওঁ ১৫১টা আৰু টি-২০ত ৭২টা উইকেট দখল কৰিছে। এই প্ৰতিবেদন লিখালৈকে তেওঁ প্ৰথম ইনিংছত এটা উইকেট দখল কৰিছে। অৰ্থাৎ আৰু ৯টা উইকেট বাকী আছে।

ইয়াৰ উপৰিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰৰ তালিকাত এতিয়া অনিল কুম্বলে শীৰ্ষস্থান দখল কৰিছে। অশ্বিনক অভাৰটেক কৰিবলৈ আৰু তিনিটা উইকেটৰ প্ৰয়োজন। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কুম্বলে ১১১টা উইকেট দখল কৰে। এই পৰ্যন্ত অশ্বিনৰ ১০৯টা উইকেট আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ