--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচী চলি থকাৰ সময়ত মণিপুৰৰ কুকি অথবা মেইটেই সংগঠনে প্ৰতিবাদ কৰিব পাৰে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে এই সতৰ্কবাণী শুনাইছে। চোৰাংচোৱা সংস্থাসমূহে ইয়াৰ লগতে এই বুলি সতৰ্ক কৰি দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ দিয়াৰ সময়ত কিছুমান চৰকাৰ-বিৰোধী শক্তিয়ে পতাকা আৰু প্লেকাৰড প্ৰদৰ্শন কৰাৰ লগতে শ্ল'গানো দিব পাৰে। 

উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ নিৰাপত্তাৰ অন্য প্ৰস্তুতিৰ বিষয়ে অনুষ্ঠিত এখন বৈঠকত সম্ভাব্য নিৰাপত্তা ভাবুকিৰ বিষয়ে আলোচনা কৰা হৈছিল। বৈঠক এছপিজি. চিআইএছএফ, দিল্লী পুলিচ আৰু ৰেলৱে প্রটেকশান ফ'ৰ্চৰ বিষয়াসকলে অংশগ্রহণ কৰিছিল। বৈঠকত এজন বিষয়াই এই বুলি মত প্ৰকাশ কৰে যে স্বাধীনতা দিৱসৰ এমাহতকৈও কম সময়ৰ ভিতৰত জি-২০ শীর্ষ সন্মিলন অনুষ্ঠিত হ'ব। 

এনে অৱস্থাত স্বাধীনতা দিবসৰ সময়ছোৱাত ঘটা যিকোনো কুটাঘাতমূলক কার্যই শীৰ্ষ সন্মিলনৰ প্ৰস্তুতিত প্রভাৱ পেলাব পাৰে আৰু বিদেশতো ভাৰতৰ ভাৱমূৰ্ত্তিত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা আছে। চোৰাংচোৱা বিষয়াসকলে বৈঠকত এই কথা আঙুলিয়াই দিয়ে যে বিভিন্ন সংগঠনে তেওঁলোকৰ দাবীসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে পূৰ্বতে গুৰুত্বপূৰ্ণ অনুষ্ঠান/কার্যসূচী চলি থকাৰ সময়ত প্ৰতিবাদ কৰাৰ নজিৰ আছে। 

এজন বিষয়াই কয় যে এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী চলি থকাৰ সময়ত মণিপুৰৰ পৰিস্থিতি, কৃষকৰ দাবী, উমৈহতীয়া দেৱানী সংহিতাৰ উপৰি শ্ৰম/সেৱাৰ সৈতে বিষয়বোৰ নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা চিন্তনীয় বুলি বিবেচিত হৈছে। আন এজন বিষয়াই এই বুলি কয় যে নিৰাপত্তাৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী পুলিচ আৰু নিৰাপত্তা সংস্থাসমূহে প্রতিবাদ আৰু বিক্ষোভ প্ৰদৰ্শনৰ সম্পৰ্কত প্ৰকৃত আৰু শেহতীয়া তথ্যৰ আদান-প্ৰদান কৰিব লাগে। ইয়াৰ লগতে চুবুৰীয়া ৰাজ্যৰ পৰা সম্ভাব্য প্ৰতিবাদকাৰীয়ে যাতে দিল্লীত প্রবেশ কৰিব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহৰ আৰক্ষী বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিব লাগে। 

কেন্দ্ৰীয় নিৰাপত্তা চোৰাংচোৱা সংস্থাসমূহে ছ'চিয়েল মিডিয়াৰ প্ৰতিও সতর্ক দৃষ্টি ৰাখিবলৈ জনাইছে। ছ'চিয়েল মিডিয়াক জনসাধাৰণৰ আন্দোলন আৰু একগোট কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু বিশিষ্ট ব্যক্তিক ভাবুকি দিবলৈ ব্যৱহাৰ কৰা হয় বুলি তেওঁলোকে সতৰ্ক কৰি দিয়ে। ইফালে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত নিৰাপত্তা ব্যৱস্থা অতি কঠোৰ কৰা হৈছে। ৰাজধানী দিল্লীত প্ৰৱেশ কৰা সকলো গাড়ীৰে তন্ন তন্নকৈ তালাচী লোৱা হৈছে। দিল্লীলৈ গাখীৰ, শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনকো নিৰাপত্তা তালাচী চলোৱাৰ পাছতহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে। আজিৰ পৰা দিল্লীৰ সীমান্ত ছীল কৰি দিয়া হৈছে। 

এক কথাত দিল্লীক এটা দুৰ্গলৈ পৰিণত কৰা হৈছে। দিল্লীৰ অভ্যন্তৰৰ নিৰাপত্তাৰ দায়িত্ব এছ পি জিয়ে চম্ভালি লৈছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি ভাষণ দিবলগীয়া লালকিল্লাত এন এছ জিৰ কমাণ্ডো মোতায়েন কৰা হৈছে। আকাশ মাৰ্গৰ নিৰাপত্তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাধীনতা দিৱসৰ সময়ত যাতে দুষ্কৃতিকাৰীয়ে ড্ৰনেৰে আক্ৰমণ কৰিব নোৱাৰে, তাৰ প্ৰতি সতর্ক দৃষ্টি ৰখা হৈছে আৰু ড্ৰন প্ৰতিৰোধী লাডাৰ স্থাপন কৰা হৈছে। সেনাৰ হেলিকপ্টাৰেৰে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কমাণ্ডোৱে আকাশৰ পৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চকু ৰাখিব। 

আনহাতে লালকিল্লাৰ চৌপাশৰ পথসমূহ সেই দিনা পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ বন্ধ থাকিব। লালকিল্লাৰ চৌদিশে আজি নিশাৰ পৰা দিল্লী পুলিচ, অৰ্ধসামৰিক বাহিনী আৰু সেনাৰ জোৱানে পহৰা দিব। ইয়াৰ লগতে দিল্লীৰ সকলো স্পৰ্শকাতৰ এলেকাত নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰা হৈছে। ইফালে লালকিল্লাৰ ভিতৰ আৰু বাহিৰত থকা ঘৰ তথা গছসমূহৰ সাংকেতিক ক’ডিঙৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰায় ৩ হাজাৰ সুৰক্ষা পইণ্ট স্থাপন কৰা হৈছে। ইয়াৰ পৰা বিশেষ কমাণ্ডোৱে সতর্ক দৃষ্টি ৰাখিব। উল্লেখযোগ্য যে এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে লালকিল্লালৈ অহা অতিথিসকলক ফুল ছটিয়াই আদৰণি জনোৱা নহয়। লালকিল্লাৰ নিৰাপত্তাৰ দায়িত্বত প্ৰায় ১০ হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰ লগতে প্ৰায় ১০০০ ফেচ স্ক্ৰীনিং কেমেৰা লগোৱা হৈছে। এইবাৰ লালকিল্লাৰ প্ৰাচীৰ ফুলেৰে সজোৱা নহয় বুলি জানিব পৰা গৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement