--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে ছিমলাত। বৰষুণৰ বাবেই ছিমলাৰ এটা   মন্দিৰ খহি পৰাৰ ফলত ছিমলাত কমেও নজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। সোমবাৰে পুৱা ছিমলাৰ ছামাৰ হিলত দুৰ্ঘটনাটো সংঘটিত হয় । ছামাৰ হিলৰ শিৱ মন্দিৰৰ এটা অংশ হঠাতে খহি পৰে। সেই সময়ত মন্দিৰটোত  বহুতো দৰ্শনাৰ্থীয়ে ভিৰ কৰিছিল।  খহি পৰা কংক্ৰিটৰ আঘাতত  বহু কেইগৰাকী ভক্তৰ মৃত্যু ঘটে।  

সোমবাৰে  পুৱা দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত শিৱ মন্দিৰটোৰ ভিতৰত  কমেও ৫০ জন লোক আছিল। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে টুইট যোগে ঘটনাটোত দুখ প্ৰকাশ কৰিছে। এতিয়ালৈকে নটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বহু লোক  ধ্বংসাৱশেষৰ তলতআবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। 

ছিমলাত যোৱা ৪৮ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে।   হিমাচল প্ৰদেশৰ ডাৱৰ বিস্ফোৰণৰ ফলত চোলানত সাতজন লোক নিহত হয়। দেওবাৰে নিশা চোলানৰ জাদন গাঁৱত দুৰ্ঘটনাটো সংঘটিত হৈছে। যোৱা কেইদিনমানত হিমাচল প্ৰদেশত বৰষুণৰ ফলত মৃত্যুৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে।

কেৱল ছিমলাই নহয়, সমগ্ৰ হিমাচল প্ৰদেশত বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ভূমিস্খলন হৈছে। বহু  ৰাস্তা বন্ধ কৰি দিয়া হৈছে। বৰষুণৰ বাবে ৰাজ্যখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান  বন্ধ ৰখা হৈছে। ৰাজ্য খনত বহু  পৰ্যটক আৱদ্ধ হৈ পৰিছে। স্থানীয় বতৰ বিজ্ঞান বিভাগৰ মতে হিমাচল প্ৰদেশত ১৭ আগষ্টলৈকে বৰষুণ  অব্যাহত থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস