--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে ছিমলাত। বৰষুণৰ বাবেই ছিমলাৰ এটা   মন্দিৰ খহি পৰাৰ ফলত ছিমলাত কমেও নজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। সোমবাৰে পুৱা ছিমলাৰ ছামাৰ হিলত দুৰ্ঘটনাটো সংঘটিত হয় । ছামাৰ হিলৰ শিৱ মন্দিৰৰ এটা অংশ হঠাতে খহি পৰে। সেই সময়ত মন্দিৰটোত  বহুতো দৰ্শনাৰ্থীয়ে ভিৰ কৰিছিল।  খহি পৰা কংক্ৰিটৰ আঘাতত  বহু কেইগৰাকী ভক্তৰ মৃত্যু ঘটে।  

সোমবাৰে  পুৱা দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত শিৱ মন্দিৰটোৰ ভিতৰত  কমেও ৫০ জন লোক আছিল। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে টুইট যোগে ঘটনাটোত দুখ প্ৰকাশ কৰিছে। এতিয়ালৈকে নটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বহু লোক  ধ্বংসাৱশেষৰ তলতআবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। 

ছিমলাত যোৱা ৪৮ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে।   হিমাচল প্ৰদেশৰ ডাৱৰ বিস্ফোৰণৰ ফলত চোলানত সাতজন লোক নিহত হয়। দেওবাৰে নিশা চোলানৰ জাদন গাঁৱত দুৰ্ঘটনাটো সংঘটিত হৈছে। যোৱা কেইদিনমানত হিমাচল প্ৰদেশত বৰষুণৰ ফলত মৃত্যুৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে।

কেৱল ছিমলাই নহয়, সমগ্ৰ হিমাচল প্ৰদেশত বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ভূমিস্খলন হৈছে। বহু  ৰাস্তা বন্ধ কৰি দিয়া হৈছে। বৰষুণৰ বাবে ৰাজ্যখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান  বন্ধ ৰখা হৈছে। ৰাজ্য খনত বহু  পৰ্যটক আৱদ্ধ হৈ পৰিছে। স্থানীয় বতৰ বিজ্ঞান বিভাগৰ মতে হিমাচল প্ৰদেশত ১৭ আগষ্টলৈকে বৰষুণ  অব্যাহত থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী