--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  টি-২০ বিশ্বকাপৰ পৰা  ভাৰত বাহিৰ হোৱাৰ পিছতে  ৰোহিত শৰ্মাৰ অধিনায়কত্বকলৈ বিভিন্ন জনৰ মাজত প্ৰশ্নৰ উদ্ৰেক ঘটিছিল।টি-২০ বিশ্বকাপত ভাৰতৰ বিপৰ্যয়ৰ পিছত   বহুতে ৰোহিত শৰ্মাক টি-২০ ফৰ্মেটৰ অধিনায়কত্বৰ পৰা আঁতৰ কৰাৰো  দাবী জনাইছিল। তেওঁৰ ঠাইত   হাৰ্দিক পাণ্ডিয়াকক টি-২০ ফৰ্মেটৰ পূৰ্ণ-সময়ৰ অধিনায়ক বনোৱা উচিত বুলি বহুতে মন্তব্য কৰিছিল। হাৰ্দিক পাণ্ডিয়া এই ক্ষেত্ৰত ভালে খিনি আগুৱাই আছিল।

 টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলটোৱে  নিউজিলেণ্ড ভ্ৰমণ কৰিছে । হাৰ্ডিক পাণ্ডিয়াই ৰোহিত আৰু ৰাহুলে বিশ্ৰামত থকাৰ বাবে  এই শৃংখলাটোত ভাৰতীয় দলটোক নেতৃত্ব দিছে। হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বতে  উক্ত ভাৰতে টি-২০ শৃংখলা ১-০ত জিকিবলৈ সক্ষম হৈছিল।

তেতিয়াৰে পৰা হাৰ্দিক পাণ্ডিয়াক টি-২০ ফৰ্মেটত অধিনায়ক কৰাৰ দাবী শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে। কিন্তু এই মুহূৰ্তত, ভাৰতীয় দলত দুজন ক্ৰিকেটাৰ আছে যিয়ে হাৰ্দিক পাণ্ডিয়াৰ টি-২০ অধিনায়ক হোৱাৰ সপোন থানবান কৰি দিব পাৰে। তেওঁলোক কোন? ক্ৰীড়া বিশ্লেষকসকলৰ মতে সেই দুগৰাকী ক্ৰিকেটাৰ হৈছে ক্ৰমে  কে এল ৰাহুল আৰু ঋষভ পন্ত।

কে এল ৰাহুলঃ কে এল ৰাহুল ভাৰতীয় টি-২০ দলৰ অধিনায়কত্বৰ মুখ্য দাবীদাৰ হ'বলৈ গৈ আছে। এই মুহূৰ্তত তেওঁ ভাৰতীয় দলৰ উপ-অধিনায়কৰ দায়িত্বত আছে। তেওঁৰ দীৰ্ঘদিন ধৰি আই পি এলৰ নেতৃত্ব দিয়াৰ অভিজ্ঞতাও আছে। ৰাহুলে ভাৰতীয় দলটোক কেইবাবাৰো নেতৃত্ব দিছে। এনে পৰিস্থিতিত নিৰ্বাচকসকলে ৰাহুলক ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাবে বিবেচনা কৰাৰ সম্ভাৱনা অধিক বুলি বহুতে ধাৰণা কৰিছে।  

ঋষভ পন্তঃ ঋষভ পন্তো ভাৰতীয় টি-২০ দলৰ অধিনায়ক পদৰ  দাবী হৈ উঠিব পাৰে। ঋষভ পন্তে দীৰ্ঘদিন ধৰি আই পি এলত অধিনায়কত্ব কৰি আহিছে। ঋষভ পন্তৰ নেতৃত্বত দিল্লী কেপিটেলছে আই পি এল ট্ৰফী জিকিব নোৱাৰিলেও  ভাল প্ৰদৰ্শন কৰিছে। ফলস্বৰূপে নিৰ্বাচকসকলে ঋষভ পন্তৰ নামো এজন যুৱ অধিনায়ক হিচাবে বিবেচনা কৰিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে