--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  টি-২০ বিশ্বকাপৰ পৰা  ভাৰত বাহিৰ হোৱাৰ পিছতে  ৰোহিত শৰ্মাৰ অধিনায়কত্বকলৈ বিভিন্ন জনৰ মাজত প্ৰশ্নৰ উদ্ৰেক ঘটিছিল।টি-২০ বিশ্বকাপত ভাৰতৰ বিপৰ্যয়ৰ পিছত   বহুতে ৰোহিত শৰ্মাক টি-২০ ফৰ্মেটৰ অধিনায়কত্বৰ পৰা আঁতৰ কৰাৰো  দাবী জনাইছিল। তেওঁৰ ঠাইত   হাৰ্দিক পাণ্ডিয়াকক টি-২০ ফৰ্মেটৰ পূৰ্ণ-সময়ৰ অধিনায়ক বনোৱা উচিত বুলি বহুতে মন্তব্য কৰিছিল। হাৰ্দিক পাণ্ডিয়া এই ক্ষেত্ৰত ভালে খিনি আগুৱাই আছিল।

 টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলটোৱে  নিউজিলেণ্ড ভ্ৰমণ কৰিছে । হাৰ্ডিক পাণ্ডিয়াই ৰোহিত আৰু ৰাহুলে বিশ্ৰামত থকাৰ বাবে  এই শৃংখলাটোত ভাৰতীয় দলটোক নেতৃত্ব দিছে। হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বতে  উক্ত ভাৰতে টি-২০ শৃংখলা ১-০ত জিকিবলৈ সক্ষম হৈছিল।

তেতিয়াৰে পৰা হাৰ্দিক পাণ্ডিয়াক টি-২০ ফৰ্মেটত অধিনায়ক কৰাৰ দাবী শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে। কিন্তু এই মুহূৰ্তত, ভাৰতীয় দলত দুজন ক্ৰিকেটাৰ আছে যিয়ে হাৰ্দিক পাণ্ডিয়াৰ টি-২০ অধিনায়ক হোৱাৰ সপোন থানবান কৰি দিব পাৰে। তেওঁলোক কোন? ক্ৰীড়া বিশ্লেষকসকলৰ মতে সেই দুগৰাকী ক্ৰিকেটাৰ হৈছে ক্ৰমে  কে এল ৰাহুল আৰু ঋষভ পন্ত।

কে এল ৰাহুলঃ কে এল ৰাহুল ভাৰতীয় টি-২০ দলৰ অধিনায়কত্বৰ মুখ্য দাবীদাৰ হ'বলৈ গৈ আছে। এই মুহূৰ্তত তেওঁ ভাৰতীয় দলৰ উপ-অধিনায়কৰ দায়িত্বত আছে। তেওঁৰ দীৰ্ঘদিন ধৰি আই পি এলৰ নেতৃত্ব দিয়াৰ অভিজ্ঞতাও আছে। ৰাহুলে ভাৰতীয় দলটোক কেইবাবাৰো নেতৃত্ব দিছে। এনে পৰিস্থিতিত নিৰ্বাচকসকলে ৰাহুলক ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাবে বিবেচনা কৰাৰ সম্ভাৱনা অধিক বুলি বহুতে ধাৰণা কৰিছে।  

ঋষভ পন্তঃ ঋষভ পন্তো ভাৰতীয় টি-২০ দলৰ অধিনায়ক পদৰ  দাবী হৈ উঠিব পাৰে। ঋষভ পন্তে দীৰ্ঘদিন ধৰি আই পি এলত অধিনায়কত্ব কৰি আহিছে। ঋষভ পন্তৰ নেতৃত্বত দিল্লী কেপিটেলছে আই পি এল ট্ৰফী জিকিব নোৱাৰিলেও  ভাল প্ৰদৰ্শন কৰিছে। ফলস্বৰূপে নিৰ্বাচকসকলে ঋষভ পন্তৰ নামো এজন যুৱ অধিনায়ক হিচাবে বিবেচনা কৰিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক