--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো ধৰণৰ নিচাক ইছলামত ‘হাৰাম’ বুলি উল্লেখ কৰা হৈছে। গতিকে চৌদি আৰৱত মদ নিষিদ্ধ। কিন্তু সেই দেশত বহু অমুছলমান লোকে বাস কৰে। ছৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন ছালমানে তেওঁলোকক মনত ৰাখি দেশৰ ৰাজধানী ৰিয়াদত এই প্ৰথমখন সুৰাৰ দোকান খুলিবলৈ সিদ্ধান্ত লৈছে। কিন্তু অমুছলমান কূটনীতিবিদেহে সুৰাৰ দোকানৰ পৰা সুৰা কিনিব পাৰিব। এই সন্দৰ্ভত বুধবাৰে এক বিবৃতি জাৰি কৰা হয়।

সেই বিবৃতি অনুসৰি মদ কিনিব বিচাৰিলে সেই দেশৰ চৰকাৰে দিয়া নিৰ্দিষ্ট মোবাইল এপটোত গৈ নাম পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পিছত ক্লিয়াৰেন্স ক’ড আহিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা। অমুছলমান কূটনীতিবিদসকলে সেই ক’ড পালেহে নিৰ্দিষ্ট পৰিমাণৰ মদ কিনিব পাৰিব। জনা গৈছে যে ৰিয়াধ চহৰৰ যি অঞ্চলত কূটনীতিবিদৰ যাতায়ত বেছি, য’ত বিভিন্ন দেশৰ দূতাবাস আছে, সেই অঞ্চলত সুৰাৰ দোকানখন মুকলি কৰা হ’ব। সূত্ৰ অনুসৰি কেইসপ্তাহমানৰ পিছত মুকলি হ’ব ষ্ট’ৰটো।

চৌদি আৰৱৰ দৰে অতি ৰক্ষণশীল, মুছলমান সংখ্যাগৰিষ্ঠ দেশত মদ খোৱাটো অপৰাধ। মদ্যপান ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। মদত বিশ্বাসী ব্যক্তিক কঠোৰ শাস্তি দিয়াটো ইছলামত প্ৰথা। গোপনে মদ খোৱা লোককো দেশৰ পৰা খেদি পঠিওৱাৰ কথা শুনা যায়। তথাপিও বিদেশী অমুছলমান কূটনীতিবিদসকলে গোপনে, ক’লা বজাৰৰ পৰা মদ কিনিছিল। সেই দেশত এনে পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়।

বিশ্বাস কৰা হয় যে যুৱৰাজৰ এই সিদ্ধান্ত ব্যৱসায় আৰু পৰ্যটনক উন্নীত কৰা। কিন্তু অমুছলমান সাধাৰণ নাগৰিকে সেই দোকানৰ পৰা সুৰা কিনিব পাৰিব নে নোৱাৰে সেই কথা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ