--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ ধনী ৰাজনীতিবিদ কোন? ইয়াৰ ওপৰত জল্পনা-কল্পনা আৰু উৰাবাতৰি বহুদিনৰ পৰাই চলি আহিছে। বিভিন্ন সমীক্ষাত দেখা গৈছে যে কিছুমান বিশেষ ৰাজনীতিবিদৰ সম্পত্তিৰ পৰিমাণ সৰ্বাধিক। এনে এটা সূত্ৰই কয় যে বিশ্বৰ “আটাইতকৈ ধনী” ৰাজনীতিবিদ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। চৰকাৰী হিচাপ অনুসৰি পুটিনৰ বাৰ্ষিক দৰমহা ১ লাখ ৪০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১১.৭ লাখ টকা)।

কাগজে কলমে পুটিনৰ সম্পত্তিৰ ভিতৰত আছে ৮০০ বৰ্গফুটৰ এপাৰ্টমেণ্ট, ট্ৰেইলাৰ (ডাঙৰ ট্ৰাক) আৰু তিনিখন গাড়ী। কিন্তু বিভিন্ন খবৰ অনুসৰি পুটিনৰ সম্পত্তি আকাশলংঘী। জীৱন যাপনো বিলাসী। পুটিনৰ সম্পত্তিৰ বিষয়েও বহু উৰাবাতৰি প্ৰচাৰ হৈছে। ফৰ্বছৰ ‘সৰ্বাধিক শক্তিশালী লোক’ৰ তালিকাত আছে পুটিনৰ নাম। ৰাজনৈতিক উদ্দেশ্যত পুটিনৰ ধন-সম্পত্তিক বহু পৰিমাণে কম বুলি কোৱাৰ পিছতো পুটিনৰ পানামাৰ বেংক একাউণ্ট, তেওঁৰ আড়ম্বৰপূৰ্ণ জীৱনশৈলী আৰু খৰচৰ ধুমুহাই তেওঁৰ ধন-সম্পত্তিৰ কথা উন্মোচন কৰে। ৰাছিয়াৰ এক সূত্ৰৰ উদ্ধৃতি দি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে পুটিনৰ ব্যক্তিগত সম্পত্তি ২০ বিলিয়ন ডলাৰ। খবৰ অনুসৰি নব্বৈৰ দশকৰ এজন বিশিষ্ট বিনিয়োগকাৰীয়ে এই দাবী কৰিছিল। তেওঁৰ এই দাবীয়ে পুটিনৰ সম্পত্তিক লৈ দীৰ্ঘদিনীয়া ৰহস্য আৰু গভীৰ কৰি তুলিছিল।

খবৰ অনুসৰি পুটিনৰ সকলো সম্পত্তিৰ ভিতৰত আটাইতকৈ মূল্যৱান হৈছে ব্লেক ছিৰ পাৰত আৰু পাহাৰত থকা এটা অট্টালিকা। এই ৰাজপ্ৰসাদটোক ‘পুটিনৰ কান্ট্ৰী কটেজ’ বুলি জনা যায়। ১৭ হাজাৰ ৬৯১ বৰ্গমিটাৰ এই ৰাজপ্ৰসাদটোৰ আয়তন। ৰাজপ্ৰসাদটোত কেচিনো, আঙুৰৰ বাগিচাৰ পৰা আৰম্ভ কৰি গীৰ্জালৈকে সকলো আছে, আনকি নিজা বন্দৰও আছে। এই ৰাজপ্ৰসাদটো এখন সুকীয়া চহৰৰ দৰে। বিভিন্ন খবৰ অনুসৰি গ্ৰীক দেৱতাৰ প্ৰতিমূৰ্তিৰে সজোৱা এই ৰাজপ্ৰসাদটোত মাৰ্বলৰ চুইমিং পুল, এম্ফিথিয়েটাৰ, অত্যাধুনিক আইচ-হকী ৰিং, কেচিনো আনকি নাইট ক্লাবও আছে। পুটিনৰ ৰাজপ্ৰসাদৰ ভিতৰৰ আচবাবৰ মূল্য ৫ কোটি ডলাৰ। কেৱল পানীয়ৰ বাবে ৫৪ হাজাৰ ডলাৰৰ টেবুল সহ। ৰাজপ্ৰসাদৰ ভিতৰৰ শৌচাগাৰবোৰো বিলাসী সামগ্ৰীৰে ভৰি আছে। শৌচাগাৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ যি ব্ৰাছ ব্যৱহাৰ কৰা হয়, তাৰ মূল্য প্ৰায় লাখ লাখ টকা। ইটালীৰ পৰা অনা ব্ৰাছৰ উপৰিও শৌচাগাৰৰ ভিতৰত দামী চাবোন, তেল, চেম্পু আৰু সুগন্ধিও আছে। চকু কপালত তুলিব পৰা কাৰুকাৰ্য্য আৰু আচবাবেৰে ভৰা এই ৰাজপ্ৰসাদটোৰ মজিয়াত জিলিকি থকা ইটালীয় মাৰ্বলৰ। সংবাদ মাধ্যম "ফৰ্চুন"ৰ প্ৰতিবেদন অনুসৰি ৰাজপ্ৰসাদৰ মৰ্যাদা বজাই ৰাখিবলৈ ৪০ জন শ্ৰমিক নিযুক্তি দিয়া হৈছে। যাৰ বাৰ্ষিক দৰমহা ২০ লাখ ডলাৰতকৈও অধিক।

কিন্তু সেই ৰাজপ্ৰসাদক লৈ বহু বিতৰ্ক চলি আছে। ৰাছিয়াৰ বিৰোধী নেতা আলেক্সেই নাভালনীয়ে দাবী কৰিছে যে এই ৰাজপ্ৰসাদটো উৎকোচৰ ধনেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ পিছত সমগ্ৰ দেশতে জুই জ্বলি উঠিল। নাভালনীয়ে দাবী কৰে যে এই ৰাজপ্ৰসাদটো ৰাছিয়াৰ ক্ৰাছনোডাৰৰ ওচৰৰ গেলেণ্ডজিক চহৰত অৱস্থিত। ইয়াক বনাবলৈ ১৩৫ মিলিয়ন ডলাৰ খৰচ হৈছিল। তেওঁ লগতে দাবী কৰে যে পুটিনৰ ঘনিষ্ঠ লোকে উৎকোচৰ ধনেৰে পুটিনৰ বাবে এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। এই ৰাজপ্ৰসাদৰ একমাত্ৰ মালিক পুটিন। যোৱা ১৫ বছৰে এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰি আহিছে। এই ৰাজপ্ৰসাদৰ ওপৰেৰে কোনো বিমান উৰিব দিয়া নহয়। আনকি যিকোনো জলযানো ৰাজপ্ৰসাদৰ পৰা কমেও ৮ কিলোমিটাৰ দূৰত্বত ৰৈ থাকিব লাগে। নাভালনীয়ে সেইটোৱেই দাবী কৰিছে। বহুতে এই ৰাজপ্ৰসাদ পুটিনৰ বুলি দাবী কৰে যদিও ক্ৰেমলিনে সেই দাবীৰ সত্যতা নিশ্চিত কৰা নাই। ক্ৰেমলিনে দাবী কৰে যে পুটিনৰ কোনো ঘনিষ্ঠ বা দূৰৈৰ আত্মীয়ৰ সৈতেও ৰাজপ্ৰসাদৰ সৈতে কোনো সম্পৰ্ক নাই।

কোৱা হৈছে যে পুটিনৰ সম্পত্তিৰ তালিকাত ৰাজপ্ৰসাদৰ বাহিৰেও আন ১৯টা ঘৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ৭০০খন গাড়ী, ৫৮খন বিমান আৰু হেলিকপ্টাৰ আৰু প্ৰায় ৭২ কোটি টকাৰ এখন বিলাসী বিমান আছে। এই বিমানখনক ‘দ্য ফ্লাইং ক্ৰেমলিন’ বুলিও জনা যায় বুলি জল্পনা-কল্পনা কৰা হৈছে। পুটিনৰ এখন বিলাসী ইয়টৰ মালিক বুলিও চৰ্চা চলিছে। ‘দ্য শ্বেহৰাজাদে’ নামৰ পুটিনৰ বিলাসী ইয়টৰ মূল্য ৭০ কোটি টকা। পুটিনৰ ঘড়ীৰ সংগ্ৰহও উল্লেখযোগ্য। পুটিনৰ ঘড়ী সংগ্ৰহত ৫ লাখ ডলাৰৰ ঘড়ী থকাৰ কথাও চৰ্চা চলিছে। অনুমান অনুসৰি কেৱল এই ঘড়ীটোৰ দাম পুটিনৰ বাৰ্ষিক দৰমহাৰ কেইবাগুণো বেছি।

কিন্তু সঁচাকৈয়ে পুটিনৰ ইমান সম্পত্তি আছেনে? কিন্তু ক’ৰ পৰা আহিল? ৰাছিয়াৰ একনায়কত্ববাদীক আগুৰি থকা বহু কুঁৱলীৰ দৰেই এইটোও এক ৰহস্য।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে