--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা ক্ৰিকেটাৰ ঋষভ পন্তৰ সোঁ ভৰিত ইতিমধ্যে দুটা অস্ত্ৰোপচাৰ কৰা হৈছে। চিকিৎসকসকলে কৈছে যে তেওঁৰ আন এটা অস্ত্ৰোপচাৰ কৰা হ'ব।  এনে পৰিস্থিতিত পন্তে কেতিয়া খেলপথাৰত অৱতীৰ্ণ হ'ব পাৰিব সেয়া সন্দেহৰ বিষয় হৈ পৰিছে।

হয়তো ঋষভ পন্তে এই বছৰ খেলপথাৰৰ বাহিৰতে   কটাব লাগিব পাৰে। চিকিৎসকসকলে তেনে ধাৰণাই কৰিছে। তেওঁ ইতিমধ্যে দুটা অস্ত্ৰোপচাৰ কৰাইছে। পন্তৰ আঘাত সম্পূৰ্ণৰূপে নিৰাময়  হোৱা নাই। ক্ৰীড়া ৱেবছাইট 'ক্ৰিকইনফো'ৰ মতে, পন্তৰ শীঘ্ৰে আন এটা অস্ত্ৰোপচাৰ কৰা হ'ব। গতিকে ভাৰতীয় ক্ৰিকেটাৰজনে খেলপথাৰত নামিবলৈ দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব।

পণ্টৰ প্ৰথমে সোঁ ভৰিৰ আঁঠুত আৰু তাৰ পিছত সোঁ ভৰিৰ গোৰোহাৰ লিগামেণ্টত অস্ত্ৰোপচাৰ কৰা হৈছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) এজন ক্ৰীড়া অৰ্থোপেডিক চাৰ্জন দিনেশ পাৰ্ডিৱালাৰ নেতৃত্বত পন্তৰ মুম্বাইত অস্ত্ৰোপচাৰ কৰা হৈছিল। যুৱ ক্ৰিকেটাৰজন এতিয়া কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ ক্ৰীড়া বিজ্ঞান আৰু সুস্থতা বিভাগৰ মুৰব্বী বৈভৱ দাগৰ অধীনত চিকিৎসাধীন হৈ আছে। 

এই তিনিটা অস্ত্ৰোপচাৰৰ কৰাৰ ফলত  পন্তে  পৰৱৰ্তী আঠৰ পৰা ন মাহৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব। ফলস্বৰূপে, ছেপ্টেম্বৰত এছিয়া কাপলৈকে তেওঁ খেলিব পৰাৰ সম্ভাৱনা নাই। ভাৰতীয় ক্ৰিকেটাৰজনে অক্টোবৰ-নৱেম্বৰত এদিনীয়া বিশ্বকাপ খেলিব পাৰিবনে নাই সেয়াও  অনিশ্চিত। কিয়নো তেওঁ সুস্থ  হৈ উঠিলেও  পৰিস্থিতিৰ সৈতে নিজকে  মিলাই ল’বলৈ  অধিক সময়ৰ প্ৰয়োজন হ'ব। গতিকে চিকিৎসকসকলে আশংকা কৰিছে  যে এই বছৰ তেওঁৰ খেলাৰ সম্ভাৱনা তেনেই  ক্ষীণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক