--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা ক্ৰিকেটাৰ ঋষভ পন্তৰ সোঁ ভৰিত ইতিমধ্যে দুটা অস্ত্ৰোপচাৰ কৰা হৈছে। চিকিৎসকসকলে কৈছে যে তেওঁৰ আন এটা অস্ত্ৰোপচাৰ কৰা হ'ব।  এনে পৰিস্থিতিত পন্তে কেতিয়া খেলপথাৰত অৱতীৰ্ণ হ'ব পাৰিব সেয়া সন্দেহৰ বিষয় হৈ পৰিছে।

হয়তো ঋষভ পন্তে এই বছৰ খেলপথাৰৰ বাহিৰতে   কটাব লাগিব পাৰে। চিকিৎসকসকলে তেনে ধাৰণাই কৰিছে। তেওঁ ইতিমধ্যে দুটা অস্ত্ৰোপচাৰ কৰাইছে। পন্তৰ আঘাত সম্পূৰ্ণৰূপে নিৰাময়  হোৱা নাই। ক্ৰীড়া ৱেবছাইট 'ক্ৰিকইনফো'ৰ মতে, পন্তৰ শীঘ্ৰে আন এটা অস্ত্ৰোপচাৰ কৰা হ'ব। গতিকে ভাৰতীয় ক্ৰিকেটাৰজনে খেলপথাৰত নামিবলৈ দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব।

পণ্টৰ প্ৰথমে সোঁ ভৰিৰ আঁঠুত আৰু তাৰ পিছত সোঁ ভৰিৰ গোৰোহাৰ লিগামেণ্টত অস্ত্ৰোপচাৰ কৰা হৈছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) এজন ক্ৰীড়া অৰ্থোপেডিক চাৰ্জন দিনেশ পাৰ্ডিৱালাৰ নেতৃত্বত পন্তৰ মুম্বাইত অস্ত্ৰোপচাৰ কৰা হৈছিল। যুৱ ক্ৰিকেটাৰজন এতিয়া কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ ক্ৰীড়া বিজ্ঞান আৰু সুস্থতা বিভাগৰ মুৰব্বী বৈভৱ দাগৰ অধীনত চিকিৎসাধীন হৈ আছে। 

এই তিনিটা অস্ত্ৰোপচাৰৰ কৰাৰ ফলত  পন্তে  পৰৱৰ্তী আঠৰ পৰা ন মাহৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব। ফলস্বৰূপে, ছেপ্টেম্বৰত এছিয়া কাপলৈকে তেওঁ খেলিব পৰাৰ সম্ভাৱনা নাই। ভাৰতীয় ক্ৰিকেটাৰজনে অক্টোবৰ-নৱেম্বৰত এদিনীয়া বিশ্বকাপ খেলিব পাৰিবনে নাই সেয়াও  অনিশ্চিত। কিয়নো তেওঁ সুস্থ  হৈ উঠিলেও  পৰিস্থিতিৰ সৈতে নিজকে  মিলাই ল’বলৈ  অধিক সময়ৰ প্ৰয়োজন হ'ব। গতিকে চিকিৎসকসকলে আশংকা কৰিছে  যে এই বছৰ তেওঁৰ খেলাৰ সম্ভাৱনা তেনেই  ক্ষীণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু