--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে এতিয়ালৈকে চৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ খেলিবলৈ আৰম্ভ কৰাই   নাই। কিন্তু খেলুৱৈগৰাকীয়ে  চৌদি-মুলুকত ভৰি দিয়েই সেই দেশৰ আইন ভংগ কৰিলে! কিন্তু কি আইন ভংগ কৰিলে ৰোনাল্ডোই?   ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ প্ৰেমিকা জৰ্জিনা এতিয়াও বিবাহিত নহয়। আনকি তেওঁলোকে বিয়া নকৰিলেও একেলগে থাকে। 

চৌদি আইন অনুসৰি এয়া অবৈধ। সেই দেশৰ আইন অনুসৰি বিয়া নোহোৱাকৈ যুৱক-যুৱতীয়ে একেটা ঘৰতে বাস কৰাটো সম্ভৱ নহয়। আইন বিশেষজ্ঞসকলে কৈছে যে চৌদি আৰৱৰ আইনে বিবাহ বহিৰ্ভূত সম্পৰ্ক কঠোৰভাৱে নিষিদ্ধ কৰিছে। কিন্তু বিদেশী নাগৰিকসকলৰ বাবে নিয়মবোৰ বেলেগ। চৌদি আৰৱে পশ্চিমীয়া নাগৰিকৰ বাবে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বিষয়ে বেছি চিন্তা নকৰে। ফলস্বৰূপে চৌদি আৰবে ৰোনাল্ডোক হয়তো ক্ষমা কৰি দিবও পাৰে।

ৰোনাল্ডো আৰু জৰ্জিনাই ইয়াৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লাগিবও পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে।আন এজন অধিবক্তাই কয় যে চৌদি আৰৱে বিদেশী নাগৰিকসকলৰ ক্ষেত্ৰত এনে আইন প্ৰয়োগ নকৰে। অৱশ্যে, চৌদি কৰ্তৃপক্ষই নিয়মবোৰ কঠোৰভাৱে পালন হৈছে নে নাই সেই বিষয়ত দেশখনৰ নাগৰিকসকলৰ ওপৰত কঢ়া নজৰ ৰাখে।

ইফালে, চৌদি আৰৱত ভৰি থোৱাৰ পিছত ৰোনাল্ডো চৰ্চাত আছে। এমনেষ্টি ইণ্টাৰনেচনেলে দাবী কৰিছে যে ৰোনাল্ডোৱে চৌদি আৰৱত মানৱ অধিকাৰ উলংঘনৰ বিষয়টো উত্থাপন কৰিব লাগে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক