--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে এতিয়ালৈকে চৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ খেলিবলৈ আৰম্ভ কৰাই   নাই। কিন্তু খেলুৱৈগৰাকীয়ে  চৌদি-মুলুকত ভৰি দিয়েই সেই দেশৰ আইন ভংগ কৰিলে! কিন্তু কি আইন ভংগ কৰিলে ৰোনাল্ডোই?   ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ প্ৰেমিকা জৰ্জিনা এতিয়াও বিবাহিত নহয়। আনকি তেওঁলোকে বিয়া নকৰিলেও একেলগে থাকে। 

চৌদি আইন অনুসৰি এয়া অবৈধ। সেই দেশৰ আইন অনুসৰি বিয়া নোহোৱাকৈ যুৱক-যুৱতীয়ে একেটা ঘৰতে বাস কৰাটো সম্ভৱ নহয়। আইন বিশেষজ্ঞসকলে কৈছে যে চৌদি আৰৱৰ আইনে বিবাহ বহিৰ্ভূত সম্পৰ্ক কঠোৰভাৱে নিষিদ্ধ কৰিছে। কিন্তু বিদেশী নাগৰিকসকলৰ বাবে নিয়মবোৰ বেলেগ। চৌদি আৰৱে পশ্চিমীয়া নাগৰিকৰ বাবে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বিষয়ে বেছি চিন্তা নকৰে। ফলস্বৰূপে চৌদি আৰবে ৰোনাল্ডোক হয়তো ক্ষমা কৰি দিবও পাৰে।

ৰোনাল্ডো আৰু জৰ্জিনাই ইয়াৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লাগিবও পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে।আন এজন অধিবক্তাই কয় যে চৌদি আৰৱে বিদেশী নাগৰিকসকলৰ ক্ষেত্ৰত এনে আইন প্ৰয়োগ নকৰে। অৱশ্যে, চৌদি কৰ্তৃপক্ষই নিয়মবোৰ কঠোৰভাৱে পালন হৈছে নে নাই সেই বিষয়ত দেশখনৰ নাগৰিকসকলৰ ওপৰত কঢ়া নজৰ ৰাখে।

ইফালে, চৌদি আৰৱত ভৰি থোৱাৰ পিছত ৰোনাল্ডো চৰ্চাত আছে। এমনেষ্টি ইণ্টাৰনেচনেলে দাবী কৰিছে যে ৰোনাল্ডোৱে চৌদি আৰৱত মানৱ অধিকাৰ উলংঘনৰ বিষয়টো উত্থাপন কৰিব লাগে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু