--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত বৰ বেছি সক্ৰিয় নহয় লিঅ’নেল মেছি। কিন্তু বিশ্বকাপ জিকাৰ পিছৰে পৰা এটাৰ পিছত এটা কৈ ইনষ্টাগ্ৰাম পোষ্ট কৰা দেখা গৈছে আৰ্জেণ্টাইন তাৰকাগৰাকীক। বিশ্বকাপ জয়ৰ কিছুমান ছবি আৰু তাৰ পিছত হোৱা বিভিন্ন মুহূৰ্তৰ ছবিৰে ভৰি পৰিছে মেছিৰ ইনষ্টাগ্ৰাম পেজ। এইসমূহৰ পৰা মেছিয়ে  বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে। সেই ধনৰ পৰিমাণ শেহতীয়াকৈ প্ৰকাশ কৰা হৈছে।

বিশ্বকাপ জিকাৰ পিছতে মেছিয়ে ট্ৰফীটো হাতত লৈ এখন ফটো পোষ্ট কৰিছিল। সেই ছবিখনে দুদিনৰ ভিতৰত ইনষ্টাগ্ৰামত আটাইতকৈ বেছি 'লাইক' পাইছিল। এতিয়ালৈকে ৭৪ নিযুত লোকে ইয়াক 'লাইক' কৰিছে। ইয়াৰ উপৰিও মেছিয়ে বিভিন্ন সংস্থাৰ হৈ ইনষ্টাগ্ৰামত প্ৰচাৰ কৰি আহিছে।

তেওঁৰ বৰ্তমান ৪১০ মিলিয়নতকৈও অধিক ইনষ্টাগ্ৰাম অনুসৰণকাৰী আছে।  সেইবাবেই প্ৰতিটো পোষ্টত বৃহৎ পৰিমাণৰ ধন লাভ কৰে মেছিয়ে।

এটা ৱেবছাইটৰ মতে, মেছিয়ে প্ৰতিটো পষ্টৰ বাবে প্ৰায় ১৫ কোটি টকা লাভ কৰে। সেই অনুসৰি, মেছিয়ে বিশ্বকাপৰ পাছত কৰা সকলো প’ষ্টত প্ৰায় ৯ মিলিয়ন পাউণ্ড বা ৮৮ কোটি টকা উপাৰ্জন কৰিছে। মেছিয়ে পেৰিছ ছেইণ্ট জাৰ্মেইনৰ পৰা বছৰি ৩০৩ কোটি উপাৰ্জন কৰে। ইয়াৰ তুলনাত, কেৱল বিজ্ঞাপনৰ পৰা কেইদিনমানৰ ভিতৰত 88 কোটি টকাৰ উপাৰ্জন কম নহয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু