--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত বৰ বেছি সক্ৰিয় নহয় লিঅ’নেল মেছি। কিন্তু বিশ্বকাপ জিকাৰ পিছৰে পৰা এটাৰ পিছত এটা কৈ ইনষ্টাগ্ৰাম পোষ্ট কৰা দেখা গৈছে আৰ্জেণ্টাইন তাৰকাগৰাকীক। বিশ্বকাপ জয়ৰ কিছুমান ছবি আৰু তাৰ পিছত হোৱা বিভিন্ন মুহূৰ্তৰ ছবিৰে ভৰি পৰিছে মেছিৰ ইনষ্টাগ্ৰাম পেজ। এইসমূহৰ পৰা মেছিয়ে  বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে। সেই ধনৰ পৰিমাণ শেহতীয়াকৈ প্ৰকাশ কৰা হৈছে।

বিশ্বকাপ জিকাৰ পিছতে মেছিয়ে ট্ৰফীটো হাতত লৈ এখন ফটো পোষ্ট কৰিছিল। সেই ছবিখনে দুদিনৰ ভিতৰত ইনষ্টাগ্ৰামত আটাইতকৈ বেছি 'লাইক' পাইছিল। এতিয়ালৈকে ৭৪ নিযুত লোকে ইয়াক 'লাইক' কৰিছে। ইয়াৰ উপৰিও মেছিয়ে বিভিন্ন সংস্থাৰ হৈ ইনষ্টাগ্ৰামত প্ৰচাৰ কৰি আহিছে।

তেওঁৰ বৰ্তমান ৪১০ মিলিয়নতকৈও অধিক ইনষ্টাগ্ৰাম অনুসৰণকাৰী আছে।  সেইবাবেই প্ৰতিটো পোষ্টত বৃহৎ পৰিমাণৰ ধন লাভ কৰে মেছিয়ে।

এটা ৱেবছাইটৰ মতে, মেছিয়ে প্ৰতিটো পষ্টৰ বাবে প্ৰায় ১৫ কোটি টকা লাভ কৰে। সেই অনুসৰি, মেছিয়ে বিশ্বকাপৰ পাছত কৰা সকলো প’ষ্টত প্ৰায় ৯ মিলিয়ন পাউণ্ড বা ৮৮ কোটি টকা উপাৰ্জন কৰিছে। মেছিয়ে পেৰিছ ছেইণ্ট জাৰ্মেইনৰ পৰা বছৰি ৩০৩ কোটি উপাৰ্জন কৰে। ইয়াৰ তুলনাত, কেৱল বিজ্ঞাপনৰ পৰা কেইদিনমানৰ ভিতৰত 88 কোটি টকাৰ উপাৰ্জন কম নহয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক