--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হয় ঋষভ পন্তক৷। ভয়াৱহ গাড়ী দুৰ্ঘটনাত তেওঁৰ সোঁ আঁঠুৰ লিগামেণ্ট ছিঙিছিল। চিকিৎসকসকলে সেই অংশছোৱাতে অস্ত্ৰোপচাৰ কৰে৷


চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তাৰকা ক্ৰিকেটাৰজনৰ শুক্ৰবাৰে অস্ত্ৰোপচাৰ কৰা হয়। ডাঃ দিনেশ পাৰ্দিৱালা আৰু তেওঁৰ দলে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। কোকিলাবেন চিকিৎসালয় আৰু বিচিচিআইয়ে ক্ৰিকেটাৰগৰাকীৰ চিকিৎসাৰ তদাৰক কৰি আছে৷

পণ্টৰ প্ৰায় তিনি ঘণ্টা ধৰি অস্ত্ৰোপচাৰ কৰা হয়। অৱশ্যে তেওঁ আৰোগ্য হ'বলৈ এতিয়াও দীঘলীয়া সময় লাগিব। যিহেতু ভাৰতীয় ক্ৰিকেটাৰজনৰ চিকিৎসাৰ বাবে বিচিচিআই একমাত্ৰ দায়বদ্ধ, তেওঁলোকে পণ্টৰ আৰোগ্য লাভৰ বিষয়ে অৱগত কৰিব।


দুৰ্ঘটনাটোৰ পিছত পণ্টক প্ৰথমতে ডেৰাডুনৰ মেক্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু বিচিচিআইয়ে তেওঁক তাত ৰাখিব নিবিচাৰিছিল।  এয়াৰ এম্বুলেন্সত মুম্বাইলৈ লৈ যোৱা হৈছিল। 

বোৰ্ডৰ সূত্ৰঅনুসৰি, পণ্টৰ আঘাত আৰোগ্য হ'বলৈ কমেও চাৰি মাহ লাগিব। খেলপথাৰলৈ উভতি আহিবলৈ কমেও ছয় মাহ সময় লাগিব। ফলস্বৰূপে পণ্টে  শ্ৰীলংকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া শৃংখলা আৰু আই পি এল খেলিব নোৱাৰে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল জুনত অনুষ্ঠিত হ'ব। যদি ভাৰতে তাত খেলিব পাৰে, তেন্তে সেই খেলখনত পণ্টক খেলপথাৰত দেখা যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু