--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হয় ঋষভ পন্তক৷। ভয়াৱহ গাড়ী দুৰ্ঘটনাত তেওঁৰ সোঁ আঁঠুৰ লিগামেণ্ট ছিঙিছিল। চিকিৎসকসকলে সেই অংশছোৱাতে অস্ত্ৰোপচাৰ কৰে৷


চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তাৰকা ক্ৰিকেটাৰজনৰ শুক্ৰবাৰে অস্ত্ৰোপচাৰ কৰা হয়। ডাঃ দিনেশ পাৰ্দিৱালা আৰু তেওঁৰ দলে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। কোকিলাবেন চিকিৎসালয় আৰু বিচিচিআইয়ে ক্ৰিকেটাৰগৰাকীৰ চিকিৎসাৰ তদাৰক কৰি আছে৷

পণ্টৰ প্ৰায় তিনি ঘণ্টা ধৰি অস্ত্ৰোপচাৰ কৰা হয়। অৱশ্যে তেওঁ আৰোগ্য হ'বলৈ এতিয়াও দীঘলীয়া সময় লাগিব। যিহেতু ভাৰতীয় ক্ৰিকেটাৰজনৰ চিকিৎসাৰ বাবে বিচিচিআই একমাত্ৰ দায়বদ্ধ, তেওঁলোকে পণ্টৰ আৰোগ্য লাভৰ বিষয়ে অৱগত কৰিব।


দুৰ্ঘটনাটোৰ পিছত পণ্টক প্ৰথমতে ডেৰাডুনৰ মেক্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু বিচিচিআইয়ে তেওঁক তাত ৰাখিব নিবিচাৰিছিল।  এয়াৰ এম্বুলেন্সত মুম্বাইলৈ লৈ যোৱা হৈছিল। 

বোৰ্ডৰ সূত্ৰঅনুসৰি, পণ্টৰ আঘাত আৰোগ্য হ'বলৈ কমেও চাৰি মাহ লাগিব। খেলপথাৰলৈ উভতি আহিবলৈ কমেও ছয় মাহ সময় লাগিব। ফলস্বৰূপে পণ্টে  শ্ৰীলংকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া শৃংখলা আৰু আই পি এল খেলিব নোৱাৰে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল জুনত অনুষ্ঠিত হ'ব। যদি ভাৰতে তাত খেলিব পাৰে, তেন্তে সেই খেলখনত পণ্টক খেলপথাৰত দেখা যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক