--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাজস্থানৰ আলৱাৰত সংঘটিত হোৱা এখন বিবাহ আলোচনাৰ বিষয় হৈ পৰিছে। এই বিয়াখনত CRPFৰ বিষয়া-জোৱানে এগৰাকী শ্বহীদ জোৱানৰ কন্যাৰ বিবাহত সহায় কৰি পিতৃ-ভাইৰ কৰ্তব্য পালন কৰিছিল। 

শ্বহীদ ৰাকেশ মীনাৰ কন্যাৰ বিবাহ ২৩ এপ্ৰিলত ৰাজগড় মহকুমা এলেকাৰ দুব্বি গাঁৱত সম্পন্ন হয়। চি আৰ পি এফ বিষয়াসকলেও এই বিবাহত আহি কন্যাদান কৰিছিল। ২০১০ চনত কইনাৰ পিতৃ শ্বহীদ হৈছিল। পিতৃৰ বিদায়ৰ পিছতে বিধ্বস্ত হৈ পৰে পৰিয়ালটো।
 
শ্বহীদৰ খুড়াক ৰামপ্ৰসাদ প্ৰকাশ ভাবলাই কয় যে শ্বহীদ ৰাকেশ মীনাৰ চাৰিগৰাকী কন্যা আছে। ইয়াৰে ২৩ এপ্ৰিলত কাঠুমাৰৰ বাসিন্দা নৰেন্দ্ৰ মীনাৰ সৈতে ডাঙৰ কন্যা ছাৰিকাৰ বিবাহ হয়। এই বিবাহত চি আৰ পি এফ বিষয়াসকলে ছাৰিকাক আশীৰ্বাদ দিয়ে। এই সময়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ডি আই জি সঞ্জয়ৰ সৈতে দুজন কমাণ্ডেণ্ট, পৰিদৰ্শক, ৰাজগড়ৰ উপ আৰক্ষী অধীক্ষক মনীষা মীনা আৰু চি আৰ পি এফ বেটেলিয়নৰ জোৱান উপস্থিত থাকে।

বিবাহৰ সময়ত চি আৰ পি এফৰ পুঁজিৰ পৰা ১ লাখ ৫১ হাজাৰ টকা ছাৰিকাৰ একাউণ্টত জমা হৈছিল। কেন্দ্ৰীয় গোটৰ ১ম আজমেৰ বেটেলিয়নৰ হৈ এচি, মিক্সাৰ, ইলেক্ট্ৰনিক ষ্টোভ আদি সামগ্ৰী উপহাৰ দি ছোৱালীজনীক নগদ ২১ হাজাৰ টকা দি আশীৰ্বাদ দিয়ে। বিবাহৰ সুখৰ সমান্তৰালকৈ শ্বহীদজনৰ স্মৃতি সুঁৱৰি চি আৰ পি এফ বিষয়া আৰু জোৱানসকলে কৈছিল যে আমি তেওঁক ঘূৰাই আনিব নোৱাৰোঁ কিন্তু আপোনাৰ পৰিয়ালৰ প্ৰতিটো সুখ-দুখত আমি থিয় হ’ম। আপোনালোকৰ লগত আমি ছাঁ হিচাপে থিয় দিম।

তাত উপস্থিত থকা লোকসকলে এই মুহূৰ্তবোৰ নিজৰ কেমেৰাতত বন্দী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি তুলিছিল। এই বিবাহ সমগ্ৰ অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ