--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱাৰ এটা ফ্লেটত উদ্ধাৰ হৈছে দুই  উচ্চ শিক্ষিত ভাতৃৰ মৃতদেহ। অনুমান কৰা অনুসৰি দুই ভাতৃয়ে  দীৰ্ঘদিন ধৰি কোনো আহাৰ খাবলৈ পোৱা নাছিল। নিবনুৱা দুই ভাতৃৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে। গোৱাৰ মাৰগাঁৱৰ এটা এপাৰ্টমেণ্টত দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে বহু নতুন কথা পোহৰলৈ আহিছে।  মৃত দুই ভাতৃৰ এজন  অভিযন্তা আৰু এজন বাণিজ্য স্নাতক। 

মৰণোত্তৰ পৰীক্ষাই সূচাইছে যে পুষ্টিহীনতাৰ বাবেই তেওঁলোকৰ মৃত্যু হ'ব পাৰে। তেওঁলোকে এটা মছজিদৰ কাষৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। আৰক্ষীয়ে দুৱাৰ  ভাঙি  দুয়োজন ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিছে। তেওঁলোকৰ এজনৰ বয়স ২৯ বছৰ আৰু আনজনৰ বয়স ২৭ বছৰ। আনহাতে তেওঁলোকৰ মাকক আন এটা কোঠাত অচেতন অৱস্থাত পোৱা গৈছে। তেওঁৰ বয়স ৫০  বছৰ। খাবলৈ নোপোৱাৰ ফলতে দুই ভাতৃৰ শৰীৰ অতি ক্ষীণ হৈ পৰিছিল। অচেতন অৱস্থাত উদ্আধাৰ কৰা মাকক  স্থানীয় চিকিৎসালয় এখনত  ভৰ্তি কৰোৱা হৈছে। 

দক্ষিণ গোৱাৰ আৰক্ষী অধীক্ষক সুনীতা সাৱন্তে প্ৰকাশ কৰা মতে  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰাথমিকভাৱে "অত্যধিক পুষ্টিহীনতা"ৰ ফলতে তেওঁলোকৰ  মৃত্যু হোৱাৰ ইংগিত দিয়া হৈছে।  মৃতকৰ এজন খুৰাকে প্ৰকাশ  কৰা মতে দুই ভাতৃয়ে বহুদিন ধৰি কোনো কাম পোৱা নাছিল। সেয়ে অভাৱে তেওঁলোকক হেঁচা মাৰি ধৰিছিল। নিবনুৱা হৈ থকাৰ বাবেই  তেওঁলোকে হয়তো বহুদিন খাবলৈ পোৱা নাছিল।  তেওঁলোক আন মানুহৰো সহায় বিচাৰিবলৈ টান পাইছিল বুলি খুৰাকে কয়। আৰক্ষীয়ে  প্ৰকাশ কৰা মতে দুই ভাতৃৰ মাতৃৰ মানসিক স্বাস্থ্যৰ সমস্যা আছে। তেওঁ  ভাল  হৈ নুঠালৈকে দুই ভাতৃৰ বিষয়ত  একো ক'ব  পৰা নহ'ব বুলিও আৰক্ষীয়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ