--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ পিলিভীটৰ সাংসদ বৰুণ গান্ধীয়ে বহুবাৰ নিজৰ চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু এতিয়া আকৌ এবাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ দলটোক টাৰ্গেট কৰিছে। চাকৰিৰ অভাৱত ই-ৰিক্সা চলাবলৈ বাধ্য হোৱা CTET পাছ যুৱকৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে বৰুণ গান্ধীয়ে।

৬০ লাখৰো অধিক অনুমোদিত পদ খালী হৈ আছে: বৰুণ গান্ধী

ভিডিঅ’টো শ্বেয়াৰ কৰি বৰুণ গান্ধীয়ে টুইটাৰত লিখিছে, ‘‘কোনো কাম সৰু বা ডাঙৰ নহয়! কিন্তু দুখ লাগে তেতিয়া, যেতিয়া এজন দক্ষ আৰু শিক্ষিত ব্যক্তিয়ে যোগ্যতা আৰু সামৰ্থ্য অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ নাপায়। দেশত ৬০ লাখৰো অধিক ‘অনুমোদিত পদ’ খালী হৈ পৰি আছে কিন্তু CTET পাছ কৰা এই যুৱকজনে ৰিক্সা চলাবলৈ বাধ্য হৈছে। এয়া আমাৰ সাংসদৰ ‘ঐক্যবদ্ধ ব্যৰ্থতা’।’’


ভিডিঅ’টো বিহাৰৰ বেগুছৰাই জিলাৰ

CTET পাছ ৰিক্সাৱালাৰ ভিডিঅ’টো বিহাৰৰ বেগুছৰাই জিলাৰ, য’ত CTET পাছ মহম্মদ জাহাংগীৰ নামৰ এজন যুৱকে ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছে। জাহাংগীৰৰ ই-ৰিক্সাত লিখা আছে 'CTET পাছ ৰিক্সাৱালা'। পঢ়া-শুনা সমাপ্ত কৰি জাহাংগীৰে CTET পৰীক্ষাত উত্তীৰ্ণ হৈ আত্মবিশ্বাসী আছিল যে অতি সোনকালে তেওঁ শিক্ষক হৈ ল’ৰা-ছোৱালীক পঢ়ুৱাব। কিন্তু চাকৰি নোপোৱাৰ বাবে খঙতে জাহাংগীৰে এটা লোন লৈ ই-ৰিক্সা লৈছিল আৰু এতিয়া তাৰ পৰাই জীৱিকা নিৰ্বাহ কৰি আছে।

বিহাৰত বিজেপি-জেডিইউৰ মিত্ৰজোঁটৰ চৰকাৰ

উল্লেখ্য যে বিহাৰত ভাৰতীয় জনতা পাৰ্টী আৰু জনতা দলৰ ইউনাইটেডৰ মিত্ৰজোঁটৰ চৰকাৰ আছে। জনাওঁ যে জুলাই মাহৰ শেষৰ ফালে বিহাৰৰ প্ৰাথমিক বিদ্যালয়সমূহত সপ্তম পৰ্যায়ত শিক্ষক পুনৰ নিযুক্তিৰ বাবে আৱেদন পক্ৰিয়া হ’ব পাৰে। ষষ্ঠ পৰ্যায়ত ৪৮ হাজাৰ আসন খালী হৈ থকাৰ বাবে সপ্তম পৰ্যায়ত ৩০ হাজাৰতকৈ অধিক আসন থাকিব পাৰে। এই অনুসৰি বিহাৰত একেলগে প্ৰায় ৭৮ হাজাৰ শিক্ষকক নিযুক্তি দিব পাৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ