--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ পিলিভীটৰ সাংসদ বৰুণ গান্ধীয়ে বহুবাৰ নিজৰ চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু এতিয়া আকৌ এবাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ দলটোক টাৰ্গেট কৰিছে। চাকৰিৰ অভাৱত ই-ৰিক্সা চলাবলৈ বাধ্য হোৱা CTET পাছ যুৱকৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে বৰুণ গান্ধীয়ে।

৬০ লাখৰো অধিক অনুমোদিত পদ খালী হৈ আছে: বৰুণ গান্ধী

ভিডিঅ’টো শ্বেয়াৰ কৰি বৰুণ গান্ধীয়ে টুইটাৰত লিখিছে, ‘‘কোনো কাম সৰু বা ডাঙৰ নহয়! কিন্তু দুখ লাগে তেতিয়া, যেতিয়া এজন দক্ষ আৰু শিক্ষিত ব্যক্তিয়ে যোগ্যতা আৰু সামৰ্থ্য অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ নাপায়। দেশত ৬০ লাখৰো অধিক ‘অনুমোদিত পদ’ খালী হৈ পৰি আছে কিন্তু CTET পাছ কৰা এই যুৱকজনে ৰিক্সা চলাবলৈ বাধ্য হৈছে। এয়া আমাৰ সাংসদৰ ‘ঐক্যবদ্ধ ব্যৰ্থতা’।’’


ভিডিঅ’টো বিহাৰৰ বেগুছৰাই জিলাৰ

CTET পাছ ৰিক্সাৱালাৰ ভিডিঅ’টো বিহাৰৰ বেগুছৰাই জিলাৰ, য’ত CTET পাছ মহম্মদ জাহাংগীৰ নামৰ এজন যুৱকে ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছে। জাহাংগীৰৰ ই-ৰিক্সাত লিখা আছে 'CTET পাছ ৰিক্সাৱালা'। পঢ়া-শুনা সমাপ্ত কৰি জাহাংগীৰে CTET পৰীক্ষাত উত্তীৰ্ণ হৈ আত্মবিশ্বাসী আছিল যে অতি সোনকালে তেওঁ শিক্ষক হৈ ল’ৰা-ছোৱালীক পঢ়ুৱাব। কিন্তু চাকৰি নোপোৱাৰ বাবে খঙতে জাহাংগীৰে এটা লোন লৈ ই-ৰিক্সা লৈছিল আৰু এতিয়া তাৰ পৰাই জীৱিকা নিৰ্বাহ কৰি আছে।

বিহাৰত বিজেপি-জেডিইউৰ মিত্ৰজোঁটৰ চৰকাৰ

উল্লেখ্য যে বিহাৰত ভাৰতীয় জনতা পাৰ্টী আৰু জনতা দলৰ ইউনাইটেডৰ মিত্ৰজোঁটৰ চৰকাৰ আছে। জনাওঁ যে জুলাই মাহৰ শেষৰ ফালে বিহাৰৰ প্ৰাথমিক বিদ্যালয়সমূহত সপ্তম পৰ্যায়ত শিক্ষক পুনৰ নিযুক্তিৰ বাবে আৱেদন পক্ৰিয়া হ’ব পাৰে। ষষ্ঠ পৰ্যায়ত ৪৮ হাজাৰ আসন খালী হৈ থকাৰ বাবে সপ্তম পৰ্যায়ত ৩০ হাজাৰতকৈ অধিক আসন থাকিব পাৰে। এই অনুসৰি বিহাৰত একেলগে প্ৰায় ৭৮ হাজাৰ শিক্ষকক নিযুক্তি দিব পাৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে