--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মা আৰু নবীন জিন্দালক দলৰ পৰা নিলম্বন কৰা হৈছে। বৰ্তমান তেওঁলোকৰ প্ৰাৰম্ভিক সদস্যপদ বাতিল কৰা হৈছে। অৱশ্যে, নুপূৰ শৰ্মাই এই শাস্তিৰ বাবে ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিছে। তথাপি বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল ক্ষোভিত হৈ পৰিছে। বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত কাৰ্যতঃ গৰজি উঠিছে আৰব বিশ্ব। 

কাটাৰে ভাৰতীয় ৰাষ্ট্ৰদূতজনক মাতি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অৱশ্যে, তেওঁলোকেও উপযুক্ত উত্তৰ পালে। ভাৰতে এক বিবৃতিত কয় যে, মহম্মদৰ সৈতে এনে আলোচনা প্ৰান্তীয় গোটৰ কাম। কেন্দ্ৰীয় চৰকাৰে এইবোৰ সমৰ্থন নকৰে। অৱশ্যে, কাটাৰে সন্তুষ্টি প্ৰকাশ কৰিছে। কিন্তু এইদৰে বিষয়টো আন্তঃৰাষ্ট্ৰীয় বিষয় হৈ পৰাৰ লগে লগে ইয়াৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পোৱা বুলি খবৰ ওলাইছে।

কিছুদিন পূৰ্বে হজৰত মহম্মদৰ বিবাহক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিজেপি নেত্ৰী নুপূৰ শৰ্মাই। এই বিষয়টোক কেন্দ্ৰ কৰিয়েই সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰু অশান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এক বিবৃতি যোগে বিজেপিয়ে কয় যে, ‘ভাৰতৰ ইতিহাসত সকলো ধৰ্মই একেলগে বিকশিত হৈছে। 

কোনো ধৰ্ম বা ধৰ্মীয় ব্যক্তিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাটো বিজেপিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বিজেপিয়ে এনে কাম-কাজক প্ৰশ্ৰয় নিদিয়ে।’ ইয়াৰ পিছতে শাসক দলে নুপুৰ শৰ্মাক ৭ বছৰৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত লয়। নিলম্বনৰ কাৰণ হিচাপে, দলৰ মতামতৰ বিৰুদ্ধে যোৱা বুলি অভিযোগ নুপূৰ শৰ্মাৰ বিৰুদ্ধে। একে সময়তে দলৰ সকলো কাম-কাজৰ পৰা নুপূৰ শৰ্মাই তৎক্ষণাত পদত্যাগ কৰিব লাগে বুলিও কৈছে বিজেপিয়ে।

কিন্তু বিজেপি নেত্ৰীগৰাকীৰ ইছলাম বিৰোধী মন্তব্যই ইছলামিক বিশ্বত অশান্তিৰ জুইকুৰা জ্বলাবলৈ বেছি সময় নালাগিল। কাটাৰ, কুৱেইট আৰু চৌদি আৰৱত ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। লগে লগে কাটাৰে ভাৰতীয় দূত দীপক মিট্টালৰ আগত তেওঁলোকৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰে। ইয়াত ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, ‘ এয়া প্ৰান্তীয় গোটসমূহৰ কাম। এনে মন্তব্যত ভাৰত চৰকাৰ একমত নহয়। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান। এনে মন্তব্য কৰা ব্যক্তিজনৰ বিৰুদ্ধে উপযুক্ত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

টেলিভিছনৰ পৰ্দাত বিভিন্ন বিতৰ্কত সাঙোৰ খাই পৰা নুপুৰ শৰ্মাৰ জন্ম এটা শিক্ষিত পৰিয়ালত। তেওঁৰ মাতৃৰ ঘৰ ডেৰাডুনত। সংঘ পৰিবাৰৰ ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী হিচাপে যোগদান কৰৰিছিল শৰ্মাই। ২০০৮ চনত ছাত্ৰ একতা সভাৰ সভানেত্ৰী পদ লাভ কৰিছিল তেওঁ। লণ্ডন স্কুল অৱ ইকনমিক্সত আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত নুপূৰ শৰ্মা এগৰাকী অধিবক্তা হৈ পৰে। ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এগৰাকী কৰ্মীৰ উপৰি অৰবিন্দ প্ৰধান, অৰুণ জেটলী, অমিত শ্বাহৰ দৰে জ্যেষ্ঠ নেতাৰ সৈতে কাম কৰা বুলিও খবৰ ওলাইছে। 

২০১৫ চনত ৩০ বছৰ বয়সত ২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টিকট দিয়া হৈছিল শৰ্মাক। এই প্ৰতিদ্বন্দ্বিতাত ৩১ হাজাৰ ভোটত পৰাজিত হৈছিল নুপূৰ শৰ্মাই । ইয়াৰ পিছতে মনোজ তিৱাৰীৰ অধীনত বিজেপিৰ দিল্লী ইউনিটৰ আনুষ্ঠানিক মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰে শৰ্মাই। ২০২০ চনত জে পি নাড্ডাৰ সভাপতিত্বত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰা শৰ্মাৰ আইনী বুদ্ধিমত্তা, ৰাষ্ট্ৰীয় বিষয়ৰ সুস্থ জ্ঞান আৰু দ্বিভাষিক দক্ষতাৰ বাবে টেলিভিছনত প্ৰায়ে বিতৰ্কৰ সন্মুখীন হয় তেওঁ। 

কেৱল বিজেপিৰ নেত্ৰীগৰাকীৰ বিৰুদ্ধেই নহয় সমগ্ৰ ভাৰতৰাষ্ট্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইছলাম সমাজ। ধৰ্মীয় অনুভূতিত আঘাত হনা বিষয়টোক সমালোচনাৰ দৃষ্টিৰে চাইছে শাসক দল বিজেপিয়েও। সেইঅনুসৰি, ৬বছৰৰ বাবে নুপূৰ শৰ্মাক নিলম্বনো কৰিছে দলে। কেজৰিৱালৰ হাতত পৰাজিত নুপূৰ শৰ্মাৰ ভৱিষ্যত এতিয়া কোন দিশে? কিদৰে কামব্যাক কৰিব নুপূৰ শৰ্মাই সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ