--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চতুৰ্থ বৰ্ষত ভৰি দিয়া হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আৰু লংকেশ্বৰ দাস স্মৃতি ন‍্যাসৰ উদ‍্যোগত আয়োজিত সদৌ অসম শশাঙ্ক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা ২০২৩ ৰ যোগদানৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে অহা ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ আঠাইছ  আৰু ঊনত্ৰিছ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে শুৱালকুছিৰ সমীপৰ হালোগাৱত আয়োজন কৰা এই একাঙ্কিকা নাট প্ৰতিযোগিতাখনিত যোগদানৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ নাট্য দল সমূহৰ পৰা পান্ডুলিপি আহ্বান কৰা হৈছে।

 পাণ্ডুলিপি জমা দিয়াৰ অন্তিম তিথি অহা ১২ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। এইবাৰৰ ৰূপালীমৰ বিভিন্ন পুৰস্কাৰৰ শিতানত প্ৰথম শ্ৰেষ্ঠ নাট‍্যদল, দ্বিতীয় শ্ৰেষ্ঠ নাট‍্যদল আৰু তৃতীয় শ্ৰেষ্ঠ নাট‍্যদলৰ বাবে যথাক্ৰমে বিশ হাজাৰ, পোন্ধৰ হাজাৰ আৰু দহ হাজাৰ নগদ ধনৰ লগতে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হ'ব। তেনেদৰে শ্ৰেষ্ঠ পান্ডুলিপিৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ পৰিচালকৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ বাবে পাঁচ হাজাৰকৈ, শ্ৰেষ্ঠ সহ-অভিনেতা আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বাবে তিনি হাজাৰকৈ, শ্ৰেষ্ঠ শিশু শিল্পীৰ বাবে তিনি হাজাৰ নগদ ধনৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। লগতে জুৰিৰ বিশেষ উল্লেখ হিচাপে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ ব‍্যৱস্থা ৰখা হৈছে। 

আনহাতে প্ৰতিযোগিতাখনিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিটো নাট‍্যদলক যিকোনো এটা পুৰস্কাৰ লাভ নকৰিলে যাতায়াতৰ বাবদ তিনি হাজাৰকৈ নগদ ধন আৰু অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ  কথা কোৱা হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক নাট‍্যদল সমূহক তেখেতসকলৰ নাটকৰ ডিটিপি কৰা পান্ডুলিপি পিডিএফ ফৰমেটত অহা ১২ জানুৱাৰী ২০২৩ ৰ ভিতৰত  www.rupalim.org ত  প্ৰবেশ কৰি নিৰ্দিষ্টকৈ থকা লিংক (https://forms.gle/BFoSezDiebKP877c8) ত আপলোড কৰিবলৈ অথবা ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা, মাৰফৎ হিৰণ্য ভট্টাচাৰ্য্য, দ্বিতীয় মহলা, ঘৰ নং ২৪৭ (শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰৰ সমীপত), হেঙেৰাবাৰী পথ, গণেশগুৰী, গুৱাহাটী - ৭৮১০০৬ (যোগাযোগৰ বাবে মোবাইল নম্বৰ +918876515128 / +919706263192) ঠিকনালৈ পঠিয়াবৰ বাবে আহ্বান জনোৱা হৈছে। পান্ডুলিপিৰ বেটুপাতত স্পষ্টকৈ নাটকৰ নাম, নাট্যদলৰ নাম, পৰিচালকৰ নাম, নাটকৰ দৈৰ্ঘ্য, যোগাযোগৰ ঠিকনা, ইমেইল আৰু মোবাইল নম্বৰ আদি উল্লেখ থাকিব লাগিব। 

নাটকৰ দৈৰ্ঘ্য মঞ্চ সজ্জা সহিতে পঞ্চলিশ মিনিট ধাৰ্য কৰা হৈছে। প্ৰতিটো নাট্যদলে ভৰ্তি মাচুল হিচাপে পাঁচশ টকা প্ৰতিযোগিতা থলীত উপস্থিত হোৱাৰ পিছত কাৰ্যালয়ত জমা দিব লাগিব। অসমৰ লব্ধ প্ৰতিষ্ঠিত নাট্য কৰ্মীৰ দ্বাৰা বিচাৰকৰ আসন অলংকৃত হ'বলগা দুহেজাৰ তেইশ বৰ্ষৰ ৰূপালীমৰ বঁটা সমূহ প্ৰদান কৰা হ'ব ঊনত্ৰিছ জানুৱাৰীৰ নিশা। বঁটা বিতৰণী অনুষ্ঠানত অসমৰ বহু গৰাকী জনপ্ৰিয় তাৰকা নাট্য শিল্পী উপস্থিত থাকিব  বুলি আয়োজক সকলে জানিবলৈ দিছে। বিষদ তথ্যৰ বাবে 9101301929 আৰু 7002389344 নম্বৰতো যোগাযোগ কৰিব পাৰিব।।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু