--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি ভূটানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে পাৰো বিমান বন্দৰত উষ্ম আদৰণি জনাই ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিংগ টুবগেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জ্যেষ্ঠ ভাতৃ আখ্যা দি আলিংগন কৰে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিমান বন্দৰতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ‘গাৰ্ড অব অনাৰ’ যাচে ভূটান চৰকাৰে। যাৰ পাছতে ভূটানৰ ৰাজধানী থিম্ফুৰ তাছিচ’ দংজৌং ৰাজপ্ৰসাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত উষ্ম আদৰণি জনোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে ভূটানৰ ৰজা জিগমে ৱাংছুকক। 

ভূটানৰ নৃপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানিত কৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব ড্ৰুক গ্যাল’পৰে। ভূটানৰ সৰ্বোচ্চ সন্মান লাভ কৰি এই সন্মানক ১৪০ কোটি ভাৰতীয়ৰ নামত উৎসৰ্গিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

দৰাচলতে দেশৰ সাধাৰণ নিৰ্বাচন ঘোষণাৰ পাছত বিদেশ ভ্ৰমণ কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভূটান ভ্ৰমণ কৰি চুবুৰীয়া ৰাষ্ট্রত থকা নৰেন্দ্ৰ মোদীৰ প্ৰভাৱৰ কথা পুনৰ এবাৰ প্ৰমাণ কৰাৰ চেষ্টা চলালে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

ইপিনে, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভূটান ভ্ৰমণ উপলক্ষে আজি বন্ধ ৰখা হয় দেশখনৰ সকলো বিদ্যালয়। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনোৱাৰ উদ্দেশ্যে ৰাজপথৰ দুয়োকাষে থিয় দিছিল ছাত্ৰ–ছাত্ৰীসকলে। 

আনহাতে, নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলিও বিবেচিত হৈছে আন্তঃৰাষ্ট্রীয় মহলত। ভূটানত চীনৰ আগ্ৰাসনৰ মাজতে এনেদৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভূটান ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। এই মুহূৰ্তত ভাৰত হৈছে ভূটানৰ আটাইতকৈ বৃহৎ সহযোগী ৰাষ্ট্র। ৮ লাখ জনসংখ্যাৰ ৰাষ্ট্র ভূটানৰে সৈতে আছে বিদেশ নীতি, বাণিজ্য আৰু সামৰিক ক্ষেত্ৰত বহুকেইখন চুক্তি। তেনেস্থলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণ অনাগত দিনত ভাৰতৰ বাবে বিবেচিত হৈ পৰিব যথেষ্ট আশাব্যঞ্জক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী