--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি ভূটানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে পাৰো বিমান বন্দৰত উষ্ম আদৰণি জনাই ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিংগ টুবগেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জ্যেষ্ঠ ভাতৃ আখ্যা দি আলিংগন কৰে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিমান বন্দৰতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ‘গাৰ্ড অব অনাৰ’ যাচে ভূটান চৰকাৰে। যাৰ পাছতে ভূটানৰ ৰাজধানী থিম্ফুৰ তাছিচ’ দংজৌং ৰাজপ্ৰসাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত উষ্ম আদৰণি জনোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে ভূটানৰ ৰজা জিগমে ৱাংছুকক। 

ভূটানৰ নৃপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানিত কৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব ড্ৰুক গ্যাল’পৰে। ভূটানৰ সৰ্বোচ্চ সন্মান লাভ কৰি এই সন্মানক ১৪০ কোটি ভাৰতীয়ৰ নামত উৎসৰ্গিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

দৰাচলতে দেশৰ সাধাৰণ নিৰ্বাচন ঘোষণাৰ পাছত বিদেশ ভ্ৰমণ কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভূটান ভ্ৰমণ কৰি চুবুৰীয়া ৰাষ্ট্রত থকা নৰেন্দ্ৰ মোদীৰ প্ৰভাৱৰ কথা পুনৰ এবাৰ প্ৰমাণ কৰাৰ চেষ্টা চলালে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

ইপিনে, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভূটান ভ্ৰমণ উপলক্ষে আজি বন্ধ ৰখা হয় দেশখনৰ সকলো বিদ্যালয়। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনোৱাৰ উদ্দেশ্যে ৰাজপথৰ দুয়োকাষে থিয় দিছিল ছাত্ৰ–ছাত্ৰীসকলে। 

আনহাতে, নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলিও বিবেচিত হৈছে আন্তঃৰাষ্ট্রীয় মহলত। ভূটানত চীনৰ আগ্ৰাসনৰ মাজতে এনেদৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভূটান ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। এই মুহূৰ্তত ভাৰত হৈছে ভূটানৰ আটাইতকৈ বৃহৎ সহযোগী ৰাষ্ট্র। ৮ লাখ জনসংখ্যাৰ ৰাষ্ট্র ভূটানৰে সৈতে আছে বিদেশ নীতি, বাণিজ্য আৰু সামৰিক ক্ষেত্ৰত বহুকেইখন চুক্তি। তেনেস্থলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণ অনাগত দিনত ভাৰতৰ বাবে বিবেচিত হৈ পৰিব যথেষ্ট আশাব্যঞ্জক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু