--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিজ্ঞানে মানুহক প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ শিকোৱাৰ লগতে যিকোনো প্ৰতিকূল পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সহজসাধ্য আৰু প্ৰস্তুত কৰি তুলিছে। কিন্তু তথাপিও যেন প্ৰকৃতি ৰহস্য ভেদ কৰিবলৈ গৈ কোনোবাখিনিত থমকি ৰ’বলগীয়া হৈছে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাও।

 বিশ্বব্ৰহ্মাণ্ডত ঢাপে ঢাপে উন্নয়ন ঘটিছে বিজ্ঞান প্ৰযুক্তিৰ। সেয়েহে আমি এই পৃথিৱীৰ প্ৰায় সকলো কথাই হাতৰ মুঠিতে জানিব পাৰো। কিন্তু কেতিয়াবা কেতিয়াবা এনে ঘটনা ঘটে যিয়ে আমাক পুনৰ এবাৰ ভাবিবলৈ বাধ্য কৰে এই সুবিশাল পৃথিৱীৰ প্ৰায় ৭১ শতাংশ পানী আৰু মাত্ৰ ২৯ শতাংশহে মাটি। য’ত পৃথিৱীৰ বহু ঠাই আৰু বহু কথাৰ ৰহস্য এতিয়াও ভেদ কৰিব পৰা নাই বিজ্ঞানীসকলে।

 ভাৰতৰ চুবুৰীয়া দেশ চীনত পোহৰলৈ অহা ঘটনাই সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিলে। পৃথিৱীৰ বহু ঠাইৰ ৰহস্য এতিয়াও ভেদ কৰিব পৰা নাই বিজ্ঞানে। তাৰেই এক প্ৰতিফলন দেখা পোৱা গ’ল চীনত। অৰণ্যৰ ভিতৰত এটা প্ৰকাণ্ড গাঁত পোৱা যায়। গৱেষক দলটোৱে তাত প্ৰৱেশ কৰি আন এখন পৃথিৱীৰ সন্ধান লাভ কৰে। এইখন এনে এখন ঠাই য’ত এতিয়াও পৰা নাই সূৰ্য্যৰ পোহৰ। গৱেষক দলটোৱে ঠাইখন পৰ্যবেক্ষণ কৰাৰ সময়ত বহুতো নতুন নতুন তথ্য লাভ কৰে। চীনৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই সুবিশাল গাঁতটোৰ আকাৰ প্ৰায় ৬৩০ ফুট।

 লে কাউন্টিৰ হাবিত লুকাই থকা এই বিশাল গাঁতটোৰ ভিতৰৰ পৃথিৱীখন দেখি বিজ্ঞানীসকল মুগ্ধ হৈ পৰিছিল। স্থানীয় লোকে এই গাঁতটোৰ নাম ৰাখিছে ‘শ্বেনিং টিয়ানচেং’। স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই গাঁতটোৱে পৃথিৱীখনক আন পৃথিৱীৰ লগত সংযোগ কৰে। তেওঁলোকৰ মতে গাঁতটো আদিম আৰু চিৰন্তন। কিন্তু গৱেষক দলটোৱে সেই পৃথিৱীখনত প্ৰৱেশ কৰি ন ন তথ্য উদঘাটন কৰে। 

৬ মে’ত চীনা গৱেষক চেন লিক্সিনে নিজৰ বৃহৎ দলটোৰ সৈতে গাঁতত প্ৰৱেশ কৰে। দলটোৱে প্ৰৱেশ কৰাৰ লগে লগে জানিব পাৰে যে গাঁতটোত প্ৰৱেশ কৰিবলৈ মুঠ তিনিটা বেলেগ বেলেগ পথ আছে। চীনা দলটোৱে তেওঁলোকৰ গৱেষণাৰ বাবে বহু ছবি আৰু ভিডিঅ’ লয়। এতিয়ালৈকে তাত এনে ৩০টা প্ৰকাণ্ড গাঁতৰ আৱিষ্কাৰ হৈছে। এনেকুৱা কিছুমান তথ্য আৱিষ্কাৰ কৰে যিবোৰৰ বিষয়ে মানুহে এতিয়ালৈকে প্ৰায় একোৱেই নাজানিছিল। পৰ্যবেক্ষণকাৰী দল এলৰ ৰিপ’ৰ্ট অনুসৰি প্ৰকাণ্ড বপু গছজোপাই প্ৰকাণ্ড গাঁতটো ঢাকি ৰাখিছে। গতিকে সূৰ্যৰ পোহৰো তাত সোমাব নোৱাৰে। কিন্তু এই গাঁতটো কেনেকৈ গঢ় লৈ উঠে সেয়া জানিব পৰা হোৱা নাই। কিন্তু বহুতে বিশ্বাস কৰে যে ভিতৰত এটা জলধাৰা আছিল যিটো এতিয়া হেৰাই গৈছে। কিন্তু এই সন্দৰ্ভত অধিক গৱেষণা অব্যাহত ৰাখিছে গৱেষকৰ দলটোৱে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা