--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিজ্ঞানে মানুহক প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ শিকোৱাৰ লগতে যিকোনো প্ৰতিকূল পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সহজসাধ্য আৰু প্ৰস্তুত কৰি তুলিছে। কিন্তু তথাপিও যেন প্ৰকৃতি ৰহস্য ভেদ কৰিবলৈ গৈ কোনোবাখিনিত থমকি ৰ’বলগীয়া হৈছে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাও।

 বিশ্বব্ৰহ্মাণ্ডত ঢাপে ঢাপে উন্নয়ন ঘটিছে বিজ্ঞান প্ৰযুক্তিৰ। সেয়েহে আমি এই পৃথিৱীৰ প্ৰায় সকলো কথাই হাতৰ মুঠিতে জানিব পাৰো। কিন্তু কেতিয়াবা কেতিয়াবা এনে ঘটনা ঘটে যিয়ে আমাক পুনৰ এবাৰ ভাবিবলৈ বাধ্য কৰে এই সুবিশাল পৃথিৱীৰ প্ৰায় ৭১ শতাংশ পানী আৰু মাত্ৰ ২৯ শতাংশহে মাটি। য’ত পৃথিৱীৰ বহু ঠাই আৰু বহু কথাৰ ৰহস্য এতিয়াও ভেদ কৰিব পৰা নাই বিজ্ঞানীসকলে।

 ভাৰতৰ চুবুৰীয়া দেশ চীনত পোহৰলৈ অহা ঘটনাই সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিলে। পৃথিৱীৰ বহু ঠাইৰ ৰহস্য এতিয়াও ভেদ কৰিব পৰা নাই বিজ্ঞানে। তাৰেই এক প্ৰতিফলন দেখা পোৱা গ’ল চীনত। অৰণ্যৰ ভিতৰত এটা প্ৰকাণ্ড গাঁত পোৱা যায়। গৱেষক দলটোৱে তাত প্ৰৱেশ কৰি আন এখন পৃথিৱীৰ সন্ধান লাভ কৰে। এইখন এনে এখন ঠাই য’ত এতিয়াও পৰা নাই সূৰ্য্যৰ পোহৰ। গৱেষক দলটোৱে ঠাইখন পৰ্যবেক্ষণ কৰাৰ সময়ত বহুতো নতুন নতুন তথ্য লাভ কৰে। চীনৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই সুবিশাল গাঁতটোৰ আকাৰ প্ৰায় ৬৩০ ফুট।

 লে কাউন্টিৰ হাবিত লুকাই থকা এই বিশাল গাঁতটোৰ ভিতৰৰ পৃথিৱীখন দেখি বিজ্ঞানীসকল মুগ্ধ হৈ পৰিছিল। স্থানীয় লোকে এই গাঁতটোৰ নাম ৰাখিছে ‘শ্বেনিং টিয়ানচেং’। স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই গাঁতটোৱে পৃথিৱীখনক আন পৃথিৱীৰ লগত সংযোগ কৰে। তেওঁলোকৰ মতে গাঁতটো আদিম আৰু চিৰন্তন। কিন্তু গৱেষক দলটোৱে সেই পৃথিৱীখনত প্ৰৱেশ কৰি ন ন তথ্য উদঘাটন কৰে। 

৬ মে’ত চীনা গৱেষক চেন লিক্সিনে নিজৰ বৃহৎ দলটোৰ সৈতে গাঁতত প্ৰৱেশ কৰে। দলটোৱে প্ৰৱেশ কৰাৰ লগে লগে জানিব পাৰে যে গাঁতটোত প্ৰৱেশ কৰিবলৈ মুঠ তিনিটা বেলেগ বেলেগ পথ আছে। চীনা দলটোৱে তেওঁলোকৰ গৱেষণাৰ বাবে বহু ছবি আৰু ভিডিঅ’ লয়। এতিয়ালৈকে তাত এনে ৩০টা প্ৰকাণ্ড গাঁতৰ আৱিষ্কাৰ হৈছে। এনেকুৱা কিছুমান তথ্য আৱিষ্কাৰ কৰে যিবোৰৰ বিষয়ে মানুহে এতিয়ালৈকে প্ৰায় একোৱেই নাজানিছিল। পৰ্যবেক্ষণকাৰী দল এলৰ ৰিপ’ৰ্ট অনুসৰি প্ৰকাণ্ড বপু গছজোপাই প্ৰকাণ্ড গাঁতটো ঢাকি ৰাখিছে। গতিকে সূৰ্যৰ পোহৰো তাত সোমাব নোৱাৰে। কিন্তু এই গাঁতটো কেনেকৈ গঢ় লৈ উঠে সেয়া জানিব পৰা হোৱা নাই। কিন্তু বহুতে বিশ্বাস কৰে যে ভিতৰত এটা জলধাৰা আছিল যিটো এতিয়া হেৰাই গৈছে। কিন্তু এই সন্দৰ্ভত অধিক গৱেষণা অব্যাহত ৰাখিছে গৱেষকৰ দলটোৱে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক