--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমূদ্ৰপৃষ্ঠৰ পৰা ষোল্লশ ফুট উচ্চতাৰ বৰফৰ মাজতো লেন দেন হয় টকাৰ। ইমান উচ্চতাতো আছে এটা এটিএম মেছিন। সম্প্ৰতি এই এটিএম মেছিনটো বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা এটি এম মেছিন হিচাপে শিৰোনামা দখল কৰিছে। কিন্তু ক’ত আছে এই এটিএম মেছিনটো?

এই এটিএম মেছিনটো আছে পাকিস্তানৰ চীনা সীমান্তৰ খুঞ্জেৰাব পাছত। দ্যা নেচনেল বেংক অৱ পাকিস্তানে এই এটিএম মেচিনটো স্থাপন কৰিছে।

খুঞ্জেৰাব পাছ পাকিস্তান-চীনা সীমান্তৰ কাৰাকোৰাম পাৰ্বত্যমালাৰ দুৰ্গম অঞ্চলত অৱস্থিত। এফালে আছে পাকিস্তানৰ গিলগিট-বাল্টিস্তান হুনজা আৰু আনফালে আছে চীনৰ জিনজিয়াং অঞ্চল। ই চীন-পাকিস্তানৰ অৰ্থনৈতিক কৰিডৰ আৰম্ভণিস্থল। পৰ্যটকৰ বাবে সমূদ্ৰপৃষ্ঠৰ ১৬,০০০৭ ফুট উচ্চতাৰ এই অঞ্চলটো অত্যন্ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

২০১৬ চনৰ ৬ ছেপ্টেম্বৰৰ পৰা পৰ্যটকসকলৰ বাবে এই অঞ্চলত এটিএম মেচিনৰো উপলব্ধ কৰা হৈছে। এটিএম মেচিনটোত বিদ্যুত হিচাপে বায়ু আৰু সৌৰ শক্তি ব্যৱহাৰ কৰা হৈছে। এটিএম মেচিনটো ২৪ ঘণ্টাৰ মূৰে মূৰে নিৰীক্ষণ কৰা হয়। নিৰীক্ষকৰ দায়িত্বত আছে সমীপৱৰ্তী চষ্ট নগৰত থকা বেংকৰ শাখাটো।

২০১৬ চনৰ ১৮ নৱেম্বৰত এটিএমটোক গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডেও প্ৰাথমিকভাৱে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ ইউনিঅ’ন বেংক ইণ্ডিয়াৰ এটিমএম বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা এটিএম হিচাপে গণ্য কৰা হৈছিল। সমূদ্ৰপৃষ্ঠৰ পৰা ১৪,৩০০ ফুট উচ্চতাত অৱস্থিত বিখ্যাত নাথু-লা পাছত অৱস্থিত এই এটিএমটো ২০০৭ চনত স্থাপন কৰা হৈছিল।

এতিয়া পাকিস্তানৰ এই এটিএমটোৱে পৰ্যটক আৰু স্থানীয় লোকসকলৰ মাজত ব্যাপক ভাৱে সমাদৰ লাভ কৰিছে। এটিএমটো অঞ্চলটোৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশেষকৈ যিসকল পৰ্যটকে এটিএমটোৰ বিষয়ে জ্ঞাত নহয়, তেওঁলোকে দৃষ্টিনন্দন প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত হঠাৎ এইদৰে এটা এটিএমৰ সম্ভেদ লাভ কৰি আচৰিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী