--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমূদ্ৰপৃষ্ঠৰ পৰা ষোল্লশ ফুট উচ্চতাৰ বৰফৰ মাজতো লেন দেন হয় টকাৰ। ইমান উচ্চতাতো আছে এটা এটিএম মেছিন। সম্প্ৰতি এই এটিএম মেছিনটো বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা এটি এম মেছিন হিচাপে শিৰোনামা দখল কৰিছে। কিন্তু ক’ত আছে এই এটিএম মেছিনটো?

এই এটিএম মেছিনটো আছে পাকিস্তানৰ চীনা সীমান্তৰ খুঞ্জেৰাব পাছত। দ্যা নেচনেল বেংক অৱ পাকিস্তানে এই এটিএম মেচিনটো স্থাপন কৰিছে।

খুঞ্জেৰাব পাছ পাকিস্তান-চীনা সীমান্তৰ কাৰাকোৰাম পাৰ্বত্যমালাৰ দুৰ্গম অঞ্চলত অৱস্থিত। এফালে আছে পাকিস্তানৰ গিলগিট-বাল্টিস্তান হুনজা আৰু আনফালে আছে চীনৰ জিনজিয়াং অঞ্চল। ই চীন-পাকিস্তানৰ অৰ্থনৈতিক কৰিডৰ আৰম্ভণিস্থল। পৰ্যটকৰ বাবে সমূদ্ৰপৃষ্ঠৰ ১৬,০০০৭ ফুট উচ্চতাৰ এই অঞ্চলটো অত্যন্ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

২০১৬ চনৰ ৬ ছেপ্টেম্বৰৰ পৰা পৰ্যটকসকলৰ বাবে এই অঞ্চলত এটিএম মেচিনৰো উপলব্ধ কৰা হৈছে। এটিএম মেচিনটোত বিদ্যুত হিচাপে বায়ু আৰু সৌৰ শক্তি ব্যৱহাৰ কৰা হৈছে। এটিএম মেচিনটো ২৪ ঘণ্টাৰ মূৰে মূৰে নিৰীক্ষণ কৰা হয়। নিৰীক্ষকৰ দায়িত্বত আছে সমীপৱৰ্তী চষ্ট নগৰত থকা বেংকৰ শাখাটো।

২০১৬ চনৰ ১৮ নৱেম্বৰত এটিএমটোক গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডেও প্ৰাথমিকভাৱে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ ইউনিঅ’ন বেংক ইণ্ডিয়াৰ এটিমএম বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা এটিএম হিচাপে গণ্য কৰা হৈছিল। সমূদ্ৰপৃষ্ঠৰ পৰা ১৪,৩০০ ফুট উচ্চতাত অৱস্থিত বিখ্যাত নাথু-লা পাছত অৱস্থিত এই এটিএমটো ২০০৭ চনত স্থাপন কৰা হৈছিল।

এতিয়া পাকিস্তানৰ এই এটিএমটোৱে পৰ্যটক আৰু স্থানীয় লোকসকলৰ মাজত ব্যাপক ভাৱে সমাদৰ লাভ কৰিছে। এটিএমটো অঞ্চলটোৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশেষকৈ যিসকল পৰ্যটকে এটিএমটোৰ বিষয়ে জ্ঞাত নহয়, তেওঁলোকে দৃষ্টিনন্দন প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত হঠাৎ এইদৰে এটা এটিএমৰ সম্ভেদ লাভ কৰি আচৰিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক