--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান আজব ঘটনাৰ অভাৱ নাই। এইবাৰো আন এক ঘটনাই আচৰিত কৰিব আপোনাক। আচলতে উত্তৰ প্ৰদেশৰ বাৰেলী জিলাৰ কেণ্ট থানা এলেকাত এঘৰ লোকৰ পোহনীয়া মেকুৰীয়ে চুবুৰীয়া এজন ব্যক্তিৰ পোহনীয়া কুকুৰা খাই পেলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰচণ্ড মাৰপিট হোৱাৰ গোচৰ পোহৰলৈ আহিছে। কালি আৰক্ষীয়ে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। ইফালে মেকুৰী পালন পৰিয়ালটোৰ ৬ জন সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

বাৰেলীৰ কেণ্ট থানাত অৱস্থিত গাঁও মোহনপুৰৰ বাসিন্দা ফৰিদাই দাখিল কৰা এজাহাৰৰ উদ্ধৃতি দি আৰক্ষীয়ে কয় যে ফৰিদাই বুলি কোৱা লোকজনে কুকুৰা পুহিছিল, আনহাতে কাষৰে নদীমৰ ঘৰত আছিল মেকুৰী। 

ফৰিদাই অভিযোগ কৰে যে নদীমৰ মেকুৰীটোৱে তেওঁলোকৰ কুকুৰা খাই পেলাইছিল আৰু যেতিয়া তেওঁ এই বিষয়ে নদিমৰ ঘৰত অভিযোগ কৰিছিল তেতিয়া নদীম, নদীমৰ মাতৃ ইননা, ভগ্নী ছামশুল, শ্ববনম, শ্বাবু আৰু ছামাই তেওঁক গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰিছিল।

ফৰিদাই কয় যে বিতৰ্ক ইমানেই বেছি হ'ল যে যেতিয়া তেওঁৰ সৰু পুত্ৰ মুজাহিদ আৰু কন্যা শদিয়াই প্ৰতিবাদ কৰিছিল তেতিয়া এই ছয়জন লোকে তেওঁলোকক তীব্ৰ প্ৰহাৰ কৰিছিল। কাজিয়াত তেওঁৰ সোণৰ আঙঠি আৰু ফুলিও ক’ৰবাত হেৰাই গ'ল বুলি অভিযোগ উত্থাপন কৰে।

কেণ্ট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বলবীৰ সিঙে জনোৱা মতে, গোচৰটোত লাভ কৰা সমগ্ৰ তথ্যৰ । ভিত্তিত দেওবাৰে নদীমকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু