--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান আজব ঘটনাৰ অভাৱ নাই। এইবাৰো আন এক ঘটনাই আচৰিত কৰিব আপোনাক। আচলতে উত্তৰ প্ৰদেশৰ বাৰেলী জিলাৰ কেণ্ট থানা এলেকাত এঘৰ লোকৰ পোহনীয়া মেকুৰীয়ে চুবুৰীয়া এজন ব্যক্তিৰ পোহনীয়া কুকুৰা খাই পেলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰচণ্ড মাৰপিট হোৱাৰ গোচৰ পোহৰলৈ আহিছে। কালি আৰক্ষীয়ে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। ইফালে মেকুৰী পালন পৰিয়ালটোৰ ৬ জন সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

বাৰেলীৰ কেণ্ট থানাত অৱস্থিত গাঁও মোহনপুৰৰ বাসিন্দা ফৰিদাই দাখিল কৰা এজাহাৰৰ উদ্ধৃতি দি আৰক্ষীয়ে কয় যে ফৰিদাই বুলি কোৱা লোকজনে কুকুৰা পুহিছিল, আনহাতে কাষৰে নদীমৰ ঘৰত আছিল মেকুৰী। 

ফৰিদাই অভিযোগ কৰে যে নদীমৰ মেকুৰীটোৱে তেওঁলোকৰ কুকুৰা খাই পেলাইছিল আৰু যেতিয়া তেওঁ এই বিষয়ে নদিমৰ ঘৰত অভিযোগ কৰিছিল তেতিয়া নদীম, নদীমৰ মাতৃ ইননা, ভগ্নী ছামশুল, শ্ববনম, শ্বাবু আৰু ছামাই তেওঁক গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰিছিল।

ফৰিদাই কয় যে বিতৰ্ক ইমানেই বেছি হ'ল যে যেতিয়া তেওঁৰ সৰু পুত্ৰ মুজাহিদ আৰু কন্যা শদিয়াই প্ৰতিবাদ কৰিছিল তেতিয়া এই ছয়জন লোকে তেওঁলোকক তীব্ৰ প্ৰহাৰ কৰিছিল। কাজিয়াত তেওঁৰ সোণৰ আঙঠি আৰু ফুলিও ক’ৰবাত হেৰাই গ'ল বুলি অভিযোগ উত্থাপন কৰে।

কেণ্ট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বলবীৰ সিঙে জনোৱা মতে, গোচৰটোত লাভ কৰা সমগ্ৰ তথ্যৰ । ভিত্তিত দেওবাৰে নদীমকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক