--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্দিৰলৈ গৈ ভক্তিভাবেৰে বহুতে বহু ধৰণৰ আচাৰ- আচৰণ কৰে। কিন্তু সকলো ক্ষেত্ৰতে অতি বছি হোৱাটো বেয়া। অতি ভক্তি কৰিববলৈ গৈ এজন লোক মন্দিৰৰ এটা শিলৰ হাতীৰ মাজত আবদ্ধ হৈ পৰাৰ ঘটনাই বেছ আলোড়ণৰ সৃষ্টি কৰিছে। 

গুজৰাটৰ এটা মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল এজন লোকে।  মন্দিৰৰ বাহিৰত থকা  হাতীৰ শিলৰ মূৰ্তিৰ মাজেৰে পাৰ হৈ লোকজনে ভক্তি কৰিবলৈ গৈছিল।  বহুতে ধৰাণা কৰে যে মন্দিৰৰ শিলৰ হাতীটোৰ মাজৰে পাৰ হৈ গ’লে  মনৰ আকাংক্ষা পূৰণ হয় । 

সেয়ে লোক জনেও গজৰাজৰ মূৰ্তিৰ ভৰিৰ তলেৰে পাৰ হৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু হঠাতে লোক জন মূৰ্তিটোৰ মাজত  আবদ্ধ হৈ পৰে।তেওঁ হাত , ভৰি জোকাৰি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰাৰ পিছতো সফল হ’ব পৰা নাই। 

এই ঘটনাটোৰ  ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো চাই বহুতে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বহুতে কয় যে এয়া  অতি ভক্তিৰ ফল। লোকজনে পিছত  কেনেকৈ হাতীৰ ভৰিৰ ফাঁকৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল  সেয়া এতিয়াও জানিব পৰা  হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement