--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমানৰ জীৱনশৈলী, খাদ্যাভ্যাস আৰু বৃদ্ধি পোৱা প্ৰদূষণে স্বাস্থ্যৰ লগতে চুলিতো অতি বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত আপোনাৰ চুলি পাতল, ভংগুৰ, বগা, উফি আৰু তেলীয়া যেন লাগে। এনে পৰিস্থিতিত আজি আমি জানিম আহক চুলিৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে পিঁয়াজৰ ব্যৱহাৰ।

 পিঁয়াজত যথেষ্ট পৰিমাণৰ চালফাৰ থাকে, গতিকে ইয়াৰ ব্যৱহাৰে আপোনাৰ চুলি সৰা বন্ধ কৰি দিয়ে। ইয়াৰ উপৰি পিঁয়াজে চুলিক অকালতে ধূসৰ হোৱাৰ পৰাও ৰক্ষা কৰে, গতিকে চুলিৰ বৃদ্ধিৰ বাবে পিঁয়াজ কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানো আহক।

 চুলিৰ বাবে পিঁয়াজ কেনেকৈ ব্যৱহাৰ কৰিব?

১. নাৰিকল তেল আৰু পিঁয়াজঃ-ইয়াৰ বাবে এটা বাটিত ২ চামুচ পিঁয়াজৰ ৰস লৈ তাত ২ চামুচ নাৰিকল তেল দিব। তাৰ পিছত মিহলাই অলপ গৰম কৰি এই মিশ্ৰণটো চুলিত লগাই মালিচ কৰিব। তাৰ পাছত আধা ঘণ্টামান লগাই চুলিখিনি মৃদু চেম্পুৰে ধুব। ইয়াৰ বাবে আপোনাৰ চুলিৰ বাঢ়িবলৈ আৰম্ভ কৰে।

২. কণী আৰু পিঁয়াজঃ-ইয়াৰ বাবে এচামুচ পিঁয়াজৰ ৰস, এটা গোটা কণী আৰু ২ৰ পৰা ৩ টোপাল ৰোজমেৰী বা লেভেণ্ডাৰ অইল এটা বাটিত দিব। তাৰ পিছত আপুনি এই সকলোবোৰ ভালকৈ মিহলাই পেষ্ট বনাই গোটেই চুলিত লগাব। তাৰ পিছত চুলিত কমেও ২০ৰ পৰা ৩০ মিনিট সময় লগাই ধুই পেলাব, ইয়াৰ ফলত চুলি কোমল আৰু মজবুত হয়।

৩. আদা আৰু পিঁয়াজঃ-ইয়াৰ বাবে এটা বাটিত ২ চামুচ আদাৰ ৰস আৰু ২ চামুচ পিঁয়াজৰ ৰস মিহলাই লওক। তাৰ পাছত এই প্ৰস্তুত কৰা মিশ্ৰণটো চুলিৰ গুৰিত লগাব। ইয়াৰ পিছত লঘু হাতেৰে মূৰৰ ছালখন মালিচ কৰি আধা ঘন্টা ৰাখিব। ইয়াৰ পিছত আপুনি চুলিখিনি মৃদু চেম্পুৰে ধুব। দীঘল চুলিৰ বাবে এই চুলি বৃদ্ধি টনিক সপ্তাহত প্ৰায় ২ৰ পৰা ৩বাৰ প্ৰয়োগ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়