--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমানৰ জীৱনশৈলী, খাদ্যাভ্যাস আৰু বৃদ্ধি পোৱা প্ৰদূষণে স্বাস্থ্যৰ লগতে চুলিতো অতি বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত আপোনাৰ চুলি পাতল, ভংগুৰ, বগা, উফি আৰু তেলীয়া যেন লাগে। এনে পৰিস্থিতিত আজি আমি জানিম আহক চুলিৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে পিঁয়াজৰ ব্যৱহাৰ।

 পিঁয়াজত যথেষ্ট পৰিমাণৰ চালফাৰ থাকে, গতিকে ইয়াৰ ব্যৱহাৰে আপোনাৰ চুলি সৰা বন্ধ কৰি দিয়ে। ইয়াৰ উপৰি পিঁয়াজে চুলিক অকালতে ধূসৰ হোৱাৰ পৰাও ৰক্ষা কৰে, গতিকে চুলিৰ বৃদ্ধিৰ বাবে পিঁয়াজ কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানো আহক।

 চুলিৰ বাবে পিঁয়াজ কেনেকৈ ব্যৱহাৰ কৰিব?

১. নাৰিকল তেল আৰু পিঁয়াজঃ-ইয়াৰ বাবে এটা বাটিত ২ চামুচ পিঁয়াজৰ ৰস লৈ তাত ২ চামুচ নাৰিকল তেল দিব। তাৰ পিছত মিহলাই অলপ গৰম কৰি এই মিশ্ৰণটো চুলিত লগাই মালিচ কৰিব। তাৰ পাছত আধা ঘণ্টামান লগাই চুলিখিনি মৃদু চেম্পুৰে ধুব। ইয়াৰ বাবে আপোনাৰ চুলিৰ বাঢ়িবলৈ আৰম্ভ কৰে।

২. কণী আৰু পিঁয়াজঃ-ইয়াৰ বাবে এচামুচ পিঁয়াজৰ ৰস, এটা গোটা কণী আৰু ২ৰ পৰা ৩ টোপাল ৰোজমেৰী বা লেভেণ্ডাৰ অইল এটা বাটিত দিব। তাৰ পিছত আপুনি এই সকলোবোৰ ভালকৈ মিহলাই পেষ্ট বনাই গোটেই চুলিত লগাব। তাৰ পিছত চুলিত কমেও ২০ৰ পৰা ৩০ মিনিট সময় লগাই ধুই পেলাব, ইয়াৰ ফলত চুলি কোমল আৰু মজবুত হয়।

৩. আদা আৰু পিঁয়াজঃ-ইয়াৰ বাবে এটা বাটিত ২ চামুচ আদাৰ ৰস আৰু ২ চামুচ পিঁয়াজৰ ৰস মিহলাই লওক। তাৰ পাছত এই প্ৰস্তুত কৰা মিশ্ৰণটো চুলিৰ গুৰিত লগাব। ইয়াৰ পিছত লঘু হাতেৰে মূৰৰ ছালখন মালিচ কৰি আধা ঘন্টা ৰাখিব। ইয়াৰ পিছত আপুনি চুলিখিনি মৃদু চেম্পুৰে ধুব। দীঘল চুলিৰ বাবে এই চুলি বৃদ্ধি টনিক সপ্তাহত প্ৰায় ২ৰ পৰা ৩বাৰ প্ৰয়োগ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক