--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বগা চুলিৰ সমস্যাই মানুহক প্ৰায়ে অশান্তি দিয়ে। এনে পৰিস্থিতিত কফি আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। কাৰণ চুলিৰ ৰং বৃদ্ধিত কফি ফলপ্ৰসূ। কফিয়ে চুলিত ৰং দিয়াই নহয় চুলিৰ জিলিকনিও বৃদ্ধি কৰে। কিন্তু প্ৰশ্ন হয় ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক।

 কফি কেনেকৈ ব্যৱহাৰ কৰিব?

কফিৰ পৰা একপ্ৰকাৰৰ ৰং প্ৰস্তুত কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে ২ চামুচ কফি পাউদাৰ লৈ তাত একাপ কণ্ডিচনাৰ মিলাই চুলিত লগাই লৈ ১ ঘণ্টা ৰাখি পাছত খালী পানীৰে ধুই পেলাব। দ্বিতীয়াটো হৈছে কফি এলোভেৰা মিহলাই চুলিত লগাই ১ ঘণ্টাৰ পাছত চুলিখিনি পানীৰে ধুব।

১. ধূসৰ চুলিৰ বাবে ফলপ্ৰসূ-

চুলিত কফি লগালে বহুতো উপকাৰ পোৱা যায়, তাৰ ভিতৰত এটা হ’ল ই চুলিত ৰং কৰাত সহায় কৰে। ইয়াৰ ফলত আপোনাৰ বগা চুলিত বাদামী ৰঙৰ দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত আপোনাৰ চুলিখিনি প্ৰাকৃতিকভাৱে বাদামী দেখাৰ লগতে ইয়াক প্ৰয়োগ কৰাটোও অতি সহজ।

২. কফিয়ে চুলিৰ জিলিকনি বৃদ্ধি কৰে-

চুলিৰ জিলিকনি বৃদ্ধিত কফিয়ে সহায় কৰে। ই প্ৰথমে ভিতৰৰ পৰা চুলিলৈ জিলিকি আনে আৰু দ্বিতীয়তে ই চুলিৰ মূৰৰ ছালত কলাজেন বৃদ্ধি কৰে। ইয়াৰ ফলত আপোনাৰ চুলিৰ জিলিকনি বৃদ্ধি পায় আৰু আপোনাৰ চুলিবোৰ অধিক ধুনীয়া দেখা যায়। গতিকে যদি আপুনিও চিকচিকিয়া চুলি বিচাৰে তেন্তে আপুনি কফি ব্যৱহাৰ কৰিব পাৰে

৩. কফি কণ্ডিচনাৰ

চুলিৰ বাবে কফি এক উত্তম কণ্ডিচনাৰ। ই চুলিক ভিতৰৰ পৰা মইশ্ব’ৰাইজ কৰি তাত থকা প্ৰাকৃতিক আৰ্দ্ৰতা লক কৰি ৰাখে। ইয়াৰ বাবে চুলিৰ প্ৰাকৃতিক জিলিকনি ৰৈ যায় আৰু ভিতৰৰ পৰা চুলি সুস্থ হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন