--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকাল অহাৰ লগে লগে আমি সকলোৱে ঠাণ্ডা পানী খাবলৈ আৰম্ভ কৰো। সূৰ্য্যৰ উৎকট তাপ ফলতেই এনে হয়। কিন্তু আপুনি জানেনে যে ঠাণ্ডা পানী আপোনাৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে? এই বতৰত বেছিকৈ ঠাণ্ডা পানী খালে স্বাস্থ্যজনিত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেই সমস্যাবোৰৰ বিষযে জানে আহক। 

১. হৃদস্পন্দনত প্ৰভাৱ পেলায় : ঠাণ্ডা পানীয়ে আপোনাৰ হৃদস্পন্দনৰ গতিত অতি গুৰুতৰভাৱে প্ৰভাৱ পেলায়। ঠাণ্ডা পানীয়ে আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মায়। যাৰ বাবে আমাৰ হৃদস্পন্দনৰ গতি লেহেমীয়া হয়।

২. মেদবহুলতা বৃদ্ধি : মেদবহুলতাৰ আঁৰৰ এটা ডাঙৰ কাৰণ হ’ল আমাৰ অনিয়মিত জীৱনশৈলী। যদি আপুনি খাদ্য খোৱাৰ লগে লগে ঠাণ্ডা পানী খায়, তেন্তে আপোনাৰ মেদবহুলতাৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়। সেয়েহে বিশেষজ্ঞসকলে খাদ্য খোৱাৰ লগে লগে পানী খোৱাত বাধা আৰোপ কৰে।

৩. চৰ্দি-কাহ হ’ব পাৰে : এই বতৰত ঠাণ্ডা পানী খালে মানুহ চৰ্দি-কাহৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। সেইবাবেই খাদ্য খোৱাৰ পাছত ঠাণ্ডা পানীৰ পৰিৱৰ্তে সাধাৰণ পানী খোৱা উচিত।দৰাচলতে ঠাণ্ডা পানীয়ে আমাৰ শৰীৰত প্ৰচুৰ পৰিমাণে শ্লেষ্মা উৎপন্ন কৰে, যাৰ বাবে শৰীৰত সংক্ৰমণৰ আশংকা বাঢ়ি যায়।

৪. পাচন শক্তি দুৰ্বল : অতি ঠাণ্ডা পানী বা যিকোনো পানীয়ই আপোনাৰ ৰক্তকণিকাত প্ৰভাৱ পেলায়, যাৰ ফলত আমাৰ পাচনত প্ৰত্যক্ষ প্ৰভাৱ পৰে। ঠাণ্ডা পানী খোৱাৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে। সেইবাবেই ঠাণ্ডা পানী পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস