--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছলমান খান অভিনীত ‘চুলতান’ শীৰ্ষক চিনেমাখন ২০১৬ত বক্স-অফিচত আলোড়ণ তোলা সফল চিনেমাসমূহৰ ভিতৰত অন্যতম আছিল। ভাইজানে এই চিনেমাখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি তেওঁৰ শৰীৰি গঠনো সলনি কৰিছিল। 

কাৰণ, তেওঁ চিনেমাখনত এজন মল্লযোদ্ধাৰ চৰিত্ৰত অভিনয় কৰিছিল। চিনেমাখনত তেওঁৰ নায়িকা আছিল অনুষ্কা শৰ্মা। এই চিনেমাখনৰ বাবে দুয়োজনে লাভ কৰা পাৰিশ্ৰমিকত যথেষ্ট পাৰ্থক্য আছিল। সূত্ৰ অনুসৰি, প্ৰযোজক গোষ্ঠী যশৰাজ ফিল্মছে ‘চুলতান’ নিৰ্মাণৰ বাবে বাজেট হিচাপে ৯০ কোটি টকা আৱণ্টন কৰিছিল।

অৱশ্যে, চিনেমাখনে সেই বছৰ বক্স-অফিচত ৩০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল। বিশ্বজুৰি ছবিখনৰ ব্যৱসায় হৈছিল ৫০০ কোটিতকৈও অধিক।

কিন্তু এই চিনেমাখনত ছলমান আৰু অনুষ্কাৰ পাৰিশ্ৰমিকৰ পৰিমাণে বহুতক আচৰিত কৰিছে। ছলমানে ছবিখনৰ বাবে কোনো নিৰ্ধাৰিত মাচুল লোৱা নাছিল। তেওঁ চিনেমাখনৰ লাভৰ পৰাহে পাৰিশ্ৰমিক দাবী কৰিছিল। আনহাতে, সেই সময়ত অনুষ্কাই চিনেমাখনৰ বাবে যি হাৰত মাচুল লৈছিল তাৰ ওপৰত নিৰ্ভৰ কৰি, বহুসূত্ৰই দাবী কৰে যে তেওঁক এই ছবিখনৰ বাবে ৬ ৰ পৰা ৭ কোটি টকা পৰিশোধ কৰা হৈছিল। চিনেমাখন হিট হোৱাৰ পাছত ছলমানক যশৰাজে ১০০ কোটি টকা পৰিশোধ কৰিছিল। বাতৰি অনুসৰি, অনুষ্কাই চিনেমাখনৰ বাজেটৰ মাত্ৰ ৬-৭ শতাংশ লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু