--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছলমান খান অভিনীত ‘চুলতান’ শীৰ্ষক চিনেমাখন ২০১৬ত বক্স-অফিচত আলোড়ণ তোলা সফল চিনেমাসমূহৰ ভিতৰত অন্যতম আছিল। ভাইজানে এই চিনেমাখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি তেওঁৰ শৰীৰি গঠনো সলনি কৰিছিল। 

কাৰণ, তেওঁ চিনেমাখনত এজন মল্লযোদ্ধাৰ চৰিত্ৰত অভিনয় কৰিছিল। চিনেমাখনত তেওঁৰ নায়িকা আছিল অনুষ্কা শৰ্মা। এই চিনেমাখনৰ বাবে দুয়োজনে লাভ কৰা পাৰিশ্ৰমিকত যথেষ্ট পাৰ্থক্য আছিল। সূত্ৰ অনুসৰি, প্ৰযোজক গোষ্ঠী যশৰাজ ফিল্মছে ‘চুলতান’ নিৰ্মাণৰ বাবে বাজেট হিচাপে ৯০ কোটি টকা আৱণ্টন কৰিছিল।

অৱশ্যে, চিনেমাখনে সেই বছৰ বক্স-অফিচত ৩০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল। বিশ্বজুৰি ছবিখনৰ ব্যৱসায় হৈছিল ৫০০ কোটিতকৈও অধিক।

কিন্তু এই চিনেমাখনত ছলমান আৰু অনুষ্কাৰ পাৰিশ্ৰমিকৰ পৰিমাণে বহুতক আচৰিত কৰিছে। ছলমানে ছবিখনৰ বাবে কোনো নিৰ্ধাৰিত মাচুল লোৱা নাছিল। তেওঁ চিনেমাখনৰ লাভৰ পৰাহে পাৰিশ্ৰমিক দাবী কৰিছিল। আনহাতে, সেই সময়ত অনুষ্কাই চিনেমাখনৰ বাবে যি হাৰত মাচুল লৈছিল তাৰ ওপৰত নিৰ্ভৰ কৰি, বহুসূত্ৰই দাবী কৰে যে তেওঁক এই ছবিখনৰ বাবে ৬ ৰ পৰা ৭ কোটি টকা পৰিশোধ কৰা হৈছিল। চিনেমাখন হিট হোৱাৰ পাছত ছলমানক যশৰাজে ১০০ কোটি টকা পৰিশোধ কৰিছিল। বাতৰি অনুসৰি, অনুষ্কাই চিনেমাখনৰ বাজেটৰ মাত্ৰ ৬-৭ শতাংশ লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ