--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত ছিণ্ডিকেটৰাজ সমাপ্ত কৰিব বুলি ওফাইদাং মৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাম কেতিয়াও বন্ধ কৰিব নোৱাৰে। এই প্ৰত্যাহ্বান আম আদমি পাৰ্টীৰ। এক বিবৃতিযোগে দলৰ সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক হিচাপে পৰিচিত জিতুমণি দাসক ডিফু আৰক্ষীয়ে আটক কৰি সোধপোছ কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপতে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। মুখ্যমন্ত্ৰীয়েও বঙাইগাঁৱৰ এখন সভাত আটকাধীন দাসৰ পক্ষত ৰাজহুৱাকৈ মন্তব্য কৰীলে। সেয়ে আম আদমি পাৰ্টীয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে ছিণ্ডিকেটৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰাৰ হুংকাৰ দিয়া হিমন্ত বিশ্ব শৰ্মাই এতিয়া মেকুৰীৰ দৰে অভিযুক্তক থানাৰ পৰা উলিয়াই লৈ গ'ল।

ৰাজ্যখনত চলি থকা ছিণ্ডিকেটত বিজেপিৰ বিয়াগোম বিয়াগোম নেতা জড়িত হৈ আছে আৰু সেয়ে মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেট নোহোৱা কৰিবলৈ হ'লে বিজেপিৰ আধা সংখ্যাক নেতা জে'ললৈ যাব লাগিব। অসমৰ পৰা ছিণ্ডিকেট নোহোৱা কৰিবলৈ বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰাৰ বাদে অসমবাসীৰ ওচৰত আন কোনো বিকল্প নাই বুলি আপে সদৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস