--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত ছিণ্ডিকেটৰাজ সমাপ্ত কৰিব বুলি ওফাইদাং মৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাম কেতিয়াও বন্ধ কৰিব নোৱাৰে। এই প্ৰত্যাহ্বান আম আদমি পাৰ্টীৰ। এক বিবৃতিযোগে দলৰ সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক হিচাপে পৰিচিত জিতুমণি দাসক ডিফু আৰক্ষীয়ে আটক কৰি সোধপোছ কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপতে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। মুখ্যমন্ত্ৰীয়েও বঙাইগাঁৱৰ এখন সভাত আটকাধীন দাসৰ পক্ষত ৰাজহুৱাকৈ মন্তব্য কৰীলে। সেয়ে আম আদমি পাৰ্টীয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে ছিণ্ডিকেটৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰাৰ হুংকাৰ দিয়া হিমন্ত বিশ্ব শৰ্মাই এতিয়া মেকুৰীৰ দৰে অভিযুক্তক থানাৰ পৰা উলিয়াই লৈ গ'ল।

ৰাজ্যখনত চলি থকা ছিণ্ডিকেটত বিজেপিৰ বিয়াগোম বিয়াগোম নেতা জড়িত হৈ আছে আৰু সেয়ে মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেট নোহোৱা কৰিবলৈ হ'লে বিজেপিৰ আধা সংখ্যাক নেতা জে'ললৈ যাব লাগিব। অসমৰ পৰা ছিণ্ডিকেট নোহোৱা কৰিবলৈ বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰাৰ বাদে অসমবাসীৰ ওচৰত আন কোনো বিকল্প নাই বুলি আপে সদৰি কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা