--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ যুগ "সমাপ্ত"! কিন্তু এয়া কোনো সকাহৰ বাৰ্তা নহয়। এই গ্ৰীষ্মকালত সমগ্ৰ পৃথিৱীখন "ফুলি উঠিব"। এই মন্তব্য ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছৰ। উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে গোলকীয় উষ্ণতাৰ যুগ শেষ হৈছে। গ্ল’বেল বয়লিঙৰ যুগ আহি পৰিছে।'' নিউয়ৰ্কত হোৱা এক আলোচনাত তেওঁ মন্তব্য কৰে।

তেওঁ ৰাষ্ট্ৰসমূহৰ নেতাসকলক উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক আৰু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰ্তা প্ৰদান কৰে। গুটেৰেছে কয় যে উত্তৰ গোলাৰ্ধত ভয়ংকৰভাৱে গৰম। তেওঁ কয়- “এয়া সমগ্ৰ গ্ৰহটোৰ বাবে এক বিপৰ্যয়।”

উল্লেখ্য যে এইবাৰ জুলাই মাহত সকলো পুৰণি অভিলেখ ভংগ কৰিলে। জাৰ্মানীৰ লাইপজিগ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছে এক প্ৰতিবেদন। তাত দাবী কৰা হৈছে যে বিগত ১ লাখ ২০ হাজাৰ বছৰত ইমান গৰম জুলাই মাহ বিশ্বই দেখা নাই।

ইউৰোপীয় সংঘৰ (ইউৰোপীয় সংঘ)ৰ তথ্য অনুসৰি ইয়াৰ পূৰ্বে আটাইতকৈ উষ্ণ জুলাই মাহত আছিল ২০১৯ চনত। সেই বছৰ উষ্ণতাই ১৭৪ বছৰৰ (এতিয়ালৈকে উপলব্ধ) অভিলেখ ভংগ কৰিছিল। এইবাৰ গৰম বাঢ়িছে।

সাধাৰণতে জুলাই মাহত বিশ্বৰ গড় উষ্ণতা (গোলকীয় গড় উষ্ণতা) ১৬ ডিগ্ৰী চেলছিয়াছ (সমগ্ৰ দক্ষিণ গোলাৰ্ধৰ শীতকালীন উষ্ণতাত গণনা কৰা)। চলিত বৰ্ষৰ জুলাই মাহত বিশ্বৰ গড় উষ্ণতা প্ৰায় ১৭ ডিগ্ৰী চেলছিয়াছ। ১ ডিগ্ৰী বেছি।

লেইপজিগৰ জলবায়ু বিজ্ঞানী কাৰ্ষ্টেন হোষ্টেনে কয় যে, “লাখ লাখ বছৰৰ আগতে হয়তো পৃথিৱীত ইমান উষ্ণ পৰিবেশ আছিল। আমি সেই ঠাইলৈ উভতি যাম।''

লাখ লাখ বছৰৰ আগৰ বিশদ আৰু স্পষ্ট তথ্য বিজ্ঞানীসকলৰ বাবে স্বাভাৱিকতে উপলব্ধ নহয়। কিন্তু তেতিয়াও পৃথিৱীয়ে বিগত ১ লাখ ২০ হাজাৰ বছৰত এনে গৰম দেখা পোৱা নাই।

আজি গুটেৰেছে কয়- ''গোলকীয় উষ্ণতা বৃদ্ধিৰ যুগ শেষ। এইবাৰ গ্ল’বেল বয়লিং। মৰ্মান্তিক পৰিণতি হ’বলৈ গৈ আছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ