--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাদ্ধাই ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানত বিবাহপাশত আবদ্ধ হ’ব। যোৱা ১৩ মে’ত দিল্লীত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত দুয়োৰে বাগদান সম্পন্ন হয়।

ইটাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পৰিনীতি আৰু ৰাঘৱৰ এই দিনটোৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু বিয়াৰ স্থানো দুয়োটা পৰিয়ালে চূড়ান্ত কৰিছে।খবৰ অনুসৰি অহা ২৫ ছেপ্টেম্বৰত ৰাজস্থানত এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হ’ব আৰু পাছত গুৰুগ্ৰামত অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিব। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা বিবাহ উৎসৱৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব অভিনেত্ৰীগৰাকীয়ে।

ইয়াৰ পূৰ্বে উদয়পুৰ বা জয়পুৰত পৰিনীতি আৰু ৰাঘৱে বিবাহপাশত আবদ্ধ হ’ব বুলি খবৰ ওলাইছিল। দুমাহমান আগতে উদয়পুৰত তেওঁলোকক দেখা গৈছিল আৰু তেওঁলোকে বিয়াৰ স্থান আৰু চহৰৰ ওচৰৰ পৰ্যটনস্থলী আৰু হোটেলৰ বিষয়ে সোধা-পোছা কৰিবলৈ জেট বিমানেৰে যাত্ৰা কৰিছিল।

উল্লেখ্য যে খবৰ অনুসৰি লণ্ডনত ইণ্ডিয়া ইউ কে আউটষ্টেণ্ডিং এচিভাৰ অনাৰ্ছৰ সময়ত এই দম্পতীহালে ইজনে-সিজনক লগ পাইছিল। তেওঁলোকে ব্ৰিটেইনত অৰ্থনীতি অধ্যয়ন কৰিছিল পৰিনীতিয়ে তেওঁৰ এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে ৰাঘৱৰ সৈতে মাত্ৰ এটা ব্ৰেকফাষ্ট কৰাৰ পাছত তেওঁ জানিছিল যে তেওঁৰ বাবে ৰাঘৱেই। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস