ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাদ্ধাই ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানত বিবাহপাশত আবদ্ধ হ’ব। যোৱা ১৩ মে’ত দিল্লীত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত দুয়োৰে বাগদান সম্পন্ন হয়।
ইটাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পৰিনীতি আৰু ৰাঘৱৰ এই দিনটোৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু বিয়াৰ স্থানো দুয়োটা পৰিয়ালে চূড়ান্ত কৰিছে।খবৰ অনুসৰি অহা ২৫ ছেপ্টেম্বৰত ৰাজস্থানত এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হ’ব আৰু পাছত গুৰুগ্ৰামত অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিব। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা বিবাহ উৎসৱৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব অভিনেত্ৰীগৰাকীয়ে।
ইয়াৰ পূৰ্বে উদয়পুৰ বা জয়পুৰত পৰিনীতি আৰু ৰাঘৱে বিবাহপাশত আবদ্ধ হ’ব বুলি খবৰ ওলাইছিল। দুমাহমান আগতে উদয়পুৰত তেওঁলোকক দেখা গৈছিল আৰু তেওঁলোকে বিয়াৰ স্থান আৰু চহৰৰ ওচৰৰ পৰ্যটনস্থলী আৰু হোটেলৰ বিষয়ে সোধা-পোছা কৰিবলৈ জেট বিমানেৰে যাত্ৰা কৰিছিল।
উল্লেখ্য যে খবৰ অনুসৰি লণ্ডনত ইণ্ডিয়া ইউ কে আউটষ্টেণ্ডিং এচিভাৰ অনাৰ্ছৰ সময়ত এই দম্পতীহালে ইজনে-সিজনক লগ পাইছিল। তেওঁলোকে ব্ৰিটেইনত অৰ্থনীতি অধ্যয়ন কৰিছিল পৰিনীতিয়ে তেওঁৰ এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে ৰাঘৱৰ সৈতে মাত্ৰ এটা ব্ৰেকফাষ্ট কৰাৰ পাছত তেওঁ জানিছিল যে তেওঁৰ বাবে ৰাঘৱেই। "