--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্বিযুক্ত লিভাৰ বা ফেটি লিভাৰৰ সমস্যা এতিয়া এক গুৰুতৰ স্বাস্থ্য সমস্যা হিচাবে দেখা দিছে। আমাৰ খাদ্যভাসৰ বাবেই ফেটি লিভাৰৰ সমস্যাই দেখা দিব পাৰে। ফেটি লিভাৰ বা  চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগী যকৃতৰ চিৰোচিছৰ পৰা যকৃতৰ কৰ্কট ৰোগ আদিতো আক্ৰান্ত হ’ব পাৰে। ফেটি লিভাৰৰ বাবে পেটৰ বিষ হ’ব পাৰে। এনে পেটৰ বিষক বহুতে সাধাৰণ গেছ আদিৰ বাবে হোৱা বিষ বুলি ভাবিব পাৰে। কিন্তু গেছৰ বাবে হোৱা পেটৰ বিষ আৰু ফেটি লিভাৰৰ বাবে হোৱা   পেটৰ বিষৰ মাজত পাৰ্থক্য আছে। 


ফেটি লিভাৰৰ বাবে হোৱা পেটৰ বিষ পেটৰ সোঁ পিনে ওপৰৰ ফালে অনুভৱ হয়।ফেটি লিভাৰৰ সমস্যা সন্দৰ্ভত কলকাতাৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে প্ৰকৃততে শৰীৰৰ বহু ঠাইত চৰ্বি জমা হ'ব পাৰে। শৰীৰৰ আন অংগৰ দৰেই আমাৰ যকৃততো চৰ্বি জমা হ’ব পাৰে। এই ক্ষেত্ৰত, যকৃতত ট্ৰাইগ্লিচাৰাইড বা কলেষ্টেৰল চৰ্বি হিচাপে জমা হয়। 

সেয়েহে, প্ৰতিজন ব্যক্তিয়ে ইয়াৰ বিষয়ে সাৱধান হ'ব লাগিব। এই ৰোগৰ মূলতঃ দুটা ভাগ আছে। প্ৰথমটো হ'ল এলকহলৰ বাবে হোৱা চৰ্বিযুক্ত যকৃতৰ ৰোগ। সুৰাপান হৈছে এই ৰোগৰ মুখ্য কাৰণ। আনহাতে, সুৰা গ্ৰহণ নকৰা লোকৰো  চৰ্বিযুক্ত যকৃতৰ ৰোগ হোৱাৰ আশংকা থাকে । এইক্ষেত্ৰত  ৰোগৰ কাৰণ  সম্পূৰ্ণ পৃথক। এনে সুৰাপান নকৰা লোকৰ যকৃতত চৰ্বি জমা হোৱাৰ কাৰণ সুৰা নহয়। তেওঁলোকৰ সমস্যাটো জীৱনশৈলী আৰু আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। 

কেইবিধমান বিশেষ খাদ্যই চৰ্বিযুক্ত যকৃতৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি যকৃত সুস্থ ৰাখিবলৈ সেই খাদ্যসমূহ পৰিহাৰ কৰিব লাগিব। আহক চাওঁ কেনে খাদ্যই যকৃতৰ চৰ্বি বৃদ্ধি কৰিব পাৰে-

আৰু পঢ়ক:  ওজন হ্ৰাস কৰাত নেমুৰ পানী কিমান ফলপ্ৰসূ?

১. ঘিউ, মাখন, ডালডা

আমাৰ বিভিন্ন ৰন্ধন প্ৰকৰণত ঘিউ আৰু মাখন ব্যৱহাৰ কৰা হয়। কিন্তু এনেবোৰ খাদ্য যকৃতৰ বাবে  ভাল নহয়। কিয়নো এই খাদ্যত সংপৃক্ত চৰ্বি থাকে।  এই সংপৃক্ত চৰ্বি যকৃতত জমা হ'ব পাৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে ঘিউ, মাখন পৰিহাৰ অথবা যিমান পাৰি কমকৈ খাব লাগে৷
 বিশেষকৈ চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগীসকলৰ বাবে এই খাদ্য স্পৰ্শ কৰাটোও পাপ বুলি  ডাঃ পালে কয়।

প্ৰায়ে দেখা যায় যে মানুহে খাদ্যত সোৱাদৰ বাবে ডালডা মিহলি কৰে।  ইয়াৰ ফলতো যকৃতত চৰ্বি জমা হ’ব পাৰে। 
২. শীতল পানীয়

গ্ৰীষ্মৰ দিনত শীতল পানীয় খোৱাটো আমাৰ বহুতৰে অভ্যাস৷।কিন্তু শীতল পানীয় খোৱাটো প্ৰকৃততে শৰীৰৰ বাবে ক্ষতিকাৰক। শীতল পানীয়ত যথেষ্ট পৰিমাণে চেনি থাকে। সেই চেনিয়েই শৰীৰত জমা হয় চৰ্বি হিচাপে। গতিকে ডাঃ পালে শীতল পানীয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে৷

৩. ভজা মিঠাই

বহুতেই মিঠাই খাই ভালপায়। মিঠাইত যথেষ্ট মাত্ৰাত চেনী আছে। যেতিয়া মিঠাইটো পুনৰ ভজা হয়, তেতিয়া ই তেলৰ সংস্পৰ্শলৈ আহে৷ ফলত ভজা মিঠাই যেনে লালমোহন আজিয়ে যকৃতৰ চৰ্বিৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। চমনি আৰু তেল,এই দুয়োটাৰ সংমিশ্ৰণে জটিলতাৰ সৃষ্টি কৰিব পাৰে। গতিকে ভজা মিঠাইৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল৷

৪. সুৰাপান

ডাঃ পালে কয়, ’মই আগতে কোৱাৰ দৰে, এক প্ৰকাৰৰ চৰ্বিযুক্ত যকৃত আছে যি সুৰাপানৰ বাবে হয়। এই ক্ষেত্ৰত, যদি কোনোৱাই অত্যাধিক সুৰা পান কৰে, শৰীৰত যথেষ্ট কেলৰি প্ৰৱেশ কৰে। তাৰ পিছত এই অতিৰিক্ত কেলৰিবোৰ যকৃতলৈ যায় আৰু সমস্যাৰ সৃষ্টি কৰে। এনে কেলৰি আনকি যকৃতত জমা হ'ব পাৰে। সেয়ে  সুৰাৰ পৰা আঁতৰি থাকিব পাৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰাও ভালে খিনি আঁতৰি থাকিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে৷ মুঠৰ ওপৰত অধিক তেল-মছলাযুক্ত খাদ্য, সুৰা আদিৰ পৰা আঁতৰি থাকিব পাৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰা বহু খিনি দূৰত থাকিব পাৰি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement