--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বিভিন্ন ৰোগৰ চিকিৎসা লাভ কৰাটো দেশত অতি ব্যয়বহুল হৈ পৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাক সকাহ দিয়াৰ সিদ্ধান্ত লৈছে। এন পি পি এ অৰ্থাৎ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই (এন পি পি এ) ৬৯টা নতুন ঔষধৰ খুচুৰা মূল্য আৰু ৩১টা ঔষধৰ চিলিং মূল্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ লগে লগে কলেষ্টেৰল, মধুমেহ, বিষ, জ্বৰ, সংক্ৰমণ, অত্যধিক ৰক্তক্ষৰণ, কেলচিয়াম, ভিটামিন ডি ৩, শিশুৰ এন্টিবায়টিককে ধৰি ১০০ টা ঔষধৰ দাম হ্ৰাস হ’ব আৰু স্বাস্থ্যসেৱাৰ বাবে জনসাধাৰণৰ ব্যয় কমি যাব।

এন পি পি এ ইণ্ডিয়াই ৬৯টা নতুন ঔষধৰ খুচুৰা মূল্য আৰু ৩১টা চিলিং মূল্য নিৰ্ধাৰণ কৰিছে আৰু একেটা সন্দৰ্ভতে অধিসূচনা জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ঔষধ বিভাগৰ এন পি পি এয়ে এই অধিসূচনা জাৰি কৰিছে। 

কলেষ্টেৰল,ডায়েবেটিছ, বিষ, জ্বৰ, সংক্ৰমণ, অত্যধিক ৰক্তক্ষৰণ প্ৰতিৰোধী, কেলচিয়াম, ভিটামিন ডি ৩, শিশুৰ এন্টিবায়টিককে ধৰি এন্টিভেনম ঔষধৰো দাম সস্তা হ’ব। সাপৰ কামোৰৰ চিকিৎসাত এন্টিভেনম ব্যৱহাৰ কৰা হয়। এন পি পি এৰ নতুন নিৰ্দেশে ১০০ টা ঔষধ সস্তা হোৱাৰ পথ প্ৰশস্ত কৰিছে। শিশুৰ বাবে সুলভ মূল্যৰ এন্টিবায়টিকৰ উপলব্ধতাৰ পৰাই শিশু স্বাস্থ্য সেৱাৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

উল্লেখ্য যে,নিয়ন্ত্ৰিত বাল্ক ঔষধ আৰু প্ৰস্তুতিৰ মূল্য সংশোধন কৰাৰ লগতে দেশত ঔষধৰ মূল্য আৰু উপলব্ধতা বলবৎ কৰিবলৈ এনপিপিএ স্থাপন কৰা হৈছিল। প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ অধীনস্থ এটা সংগঠন যিটো ঔষধৰ মূল্য নিয়ন্ত্ৰণ আদেশৰ অধীনত গঠিত হৈছিল। ইয়াৰ কাৰ্যাৱলী হ’ল কেন্দ্ৰীয় চৰকাৰক ঔষধ নীতিত পৰিৱৰ্তন বা সংশোধন কৰিবলৈ পৰামৰ্শ দিয়া আৰু নিয়ন্ত্ৰিত ঔষধৰ মূল্যৰ ওপৰত চকু ৰখা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু