--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বিভিন্ন ৰোগৰ চিকিৎসা লাভ কৰাটো দেশত অতি ব্যয়বহুল হৈ পৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাক সকাহ দিয়াৰ সিদ্ধান্ত লৈছে। এন পি পি এ অৰ্থাৎ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই (এন পি পি এ) ৬৯টা নতুন ঔষধৰ খুচুৰা মূল্য আৰু ৩১টা ঔষধৰ চিলিং মূল্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ লগে লগে কলেষ্টেৰল, মধুমেহ, বিষ, জ্বৰ, সংক্ৰমণ, অত্যধিক ৰক্তক্ষৰণ, কেলচিয়াম, ভিটামিন ডি ৩, শিশুৰ এন্টিবায়টিককে ধৰি ১০০ টা ঔষধৰ দাম হ্ৰাস হ’ব আৰু স্বাস্থ্যসেৱাৰ বাবে জনসাধাৰণৰ ব্যয় কমি যাব।

এন পি পি এ ইণ্ডিয়াই ৬৯টা নতুন ঔষধৰ খুচুৰা মূল্য আৰু ৩১টা চিলিং মূল্য নিৰ্ধাৰণ কৰিছে আৰু একেটা সন্দৰ্ভতে অধিসূচনা জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ঔষধ বিভাগৰ এন পি পি এয়ে এই অধিসূচনা জাৰি কৰিছে। 

কলেষ্টেৰল,ডায়েবেটিছ, বিষ, জ্বৰ, সংক্ৰমণ, অত্যধিক ৰক্তক্ষৰণ প্ৰতিৰোধী, কেলচিয়াম, ভিটামিন ডি ৩, শিশুৰ এন্টিবায়টিককে ধৰি এন্টিভেনম ঔষধৰো দাম সস্তা হ’ব। সাপৰ কামোৰৰ চিকিৎসাত এন্টিভেনম ব্যৱহাৰ কৰা হয়। এন পি পি এৰ নতুন নিৰ্দেশে ১০০ টা ঔষধ সস্তা হোৱাৰ পথ প্ৰশস্ত কৰিছে। শিশুৰ বাবে সুলভ মূল্যৰ এন্টিবায়টিকৰ উপলব্ধতাৰ পৰাই শিশু স্বাস্থ্য সেৱাৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

উল্লেখ্য যে,নিয়ন্ত্ৰিত বাল্ক ঔষধ আৰু প্ৰস্তুতিৰ মূল্য সংশোধন কৰাৰ লগতে দেশত ঔষধৰ মূল্য আৰু উপলব্ধতা বলবৎ কৰিবলৈ এনপিপিএ স্থাপন কৰা হৈছিল। প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ অধীনস্থ এটা সংগঠন যিটো ঔষধৰ মূল্য নিয়ন্ত্ৰণ আদেশৰ অধীনত গঠিত হৈছিল। ইয়াৰ কাৰ্যাৱলী হ’ল কেন্দ্ৰীয় চৰকাৰক ঔষধ নীতিত পৰিৱৰ্তন বা সংশোধন কৰিবলৈ পৰামৰ্শ দিয়া আৰু নিয়ন্ত্ৰিত ঔষধৰ মূল্যৰ ওপৰত চকু ৰখা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক