--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গৌৰীপুৰ থানাৰ অন্তৰ্গত লালকুৰা দ্বিতীয় খণ্ড গাঁৱৰ বেল্লাল শ্বেখৰ পুত্ৰ আতিকুল ৰহমানে গাঁৱৰ ভিতৰুৱা হোজা ৰাইজক ছেইফ আলী খানে গোপনে ধন যোগান ধৰিব বুলি প্ৰলোভন দিয়ে।

ডিজিটেল ডেস্ক: ধুবুৰীৰ গোলকগঞ্জত গ্ৰেপ্তাৰ ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য। ধনৰ প্ৰলোভনেৰে বেংক একাউন্ট খুলি হিতাধিকাৰীৰ অজ্ঞাতে গোপন লেনদেন চাইবাৰ চক্ৰৰ। মৌলবাদীয়ে ধনৰ লেনদেন কৰাৰ সন্দেহ ঘনীভূত।


অসম বিধানসভাৰ শীতকালীন অধিবেশন চলি থকাৰ সময়তে অসমৰ বাবে এক ভয়ংকৰ খবৰ। চাইবাৰ চক্ৰৰ টাৰ্গেট গ্ৰামাঞ্চলৰ সহজ সৰল লোক। হিতাধিকাৰীৰ অজ্ঞাতে লাখ লাখ টকাৰ লেনদেন।


হিতাধিকাৰীৰ নামীয় বেংক একাউন্ট, ছীম ব্যৱহাৰ চাইবাৰ ক্ৰাইম চক্ৰৰ। নিতৌ লাখ লাখ টকাৰ লেনদেনৰ তথ্য প্ৰকাশ।


ধুবুৰী জিলাৰ মটেৰঝাৰত জালিয়াতিৰে ষ্টেট বেংকৰ একাউণ্ট খুলি বিভিন্নজনক বিক্ৰী কৰা ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰত জড়িত এজন সদস্যক স্থানীয় ৰাইজে আটক কৰি গোলকগঞ্জ আৰক্ষীক গতাই দিয়ে।


জানিব পৰা মতে, গৌৰীপুৰ থানাৰ অন্তৰ্গত লালকুৰা দ্বিতীয় খণ্ড গাঁৱৰ বেল্লাল শ্বেখৰ পুত্ৰ আতিকুল ৰহমানে গাঁৱৰ ভিতৰুৱা হোজা ৰাইজক ছেইফ আলী খানে গোপনে ধন যোগান ধৰিব বুলি প্ৰলোভন দিয়ে।


যোগান ধৰা টকাৰ বাবে একাউণ্ট খোলাৰ কথা কৈ শতাধিক লোকৰ আধাৰ কাৰ্ডকে ধৰি প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰি প্ৰথমে মোবাইল ছিমকাৰ্ড প্ৰস্তুত কৰে। ছিমকাৰ্ড খন নিজৰ লগত ৰাখি মটেৰঝাৰ ষ্টেট বেংকত লোক সকলৰ স্বাক্ষৰ, ফিংগাৰ প্ৰিণ্ট দি একাউন্ট খোলে। কিন্তু চতুৰ আতিকুল আৰু তেওঁৰ চক্ৰটোৱে একাউণ্টসমূহ লোকসকলক প্ৰদান নকৰি ধন জমা হ'লে একেবাৰে মোকলাই দিব আৰু এই সন্দৰ্ভত কাকো অৱগত নকৰাৰ বাবে পতিয়ন নিয়ায়।


তাৰ পিছত চক্ৰটোৱে মটেৰঝাৰ ষ্টেট বেংকৰ পৰা একাউণ্ট সমূহ দূৰৰ অইন অইন শাখাত সলনি কৰি লৈ যায়। এই সমন্ধে ভূ নাপায় একাউণ্টৰ গৰাকীয়ে। তাৰপাছত অজ্ঞাত লোকে ধনৰ লেনদেন কৰে উক্ত একাউণ্ট সমূহৰ জৰিয়তে। চক্ৰটোৱে গ্ৰামাঞ্চলৰ লোকক এনেকৈ ছেইফ আলী খানৰ টকা গোপনে একাউণ্টত সোমোৱাৰ প্ৰলোভন দি মটেৰঝাৰ ষ্টেট বেংকত একাউণ্টসমূহ প্ৰস্তুত কৰি আছে।


যোৱা চৈধ্য নৱেম্বৰত বালাজান দ্বিতীয় খণ্ড গাঁৱৰ সাহৰুল শ্বেখৰ পুত্ৰ আনিছুল হকক একে প্ৰলোভনেৰে মাতি নি নথি-পত্ৰ সংগ্ৰহ কৰি ছিমকাৰ্ড প্ৰস্তুত কৰে। ছিমকাৰ্ডখন উলিয়াই তেওঁক নিদিয়াত আনিছুলৰ সন্দেহ হয়।


আনিছুলে ফোনত কথোপকথন শুনিয়ে মোবাইল নম্বৰটো মুখস্থ কৰে। সন্দেহ ঘনীভূত হোৱাত কৌশলেৰে একাউণ্ট নম্বৰটোও সংগ্ৰহ কৰে।


চক্ৰটোৰ চলন ফুৰণত সন্দেহ ওপজি কালি আনিছুলে মোবাইল ছিমকাৰ্ড খন বন্ধ কৰি পুনৰ নতুনকৈ ছিমকাৰ্ড প্ৰস্তুত কৰে। কালি এই সন্দৰ্ভত স্থানীয় একাংশ সচেতন লোকক লগত লৈ মটেৰঝাৰ ষ্টেট বেংকত যোৱাৰ পিছতে উৰহিৰ ওৰ ওলাই পৰে।


আনিছুলে এটকাও লেনদেন নকৰা তেওঁৰ একাউণ্টত ইতিমধ্যে ছয় লাখ আশী হাজাৰ টকাৰ লেন দেন হৈছে। তাতোকৈ ভয়ংকৰ কথা হ'ল তেওঁৰ অজ্ঞাতে ইতিমধ্যে একাউণ্ট গোৱালপাৰা ষ্টেট বেংক লৈ সলনি কৰি লৈ যোৱা হৈছে। খবৰ পাই তেওঁৰ মূৰত সৰগ ভাঙি পৰা ধৰণৰ হৈ পৰে। স্থানীয় একাংশ ৰাইজক লৈ আতিকুলক মটেৰঝাৰত বিচাৰি উলিয়ায় আনিছুলে। সেই সময়তো তেওঁ স্থানীয় একাংশ লোকৰ নথি-পত্ৰ সংগ্ৰহ কৰি ছিমকাৰ্ড বনোৱাত ব্যস্ত হৈ আছিল। তেওঁৰ লগত দুই এটা কথা আৰম্ভ কৰাৰ লগে লগে ছেগ বুজি দৌৰি পলায়ন কৰে।


ৰাইজ খেদি খেদি আটক কৰি উত্তম মাধ্যম সোধায় আতিকুল ৰহমানক। গোলকগঞ্জ থানাৰ আৰক্ষীয়ে খবৰ পাই আতিকুলক আটক কৰি থানালৈ আনে। ভুক্তভোগী আনিছুলৰ এজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে ২৮৬/২৫ নম্বৰত গোচৰ অব্যাহত ৰাখিছে। ঘটনাৰ লগত বহু লোক জড়িত থকাৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে।


একাউণ্টবোৰৰ জৰিয়তে বিদেশৰ পৰা কোনো মৌলবাদী ধনৰ লেনদেন কৰা বুলিও স্থানীয় সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে ভুক্তভোগীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন