--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: চয়াবিনে হাড়ৰ দুৰ্বলতাৰ পৰা ৰক্ষা কৰে। ইয়াত প্ৰ’টিন প্ৰচুৰ পৰিমাণে থাকে।চয়াবিধত কণী, গাখীৰ, আনকি মাংসতকৈও অধিক প্ৰটিন থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন বি কমপ্লেক্স, ভিটামিন ই মিনাৰেল আৰু এমিনো এচিড থাকে।  এই সকলোবোৰ উপাদানে শৰীৰৰ প্ৰয়োজনীয় বিকাশত সহায় কৰে আৰু শৰীৰক বহুতো ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু চয়াবিন সকলোৰে বাবে উপকাৰী নহয়।

চয়াবিন কাৰ বাবে বিপদজনক?

অত্যধিক চয়াবিন সেৱন পুৰুষৰ বাবে বিপদজনক। কিন্তু মহিলাৰ বাবে ই অতি প্ৰয়োজনীয়। দৰাচলতে চয়াবিনত ইষ্ট্ৰজেন হৰম’ন বেছি থাকে। সেইবাবেই পুৰুষৰ চয়াবিন বেছিকৈ খালে টেষ্টষ্টেৰন হৰম’ন কমিব পাৰে।  সেয়ে চয়াবিন অত্যধিক সেৱন নকৰিবলৈও চিকিৎসকে পৰামৰ্শ দিয়ে।

এক অধ্যয়নত দেখা গৈছে যে চয়াবিন চাইট’ইষ্ট’জেনছ নামৰ ৰাসায়নিক পদাৰ্থ থাকে। ইয়াৰ হৰম’নৰ ওপৰত বেয়া প্ৰভাৱ পৰে। চয়াবিনৰ দৰে খাদ্যৰ‌ পৰা  যুৱক-যুৱতীসকল আঁতৰি থকাটো ভাল। বুকু আৰু পেটতো চৰ্বি জমা হয়।

কাৰ‌ বাবে চয়াবিন উপকাৰী? 

বিশেষজ্ঞসকলৰ মতে, উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে প্ৰতিদিনে চয়াবিন খাব লাগে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডায়েবেটিছত চয়াবিন খোৱাটোও উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াত পোৱা প্ৰ’টিনে গ্লুক’জ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ইনচুলিনৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব পাৰে।

মহিলাসকলে চয়াবিন খাব লাগে

মহিলাসকলে খাদ্য তালিকাত চয়াবিন অন্তৰ্ভুক্ত কৰিব লাগিব। এটা নিৰ্দিষ্ট বয়সৰ পাছত মহিলাৰ হাড় দুৰ্বল হ’বলৈ ধৰে, যাৰ ফলত অষ্টিঅ’প’ৰ’ছিছ নামৰ ৰোগ হয়। ইয়াৰ বাবে তেওঁলোকে ডিঙিৰ বিষ, কঁকালৰ বিষ আৰু মেৰুদণ্ডৰ বিষ আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। চয়াবিন খালে মহিলাৰ অষ্টিঅ’পৰ’ছিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰি। আনহাতে চিকিৎসকৰ পৰামৰ্শ লৈহে গৰ্ভাৱস্থাত চয়াবিন সেৱন কৰিব লাগে।

মানসিক ৰোগত আক্ৰান্ত হ’লে চয়াবিন খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। চয়াবিনে‌ মনক ভাৰসাম্য ৰক্ষা কৰি বুদ্ধি গঢ়ি তোলে। কেৱল চয়াবিনৰ ইমানবোৰ উপকাৰীতা আছে যে ইয়াক খালে আপুনি প্ৰটিন কেলচিয়াম, ভিটামিন আইৰণ ফছফৰাছ, কপাৰ পটাছিয়াম, মেগনেছিয়াম আৰু জিংক আদি পুষ্টিকৰ উপাদান লাভ কৰিব পাৰে। যিবোৰ যিকোনো মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়।

চয়াবিন নিঃসন্দেহে প্ৰটিনৰ এক উত্তম উৎস কিন্তু চয়াবিন বেছিকৈ খালে স্বাস্থ্যৰো ক্ষতি হ’ব পাৰে। ইয়াৰ অধিক পৰিমাণে সেৱন কৰিলে এলাৰ্জীৰ সমস্যা হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু