--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ইউটিউবাৰ চ্যাণ্ডি সাহাৰ ঘৰত সংঘটিত হ’ল এক চুৰি কাণ্ড!চ্যাণ্ডিয়ে জনোৱা অনুসৰি কিছুদিন আগতে এজন সহযোগী ইউটিউবাৰে সহায় বিচাৰি আহিছিল। দুবাৰ চিন্তা নকৰাকৈয়ে চ্যাণ্ডিয়ে সহায় কৰিবলৈ হাতখন আগবঢ়াই দিলে,যেন সেই সহায়ৰ হাতখনেই হ’ল চ্যাণ্ডিৰ বাবে কাল।

চুৰিৰ ঘটনাটোত চ্যাণ্ডিয়ি ৫২ হাজাৰ টকাৰ ইয়াৰপড, সোণৰ গহনা আৰু নগদ ধন চুৰি হৈছে বুলি জানিবলৈ দিছে৷ ইতিমধ্যে চ্যাণ্ডিয়ে নৰেন্দ্ৰপুৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ কৰা অনুসৰি চ্যাণ্ডিৰ সতীৰ্থ ইউটিউবাৰ নাম বিষ্ণুপদ নাস্কৰ। ব্যক্তিজনৰ 'বং ব্ৰীজ' নামৰ এটা চেনেল আছে।

এই প্ৰসংগত চ্যাণ্ডিয়ে কয় যে,"এই ব্যক্তিজনে কাম শিকিবলৈ মোৰ সৈতে যোগাযোগ কৰিছিল।" সেই সময়ত তেওঁ চাকৰি এৰিব বিচাৰিছিল। মই অসহায় চিন্তা কৰি সহায় কৰিলোঁ। মই আৰু মোৰ এগৰাকী প্ৰেমিকা, আমি একেলগে কাম কৰো। মই ভাবিছিলো ইয়াৰ দ্বাৰা আমাৰো লাভ হব, তেওঁক দৰমহা দিলেও তেওঁৰ কিছু লাভ হব। আনকি ১০-১২ হাজাৰ টকা দৰমহা দিয়াৰ কথাও চৰ্চা চলিছিল৷"

চ্যাণ্ডিৰ মতে বিষ্ণুপদ নাস্কৰ মান্তি হয়।'' কিন্তু সন্দেহৰ সৃষ্টি হয় যেতিয়া চ্যাণ্ডিৰ দামী ইয়াৰপড আৰু সামগ্ৰীবোৰ নোহোৱা হৈ যায়। চ্যাণ্ডিাৰ ভাষাত, "আচলতে মই ইয়াৰপডটো বিচাৰি উলিয়াই বিষ্ণুৰ ঘৰৰ ওচৰত পাইছিলোঁ। তেতিয়া বিষ্ণুপদে চুৰিৰ কথা স্বীকাৰ কৰে। আচলতে বিষ্ণুপদে উপলব্ধি কৰা নাছিল যে ইয়াৰপড ট্ৰেক কৰিব পাৰি। ইয়াৰ বাহিৰেও মোৰ প্ৰেয়সীৰ ঘৰৰ পৰা সোণৰ গহনা, টকা আৰু আন কেতবোৰ বস্তু চুৰি কৰি লৈ যায়।"

কিন্তু অতি সোনকালে চ্যাণ্ডিয়ে বিষ্ণুপদৰ বিৰুদ্ধে অভিযোগ প্ৰত্যাহাৰ কৰিব। চ্যাণ্ডিৰ ভাষাত "ল'ৰাটোৰ দেউতাকে আমালৈ সকলো টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে"৷তদুপৰি চ্যাণ্ডিৰ মতে তেওঁ হেৰুৱা টকাখিনি পালে চ্যাণ্ডি নিৰাপদ।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক