--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিং কেৰিয়াৰৰ শিখৰত উপনীত হৈছে। দেশ জোৰা অৰিজিতৰ খ্যাতি সুৰৰ জৰিয়তে বিয়পি পৰিছে। ইটোৰ পিছত সিটোকৈ অৰিজিতৰ কনচাৰ্টবোৰত টিকট বিক্ৰী হৈ শেষ হৈ যোৱাটো এক স্বাভাৱিক পৰিঘটনা।

অৰিজিতৰ অনুষ্ঠান চাবলৈ টিকট নোপোৱাত বহু অনুৰাগী বহুবাৰ হতাশ হৈছে।কিন্তু এইবাৰ কণ্ঠশিল্পীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক নজিৰ গঢ়ি তুলিলে। অৰিজিত সিঙে ইতিমধ্যে  বহিঃৰাষ্ট্ৰৰ বহু অনুষ্ঠানত কণ্ঠদান কৰিছে। এইবাৰ অৰিজিতৰ গীত ফুটবল খেলপথাৰতো বাজি উঠিল।

স্পেইনৰ অন্যতম জনপ্ৰিয় ফুটবল ষ্টেডিয়াম "কেম্প নৌ"। সেই ফুটবল খেলপথাৰতে অনুষ্ঠিত হৈছিল অৰিজিত সিঙৰ হিন্দী গীত ‘বৈৰীয়া’। ৰিয়েল মাদ্রিদ আৰু বার্চিলোনাৰ মাজত অনুষ্ঠিত হোৱা ‘এল ক্লাছিক’ খেলৰ সময়ত ডিজিটেল ব’র্ডত দেখা গ’ল ‘বৈৰিয়া’৷ এইবাৰ ফুটবল খেলপথাৰৰ ডিজিটেল বৰ্ডত স্থান পালে বলীউডৰ এটা গীত। 

দুসপ্তাহমান আগতে অমিতাভ ভট্টাচাৰ্যৰ ৰচনা আৰু গোল্ডি সোহেলৰ সুৰেৰে এই গীতটি ইউটিউব আৰু একাধিক ষ্ট্ৰীমিং প্লেটফৰ্মত মুক্তি পাইছিল।মুক্তিৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে ‘বৈৰীয়া’ নামৰ গীতটি। ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত এই গীতটোৱে ফুটবল খেলপথাৰতো স্থান দখল কৰিছে। এই অনন্য প্ৰাপ্তিত অৰিজিত সিং যথেষ্ট সুখী। 

অৰিজিত সিঙে কয় যে,"মোৰ ‘বাইৰিয়া’ গীতটোৱে বাৰ্চিলোনাৰ ঘৰুৱা খেলপথাৰ কেম্প ন’লৈত স্থান লাভ কৰাত মই সুখী।এই গীতটিৰ জৰিয়তে মানুহক সুখী কৰিবলৈ সক্ষম হোৱাত মই আনন্দিত।'' আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গীতটিৰ সফলতাক লৈ 'বৈৰিয়া'ৰ সংগীত পৰিচালক গোল্ডি সোহাইলেও উৎফুল্লিত হৈ পৰিছে। গোল্ডিয়ে কয় যে, "যিসকলে এই গীতটো নিৰ্মাণত অৰিহণা যোগাইছে, যিসকলে এই গীতটোৰ সৈতে অন্তৰংগভাৱে জড়িত - সকলোৱে গীতটোৰ এই সফলতাত সুখী। ই এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ইয়াতকৈ ভাল একো হ’ব নোৱাৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক