--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্বেতপত্ৰৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছে এখন কৃষ্ণপত্ৰ প্ৰকাশৰ প্ৰস্তুতি চলাইছে।অহা সোমবাৰে দ্বিতীয়বাৰৰ মোদী চৰকাৰৰ অধীনত সংসদৰ অন্তিম অধিৱেশনৰ দিনা এই কৃষ্ণপত্ৰ প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে৷

সংসদৰ বাজেট অধিৱেশন এদিন বৃদ্ধি কৰিলে মোদী চৰকাৰে। পূৰ্বে ঘোষণা কৰা সময়সূচী অনুসৰি শুকুৰবাৰে (৯ ফেব্ৰুৱাৰী) অধিৱেশনৰ সামৰণি পৰিব। কিন্তু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে কয় যে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিম অধিৱেশন শনিবাৰে (১০ ফেব্ৰুৱাৰী) শেষ হ’ব। চৰকাৰী সূত্ৰ অনুসৰি এই সম্প্ৰসাৰণৰ উদ্দেশ্য হৈছে ‘ইউ পি এ চৰকাৰৰ সময়ত হোৱা বিত্তীয় অনিয়ম’ শীৰ্ষক এখন শ্বেতপত্ৰ সংসদত দাখিল কৰা হ’ব।

বিৰোধীয়ে আশংকা কৰিছে যে অধিৱেশনৰ এই বৃদ্ধিৰ উদ্দেশ্য হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক বতাহ উষ্ণ কৰি তোলা। সোমবাৰে প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশনৰ সামৰণি দিনটোত মোদীৰ ভাষণৰ সূচীয়ে সেই সম্ভাৱনাক অধিক শক্তিশালী কৰি তুলিলে। অৱশ্যে সূত্ৰ অনুসৰি মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী থকাৰ সময়ত হোৱা অনিয়ম সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব।

এই পৰিবেশত মোদীৰ শাসনৰ বিগত ১০ বছৰত হোৱা বিত্তীয় অনিয়মৰ ওপৰত কংগ্ৰেছে কৃষ্ণপত্ৰ প্ৰকাশ কৰিব পাৰে বুলি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে। প্ৰসংগক্ৰমে ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল সংসদৰ বাজেট অধিৱেশন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে ১ ফেব্ৰুৱাৰীত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট প্ৰস্তাৱ (ভোট অন একাউণ্ট) দাখিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ