--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্বেতপত্ৰৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছে এখন কৃষ্ণপত্ৰ প্ৰকাশৰ প্ৰস্তুতি চলাইছে।অহা সোমবাৰে দ্বিতীয়বাৰৰ মোদী চৰকাৰৰ অধীনত সংসদৰ অন্তিম অধিৱেশনৰ দিনা এই কৃষ্ণপত্ৰ প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে৷

সংসদৰ বাজেট অধিৱেশন এদিন বৃদ্ধি কৰিলে মোদী চৰকাৰে। পূৰ্বে ঘোষণা কৰা সময়সূচী অনুসৰি শুকুৰবাৰে (৯ ফেব্ৰুৱাৰী) অধিৱেশনৰ সামৰণি পৰিব। কিন্তু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে কয় যে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিম অধিৱেশন শনিবাৰে (১০ ফেব্ৰুৱাৰী) শেষ হ’ব। চৰকাৰী সূত্ৰ অনুসৰি এই সম্প্ৰসাৰণৰ উদ্দেশ্য হৈছে ‘ইউ পি এ চৰকাৰৰ সময়ত হোৱা বিত্তীয় অনিয়ম’ শীৰ্ষক এখন শ্বেতপত্ৰ সংসদত দাখিল কৰা হ’ব।

বিৰোধীয়ে আশংকা কৰিছে যে অধিৱেশনৰ এই বৃদ্ধিৰ উদ্দেশ্য হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক বতাহ উষ্ণ কৰি তোলা। সোমবাৰে প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশনৰ সামৰণি দিনটোত মোদীৰ ভাষণৰ সূচীয়ে সেই সম্ভাৱনাক অধিক শক্তিশালী কৰি তুলিলে। অৱশ্যে সূত্ৰ অনুসৰি মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী থকাৰ সময়ত হোৱা অনিয়ম সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব।

এই পৰিবেশত মোদীৰ শাসনৰ বিগত ১০ বছৰত হোৱা বিত্তীয় অনিয়মৰ ওপৰত কংগ্ৰেছে কৃষ্ণপত্ৰ প্ৰকাশ কৰিব পাৰে বুলি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে। প্ৰসংগক্ৰমে ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল সংসদৰ বাজেট অধিৱেশন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে ১ ফেব্ৰুৱাৰীত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট প্ৰস্তাৱ (ভোট অন একাউণ্ট) দাখিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু