--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন ডি আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ, ই কেলচিয়াম শোষণত সহায় কৰে, যিয়ে হাড় আৰু দাঁতৰ শক্তি বজাই ৰাখে। এই পুষ্টিকৰ পদাৰ্থটোক ‘ছানশ্বাইন ভিটামিন’ বুলিও কোৱা হয়, কিয়নো ইয়াক আহৰণ কৰিবলৈ সাধাৰণতে সূৰ্যৰ পোহৰত বহিবলগীয়া হয়। বিশেষকৈ ৰাতিপুৱাৰ সূৰ্য্যৰ পোহৰ আমাৰ বাবে অতি উপকাৰী, কিন্তু সকলোৱে ৰ’দত বহিবলৈ সময় নাপায় বা কেতিয়াবা চহৰৰ ফ্লেটত বাস কৰা মানুহেও সূৰ্য্যৰ পোহৰ ভালদৰে নাপায়। এনে পৰিস্থিতিত তেওঁলোকে কেনেকৈ লাভ কৰিব ভিটামিন ডি?

এই খাদ্যসমূহ খাই ভিটামিন ডি লাভ কৰক

সূৰ্যৰ পোহৰে ভিটামিন ডিৰ সৰ্বোত্তম উৎস, কিন্তু কিছুমান বিশেষ ধৰণৰ খাদ্য খাইও এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান লাভ কৰিব পাৰে, আহকচোন সেই খাদ্য সামগ্ৰী কি কি জানি লওঁ।

-গৰুৰ গাখীৰ
-কাঠফুলা
-কণী
-ভিটামিন ডিৰ ছাপ্লিমেণ্ট
-মাছ
-দালিয়া
-ধানজাতীয় শস্য

ভিটামিন ডিৰ বাবে সূৰ্য্যৰ পোহৰ কিয় উত্তম?

বহু খাদ্য খালে ভিটামিন ডি পাব যদিও তথাপিও দৈনিক ১০ৰ পৰা ২০ মিনিট ৰ’দত বহি থকাৰ অভ্যাস এৰি নিদিব, কাৰণ ই আপোনাৰ শৰীৰক বহুখিনি উপকৃত কৰিব পাৰে।

দৈনিক ৰ’দত কিছু সময় কটালে আপুনি শিথিলতা অনুভৱ কৰিব, যাৰ ফলত পেশীৰ বিষ কমি যায়, আপোনাৰ মগজুৰ জ্ঞান বিকাশ উন্নত হয়।

যেতিয়া আপুনি ৰ’দৰ সংস্পৰ্শত থাকে তেতিয়া আমাৰ মগজুৱে চেৰ’টনিন নামৰ হৰম’ন এটা নিৰ্গত কৰিবলৈ আৰম্ভ কৰে, যিয়ে আপোনাৰ মেজাজ উন্নত কৰে আৰু মানসিক চাপৰ পৰা মুক্ত কৰে।

গৰ্ভৱতী মহিলাই দৈনিক কিছু সময় ৰ’দত গা ধুব লাগে কাৰণ ভিটামিন ডিৰ সহায়ত প্ৰসৱ আৰু জন্মৰ লগত জড়িত সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সহায় কৰে।

বহু গৱেষণাত প্ৰমাণিত হৈছে যে ৰ’দত গা ধুলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত আপুনি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা পৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement