--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স চায়ো বহু ৰোগৰ আক্ৰমণ বৃদ্ধি পায়৷ সেয়ে ৩০ বছৰ অতিক্ৰম কৰাৰ পিছত শৰীৰটোক ভৱিষ্যতৰ দিনলৈ সুস্থ কৰি ৰাখিবলৈ কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে৷  বহুতে ডেকা বয়সত নকৰি  বৃদ্ধ বয়সতহে স্বাস্থ্য সচেতন হোৱা দেখা যায়। বৃদ্ধ বয়সত নিয়ম-নীতিৰে আহাৰ গ্ৰহণ কৰিলে যিমান ভাল ফল পোৱা যায় তাতোকৈ অধিক ভাল ফল পোৱা যাব যদিহে মানুহে কম বয়সৰ পৰাই স্বাস্থ্য সচেতন হয় ।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ  কৰা মতে ৩০ বছৰৰ পিছৰে পৰাই মানুহে কেগবোৰ খাদ্য গ্ৰহণত নিজকে নিয়ন্ত্ৰণ কৰিব লাগে।৩০ বছৰৰ পিছত  পুৰুষ তথা মহিলাৰ শৰীৰত  বহু পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে। হৰম’নৰ  পৰিৱৰ্তনৰ প্ৰভাৱত দৃষ্টি শক্তি হ্ৰাস পোৱাৰ লগতে চুলিতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

পুষ্টি বিশেষজ্ঞসকলে ইয়াৰ আঁৰত আমাৰ খাদ্যাভাসকে জগৰীয়া কৰে। তেওঁলোকৰ মতে, ৩০ বছৰ বয়সৰ পাছত কিছুমান বস্তু খাদ্য তালিকাৰ পৰা দূৰত ৰাখিব পাৰিলে ভাল।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এগৰাকী ব্যক্তিয়ে প্ৰতিদিনে ২৩০০ মিলিগ্ৰামতকৈ অধিক ছ’ডিয়াম গ্ৰহণ কৰা উচিত নহয়।

বজাৰত উপলব্ধ কেন চুপত ৪০শতাংশ ছ’ডিয়াম থাকে। ই ছালৰ বাৰ্দ্ধক্যজনিত সমস্যা তথা ৰক্তচাপৰ বাবে সাংঘাতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বয়স ৩০ বছৰৰ দিশে আগবঢ়াৰ লগে লগে সকলোৱে চেনি খোৱা কমাব লাগে। 
 অধিক পৰিমাণে শৰ্কৰা জাতীয় খাদ্য খালে ই মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

নিশা যদি  কফি থায়, তেতিয়াহ’লে ই টোপনি নষ্ট কৰিব পাৰে আৰু ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 
আটাৰ পৰা বনোৱা ৰুটিত প্ৰচুৰ পৰিমানে চেনি, কাৰ্বহাইড্ৰেইড তথা ফ্যাট থাকে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য তথা হজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়ে ৩০ বছৰৰ পিছত এনে খাদ্যও কমাই খাব লাগে। ৰুটি খোৱাৰ আধা ঘণ্টামান পিছত প্ৰচুৰ পানী খাব লাগে।

সেইদৰে, ৩০বছৰৰ পাছত জ্যাংক ফুড বা ভজা খাদ্য হজম কৰাটো টান হৈ পৰিব পাৰে।
 এনে বয়সৰ পিছৰে  পৰা মানুহে আঁহযুক্ত খাদ্য বেছিকৈ খোৱা ভাল। সুৰাপান, ধূমপান আদিৰ পৰাও আঁতৰি থাকিব লাগে।এনেবোৰ নিয়ম মানি চলিলে শৰীৰ বহু দিনলৈ সুস্থ হৈ থাকিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু