--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স চায়ো বহু ৰোগৰ আক্ৰমণ বৃদ্ধি পায়৷ সেয়ে ৩০ বছৰ অতিক্ৰম কৰাৰ পিছত শৰীৰটোক ভৱিষ্যতৰ দিনলৈ সুস্থ কৰি ৰাখিবলৈ কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে৷  বহুতে ডেকা বয়সত নকৰি  বৃদ্ধ বয়সতহে স্বাস্থ্য সচেতন হোৱা দেখা যায়। বৃদ্ধ বয়সত নিয়ম-নীতিৰে আহাৰ গ্ৰহণ কৰিলে যিমান ভাল ফল পোৱা যায় তাতোকৈ অধিক ভাল ফল পোৱা যাব যদিহে মানুহে কম বয়সৰ পৰাই স্বাস্থ্য সচেতন হয় ।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ  কৰা মতে ৩০ বছৰৰ পিছৰে পৰাই মানুহে কেগবোৰ খাদ্য গ্ৰহণত নিজকে নিয়ন্ত্ৰণ কৰিব লাগে।৩০ বছৰৰ পিছত  পুৰুষ তথা মহিলাৰ শৰীৰত  বহু পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে। হৰম’নৰ  পৰিৱৰ্তনৰ প্ৰভাৱত দৃষ্টি শক্তি হ্ৰাস পোৱাৰ লগতে চুলিতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

পুষ্টি বিশেষজ্ঞসকলে ইয়াৰ আঁৰত আমাৰ খাদ্যাভাসকে জগৰীয়া কৰে। তেওঁলোকৰ মতে, ৩০ বছৰ বয়সৰ পাছত কিছুমান বস্তু খাদ্য তালিকাৰ পৰা দূৰত ৰাখিব পাৰিলে ভাল।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এগৰাকী ব্যক্তিয়ে প্ৰতিদিনে ২৩০০ মিলিগ্ৰামতকৈ অধিক ছ’ডিয়াম গ্ৰহণ কৰা উচিত নহয়।

বজাৰত উপলব্ধ কেন চুপত ৪০শতাংশ ছ’ডিয়াম থাকে। ই ছালৰ বাৰ্দ্ধক্যজনিত সমস্যা তথা ৰক্তচাপৰ বাবে সাংঘাতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বয়স ৩০ বছৰৰ দিশে আগবঢ়াৰ লগে লগে সকলোৱে চেনি খোৱা কমাব লাগে। 
 অধিক পৰিমাণে শৰ্কৰা জাতীয় খাদ্য খালে ই মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

নিশা যদি  কফি থায়, তেতিয়াহ’লে ই টোপনি নষ্ট কৰিব পাৰে আৰু ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 
আটাৰ পৰা বনোৱা ৰুটিত প্ৰচুৰ পৰিমানে চেনি, কাৰ্বহাইড্ৰেইড তথা ফ্যাট থাকে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য তথা হজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়ে ৩০ বছৰৰ পিছত এনে খাদ্যও কমাই খাব লাগে। ৰুটি খোৱাৰ আধা ঘণ্টামান পিছত প্ৰচুৰ পানী খাব লাগে।

সেইদৰে, ৩০বছৰৰ পাছত জ্যাংক ফুড বা ভজা খাদ্য হজম কৰাটো টান হৈ পৰিব পাৰে।
 এনে বয়সৰ পিছৰে  পৰা মানুহে আঁহযুক্ত খাদ্য বেছিকৈ খোৱা ভাল। সুৰাপান, ধূমপান আদিৰ পৰাও আঁতৰি থাকিব লাগে।এনেবোৰ নিয়ম মানি চলিলে শৰীৰ বহু দিনলৈ সুস্থ হৈ থাকিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক