--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দৰা জাৰ্মানীৰ, কইনা ৰাছিয়াৰ কিন্তু দুয়ো বিবাহপাশত আৱদ্ধ হ'ল গুজৰাটত। সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈ চিৰজীৱনৰ বাবে এক হ'ল এই দুই বিদেশী যুৱক-যুৱতী। জাৰ্মানীৰ দৰাৰ নাম ক্ৰিছ মুলাৰ আৰু ৰাছিয়াৰ কইনাৰ নাম জুলিয়া উখোৱাকাটিনা। গুজৰাটৰ হিম্মতনগৰৰ সৰোদিয়া গাঁৱত ১৯ ডিচেম্বৰত এই অনন্য বিবাহ অনুষ্ঠিত হয়। জাৰ্মানীৰ এটা অতি সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান ক্ৰিছ মুলাৰ হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল। টকা-পইচাৰ কেতিয়াও অভাৱ নোহোৱা ক্ৰিছ মুলাৰে আধ্যাত্মিক দিশটোৰ প্ৰতি লাহে লাহে প্ৰেমত পৰে। আধ্যাত্মিকতাৰ অন্বেষণৰ বাবে তেওঁ তেওঁৰ বিলাসী জীৱন সম্পূৰ্ণৰূপে ত্যাগ কৰে। ক্ৰিছে আনকি তেওঁৰ বিলাসী স্পৰ্টছ কাৰখনো বিক্ৰী কৰি দিয়ে। বিশ্বৰ প্ৰায় প্ৰতিখন মহাদেশ ভ্ৰমণ কৰা মুলাৰে ভাৰতক তেওঁৰ বিবাহৰ গন্তব্য স্থান হিচাপে বাছনি কৰিছিল।

ভাৰতৰ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰ প্ৰতি ক্ৰিছ মুলাৰ ইমানেই বেছি আকৰ্ষিত হৈ পৰিল যে তেওঁ ভাৰতক নিজক ঘৰ বুলি ভাবিবলৈ ল'লে। সেয়েহে তেওঁৰ বিবাহখনো ভাৰততে হিন্দু ধৰ্মৰ বৈদিক প্ৰথাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লয়। ২০১৯ চনত ভিয়েটনামত ৰাছিয়ান শিক্ষয়িত্ৰী জুলিয়া উখোৱাকাটিনাক লগ পাইছিল ক্ৰিছে। আধ্যাত্মিক দিশ বিকাশৰ এক অনুষ্ঠানত এই দুই যুৱক-যুৱতীৰ সাক্ষাৎ হয়। ইয়াৰ পাছত দুয়োৰে মাজত এক মধুৰ সম্পৰ্কই গঢ় লৈ উঠে আৰু দুয়ো হিন্দু ধৰ্মৰ নিয়ম অনুসৰি বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰে। এই সময়ছোৱাতে তেওঁলোকে গুজৰাট হিম্মতনগৰৰ সৰোদিয়া গাঁৱৰ বাসিন্দা লালাভাই পেটেলক লগ পায়। তেওঁলোক দুয়ো লালাভাই পেটেলৰ গাঁও সৰোদিয়ালৈ গৈছিল য'ত তেওঁলোক সেই ঠাইখনৰ আৰু মানুহৰ প্ৰেমত পৰিছিল।

কোভিড মহামাৰীৰ বাবে জাৰি কৰা নিষেধাজ্ঞাৰ বাবে দুয়োজনৰ পিতৃ-মাতৃ বিয়াত উপস্থিত থাকিব নোৱাৰিলে। লালাভাই পেটেল আৰু তেওঁৰ পত্নীয়ে বিয়াৰ সকলোখিনি ৰীতি-নীতি পালন কৰে। দৰা আৰু কইনাই গণেশ পূজা, হালধি অনুষ্ঠান, সপ্তপড়ি আৰু অন্যান্য ৰীতি-নীতি পালন কৰি হোমৰ জুইক সাক্ষী কৰি পতি-পত্নী হয়। দুয়ো সাত ফেৰেও লয়। দৰা-কইনাই গাঁৱৰ জ্যেষ্ঠসকলৰ ভৰিত ধৰি সেৱা কৰি আশীৰ্বাদো লৈছিল। উল্লেখ্য যে ক্ৰিছ আৰু জুলিয়া যোৱা তিনি বছৰ ধৰি ভাৰতত বাস কৰি আছে। বৰ্তমান, মুলাৰ হৈছে স্পাইৰাটিঅ ইউজি আৰু ইনাৰ লিভিং প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক যি ব্যক্তিগত বিকাশ আৰু আভ্যন্তৰীণ বিকাশৰ ওপৰত পৰামৰ্শ আৰু প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁ উশাহ-নিশাহৰ কৌশলৰ ওপৰত আলোচনাচক্ৰ আৰু কৰ্মশালাৰো আয়োজন কৰে। এই নৱ দম্পতীৰ বৈবাহিক জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে প্ৰতিজন শুভাকাংক্ষীয়ে।

আৰু পঢ়কঃ ঘৰত আছে ১২ সদস্য, ভোট পালে মাত্ৰ এটা! কান্দোনত ভাগি পৰিল গ্ৰাম্য পঞ্চায়তৰ প্ৰাৰ্থী


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ