--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দৰা জাৰ্মানীৰ, কইনা ৰাছিয়াৰ কিন্তু দুয়ো বিবাহপাশত আৱদ্ধ হ'ল গুজৰাটত। সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈ চিৰজীৱনৰ বাবে এক হ'ল এই দুই বিদেশী যুৱক-যুৱতী। জাৰ্মানীৰ দৰাৰ নাম ক্ৰিছ মুলাৰ আৰু ৰাছিয়াৰ কইনাৰ নাম জুলিয়া উখোৱাকাটিনা। গুজৰাটৰ হিম্মতনগৰৰ সৰোদিয়া গাঁৱত ১৯ ডিচেম্বৰত এই অনন্য বিবাহ অনুষ্ঠিত হয়। জাৰ্মানীৰ এটা অতি সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান ক্ৰিছ মুলাৰ হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল। টকা-পইচাৰ কেতিয়াও অভাৱ নোহোৱা ক্ৰিছ মুলাৰে আধ্যাত্মিক দিশটোৰ প্ৰতি লাহে লাহে প্ৰেমত পৰে। আধ্যাত্মিকতাৰ অন্বেষণৰ বাবে তেওঁ তেওঁৰ বিলাসী জীৱন সম্পূৰ্ণৰূপে ত্যাগ কৰে। ক্ৰিছে আনকি তেওঁৰ বিলাসী স্পৰ্টছ কাৰখনো বিক্ৰী কৰি দিয়ে। বিশ্বৰ প্ৰায় প্ৰতিখন মহাদেশ ভ্ৰমণ কৰা মুলাৰে ভাৰতক তেওঁৰ বিবাহৰ গন্তব্য স্থান হিচাপে বাছনি কৰিছিল।

ভাৰতৰ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰ প্ৰতি ক্ৰিছ মুলাৰ ইমানেই বেছি আকৰ্ষিত হৈ পৰিল যে তেওঁ ভাৰতক নিজক ঘৰ বুলি ভাবিবলৈ ল'লে। সেয়েহে তেওঁৰ বিবাহখনো ভাৰততে হিন্দু ধৰ্মৰ বৈদিক প্ৰথাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লয়। ২০১৯ চনত ভিয়েটনামত ৰাছিয়ান শিক্ষয়িত্ৰী জুলিয়া উখোৱাকাটিনাক লগ পাইছিল ক্ৰিছে। আধ্যাত্মিক দিশ বিকাশৰ এক অনুষ্ঠানত এই দুই যুৱক-যুৱতীৰ সাক্ষাৎ হয়। ইয়াৰ পাছত দুয়োৰে মাজত এক মধুৰ সম্পৰ্কই গঢ় লৈ উঠে আৰু দুয়ো হিন্দু ধৰ্মৰ নিয়ম অনুসৰি বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰে। এই সময়ছোৱাতে তেওঁলোকে গুজৰাট হিম্মতনগৰৰ সৰোদিয়া গাঁৱৰ বাসিন্দা লালাভাই পেটেলক লগ পায়। তেওঁলোক দুয়ো লালাভাই পেটেলৰ গাঁও সৰোদিয়ালৈ গৈছিল য'ত তেওঁলোক সেই ঠাইখনৰ আৰু মানুহৰ প্ৰেমত পৰিছিল।

কোভিড মহামাৰীৰ বাবে জাৰি কৰা নিষেধাজ্ঞাৰ বাবে দুয়োজনৰ পিতৃ-মাতৃ বিয়াত উপস্থিত থাকিব নোৱাৰিলে। লালাভাই পেটেল আৰু তেওঁৰ পত্নীয়ে বিয়াৰ সকলোখিনি ৰীতি-নীতি পালন কৰে। দৰা আৰু কইনাই গণেশ পূজা, হালধি অনুষ্ঠান, সপ্তপড়ি আৰু অন্যান্য ৰীতি-নীতি পালন কৰি হোমৰ জুইক সাক্ষী কৰি পতি-পত্নী হয়। দুয়ো সাত ফেৰেও লয়। দৰা-কইনাই গাঁৱৰ জ্যেষ্ঠসকলৰ ভৰিত ধৰি সেৱা কৰি আশীৰ্বাদো লৈছিল। উল্লেখ্য যে ক্ৰিছ আৰু জুলিয়া যোৱা তিনি বছৰ ধৰি ভাৰতত বাস কৰি আছে। বৰ্তমান, মুলাৰ হৈছে স্পাইৰাটিঅ ইউজি আৰু ইনাৰ লিভিং প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক যি ব্যক্তিগত বিকাশ আৰু আভ্যন্তৰীণ বিকাশৰ ওপৰত পৰামৰ্শ আৰু প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁ উশাহ-নিশাহৰ কৌশলৰ ওপৰত আলোচনাচক্ৰ আৰু কৰ্মশালাৰো আয়োজন কৰে। এই নৱ দম্পতীৰ বৈবাহিক জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে প্ৰতিজন শুভাকাংক্ষীয়ে।

আৰু পঢ়কঃ ঘৰত আছে ১২ সদস্য, ভোট পালে মাত্ৰ এটা! কান্দোনত ভাগি পৰিল গ্ৰাম্য পঞ্চায়তৰ প্ৰাৰ্থী


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক