--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহক যেতিয়া পৰিয়ালৰ মানুহেও সমৰ্থন কৰিবলৈ এৰি দিয়ে বা অকলশৰীয়া কৰি দিয়ে তাতকৈ হয়তো বেদনাদায়ক কথা আন একো নাই৷ পৃথিৱীৰ কোনো মানুহ লগত নাথাকিলেও অন্তত পৰিয়ালৰ মানুহ কেইজন লগত থাকে৷ এইখিনিতে এটা খবৰ পোহৰলৈ আহিছে৷ এই খবৰ ৰাজনৈতিক৷

গুজৰাটৰ ৱাপী জিলাৰ এজন প্ৰাৰ্থীয়ে গ্ৰাম্য পঞ্চায়ত নিৰ্বাচনত কেৱল মাত্ৰ এটা ভোট লাভ কৰে। এই ফলাফল পোৱাৰ পাছতেই প্ৰাৰ্থীজন দুখত ভাগি পৰিছে। প্ৰাৰ্থীজনৰ নাম সন্তোষ। সন্তোষৰ বাবে আটাইতকৈ লজ্জাজনক কথাটো হ'ল তেওঁৰ পৰিয়ালত মুঠ বাৰজন সদস্য আছে কিন্তু পৰিয়ালৰ এজন লোকেও তেওঁক ভোট নিদিলে।

সন্তোষে পৰিয়ালৰ ১২টা ভোট পাম বুলি নিশ্চিত আছিল। কিন্তু তেওঁৰ আশাভংগ হ'ল। ভোটগণনা হোৱাৰ পাছত সন্তোষে গম পালে যে তেওঁ মাত্ৰ এটা ভোট লাভ কৰিছে, সেয়াও তেওঁৰ নিজৰ। এই কথা গম পোৱাৰ পাছতেই কান্দোনত ভাগি পৰে সন্তোষ। মোৰ নিজৰ পৰিয়ালটোৱেও মোক ভোট নিদিলে বুলি কৈ কান্দোনত ভাগি পৰে সন্তোষ নামৰ দুৰ্ভগীয়া প্ৰাৰ্থীজন। গুজৰাটৰ বিভিন্ন কেন্দ্ৰত গ্ৰাম পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে। মঙলবাৰে ৮,৬০০ তকৈও অধিক গ্ৰাম পঞ্চায়তৰ ফলাফল ঘোষণা কৰা হয়।

সন্তোষে ৱাপী জিলাৰ ছাৰৱালা গাঁৱৰ মুখ্য গাঁও প্ৰধান পদৰ বাবে মনোনয়ন প্ৰদান কৰিছিল। তেওঁ কয় যে ''মই পৰাজিত হৈছো সেইটোত মই লজ্জিত অনুভৱ কৰা নাই কিন্তু মোৰ পৰিয়ালৰ ১২ জন সদস্যৰ ভিতৰত এজনেও যে মোক ভোট নিদিলে, সেই কথাত মই লাজ পাইছোঁ। নিজৰ পৰিয়ালেই যেতিয়া লগ নিদিলে বেলেগৰ পৰা কি আশা কৰিম।''

আৰু পঢ়কঃ জন্মদিন বিশেষঃ মাতৃৰ বাবেই প্ৰেমিকা নীলমক ত্যাগ কৰিছিল গোবিন্দাই


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ