--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহক যেতিয়া পৰিয়ালৰ মানুহেও সমৰ্থন কৰিবলৈ এৰি দিয়ে বা অকলশৰীয়া কৰি দিয়ে তাতকৈ হয়তো বেদনাদায়ক কথা আন একো নাই৷ পৃথিৱীৰ কোনো মানুহ লগত নাথাকিলেও অন্তত পৰিয়ালৰ মানুহ কেইজন লগত থাকে৷ এইখিনিতে এটা খবৰ পোহৰলৈ আহিছে৷ এই খবৰ ৰাজনৈতিক৷

গুজৰাটৰ ৱাপী জিলাৰ এজন প্ৰাৰ্থীয়ে গ্ৰাম্য পঞ্চায়ত নিৰ্বাচনত কেৱল মাত্ৰ এটা ভোট লাভ কৰে। এই ফলাফল পোৱাৰ পাছতেই প্ৰাৰ্থীজন দুখত ভাগি পৰিছে। প্ৰাৰ্থীজনৰ নাম সন্তোষ। সন্তোষৰ বাবে আটাইতকৈ লজ্জাজনক কথাটো হ'ল তেওঁৰ পৰিয়ালত মুঠ বাৰজন সদস্য আছে কিন্তু পৰিয়ালৰ এজন লোকেও তেওঁক ভোট নিদিলে।

সন্তোষে পৰিয়ালৰ ১২টা ভোট পাম বুলি নিশ্চিত আছিল। কিন্তু তেওঁৰ আশাভংগ হ'ল। ভোটগণনা হোৱাৰ পাছত সন্তোষে গম পালে যে তেওঁ মাত্ৰ এটা ভোট লাভ কৰিছে, সেয়াও তেওঁৰ নিজৰ। এই কথা গম পোৱাৰ পাছতেই কান্দোনত ভাগি পৰে সন্তোষ। মোৰ নিজৰ পৰিয়ালটোৱেও মোক ভোট নিদিলে বুলি কৈ কান্দোনত ভাগি পৰে সন্তোষ নামৰ দুৰ্ভগীয়া প্ৰাৰ্থীজন। গুজৰাটৰ বিভিন্ন কেন্দ্ৰত গ্ৰাম পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে। মঙলবাৰে ৮,৬০০ তকৈও অধিক গ্ৰাম পঞ্চায়তৰ ফলাফল ঘোষণা কৰা হয়।

সন্তোষে ৱাপী জিলাৰ ছাৰৱালা গাঁৱৰ মুখ্য গাঁও প্ৰধান পদৰ বাবে মনোনয়ন প্ৰদান কৰিছিল। তেওঁ কয় যে ''মই পৰাজিত হৈছো সেইটোত মই লজ্জিত অনুভৱ কৰা নাই কিন্তু মোৰ পৰিয়ালৰ ১২ জন সদস্যৰ ভিতৰত এজনেও যে মোক ভোট নিদিলে, সেই কথাত মই লাজ পাইছোঁ। নিজৰ পৰিয়ালেই যেতিয়া লগ নিদিলে বেলেগৰ পৰা কি আশা কৰিম।''

আৰু পঢ়কঃ জন্মদিন বিশেষঃ মাতৃৰ বাবেই প্ৰেমিকা নীলমক ত্যাগ কৰিছিল গোবিন্দাই


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক