--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেসকঃ অন্নদাতা  কৃষকৰ প্ৰতিবাদে কঁপাইছে দিল্লী। পঞ্জাৱ আৰু হাৰিয়ানাৰ শম্ভু সীমান্তত কৃষকসকলৰ প্ৰতিবাদী সমদল  ৰুধিবলৈ এইবাৰ ড্ৰোন ব্যৱহাৰ কৰি আৰক্ষীয়ে নিক্ষেপ কৰিলে কন্দুৱা গেছৰ  গেছৰ শ্বেল । ফলত  ধোঁৱাই সমগ্ৰ অঞ্চলটো  আবৰি ধৰে। দৃশ্যমানতা প্ৰায় শূন্যত উপনীত হয়।

মঙলবাৰে পুৱা কৃষকসকলে  এক বিশাল পদযাত্ৰাৰে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ শম্ভু অঞ্চলত কন্দু  গেছ নিক্ষেপ কৰা আৰম্ভ কৰে।ড্ৰোনৰ পৰা এনে গেছ নিক্ষেপ কৰা হয়।

দুপৰীয়া আৰক্ষীয়ে কৃষকসকলৰ পদযাত্ৰা বন্ধ কৰিবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। বাতৰি অনুসৰি কমেও দুই ডজন কন্দুৱা গেছৰ শ্বেল  নিক্ষেপ কৰা হৈছে।  
 
কৃষকসকলে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ দাবীত  'দিল্লী চলো'ৰ আহ্বান জনাইছে। কৃষকসকলে   মুখ্যতঃ তিনি ভাগত ভাগ হৈ  ৰাজধানী দিল্লীৰ  ফালে অগ্ৰসৰ হৈছে। দিল্লী আৰক্ষীয়ে ছিংগু, টিক্ৰি আৰু গাজীপুৰৰ সীমান্ত  বন্ধ কৰি দিছে। 

প্ৰতিটো পথত বেৰিকেড স্থাপন কৰাৰ লগতে  কাঁইটীয়া তাঁৰেৰে পথ  অৱৰোধ কৰা হৈছে। সীমান্তত  বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। দিল্লীত এমাহৰ বাবে সকলো ধৰণৰ  সমাৱেশ নিষিদ্ধ কৰা হৈছে। একেদৰে হাৰিয়ানাৰ সীমান্তও বন্ধ কৰি দিয়া হৈছে। বহু পথত ট্ৰেক্টৰৰ যাতায়াত বন্ধ কৰিবলৈ লোৰ তীক্ষ্ণ হুল পুতি ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ