--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেসকঃ অন্নদাতা  কৃষকৰ প্ৰতিবাদে কঁপাইছে দিল্লী। পঞ্জাৱ আৰু হাৰিয়ানাৰ শম্ভু সীমান্তত কৃষকসকলৰ প্ৰতিবাদী সমদল  ৰুধিবলৈ এইবাৰ ড্ৰোন ব্যৱহাৰ কৰি আৰক্ষীয়ে নিক্ষেপ কৰিলে কন্দুৱা গেছৰ  গেছৰ শ্বেল । ফলত  ধোঁৱাই সমগ্ৰ অঞ্চলটো  আবৰি ধৰে। দৃশ্যমানতা প্ৰায় শূন্যত উপনীত হয়।

মঙলবাৰে পুৱা কৃষকসকলে  এক বিশাল পদযাত্ৰাৰে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ শম্ভু অঞ্চলত কন্দু  গেছ নিক্ষেপ কৰা আৰম্ভ কৰে।ড্ৰোনৰ পৰা এনে গেছ নিক্ষেপ কৰা হয়।

দুপৰীয়া আৰক্ষীয়ে কৃষকসকলৰ পদযাত্ৰা বন্ধ কৰিবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। বাতৰি অনুসৰি কমেও দুই ডজন কন্দুৱা গেছৰ শ্বেল  নিক্ষেপ কৰা হৈছে।  
 
কৃষকসকলে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ দাবীত  'দিল্লী চলো'ৰ আহ্বান জনাইছে। কৃষকসকলে   মুখ্যতঃ তিনি ভাগত ভাগ হৈ  ৰাজধানী দিল্লীৰ  ফালে অগ্ৰসৰ হৈছে। দিল্লী আৰক্ষীয়ে ছিংগু, টিক্ৰি আৰু গাজীপুৰৰ সীমান্ত  বন্ধ কৰি দিছে। 

প্ৰতিটো পথত বেৰিকেড স্থাপন কৰাৰ লগতে  কাঁইটীয়া তাঁৰেৰে পথ  অৱৰোধ কৰা হৈছে। সীমান্তত  বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। দিল্লীত এমাহৰ বাবে সকলো ধৰণৰ  সমাৱেশ নিষিদ্ধ কৰা হৈছে। একেদৰে হাৰিয়ানাৰ সীমান্তও বন্ধ কৰি দিয়া হৈছে। বহু পথত ট্ৰেক্টৰৰ যাতায়াত বন্ধ কৰিবলৈ লোৰ তীক্ষ্ণ হুল পুতি ৰখা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
হোটেল ৰুমত মৃত অৱস্থাত উদ্ধাৰ মালয়ালম অভিনেতা কলাভৱন নভাছ, আৰক্ষীৰ তদন্ত অব্যাহত
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
বিপদত অনিল আম্বানী!