--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাপ্য অধিকাৰৰ দাবীত ৰাজপথত লাডাখৰ জনগণ৷শনিবাৰে লাডাখৰ লেহ জিলাত ব্যাপক প্ৰতিবাদী সমাৱেশ দেখা গ’ল, কিয়নো স্থানীয় লোকে তেওঁলোকৰ চাৰিটা দাবী - লাডাখক ৰাজ্যৰ ৰূপ দিয়া, জনজাতীয় মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ষষ্ঠ সূচীত অন্তৰ্ভুক্ত কৰা, স্থানীয় লোকৰ বাবে চাকৰি সংৰক্ষণৰ তথা লেহ আৰু কাৰ্গিলৰ বাবে এখনকৈ সংসদীয় আসনৰ দাবীত ৰাজপথলৈ ওলাই আহে।


লেহ এপেক্স বডি (এল এ বি) আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্সে (কে ডি এ) এই অঞ্চলত বন্ধৰ আহ্বান জনাইছিল, যিয়ে ২৩ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক স্মাৰক পত্ৰ দাখিল কৰিছিল, য’ত লাডাখক ৰাজ্য হিচাপে ঘোষণা আৰু ষষ্ঠ অনুসূচীৰ অধীনত মৰ্যাদা প্ৰদানৰ দাবী কৰা হৈছিল।সূত্ৰ অনুসৰি প্ৰতিনিধিসকলে ২০১৯ চনৰ জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন সংশোধন কৰি লাডাখক ৰাজ্যিক মৰ্যাদা প্ৰদানৰ বাবে এখন বিধেয়কৰ খচৰাও দাখিল কৰিছিল।


শনিবাৰে সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লেহ এপেক্স বডি আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্সৰ আইনী উপদেষ্টা হাজী গুলাম মুস্তাফাই কয় যে, "লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হোৱাৰ পাছৰে পৰা এপেক্স সংস্থা আৰু কেডিএৰ চাৰি দফীয়া এজেণ্ডাত দাবী আছে। সকলো আমাৰ ক্ষমতা যিবোৰ জনকেন্দ্ৰিক আছিল, সেইবোৰ দুৰ্বল হৈ পৰিছে।"তেওঁ লগতে কয় যে "আমি যেতিয়া জম্মু-কাশ্মীৰৰ অংশ আছিলো তেতিয়া আমাৰ বিধানসভাত চাৰিজন আৰু বিধান পৰিষদত দুজন সদস্য আছিল।এতিয়া বিধানসভাত আমাৰ কোনো প্ৰতিনিধিত্ব নাই।"


ষষ্ঠ অনুসূচীৰ মৰ্যাদাৰ দাবী উত্থাপন কৰি স্মাৰকপত্ৰখনত আঙুলিয়াই দিয়া হৈছে যে বাল্টি, বেডা, বট, বটো, ব্ৰকপা, ড্ৰকপা, দাৰ্ড, শ্বিন, চাংপা, গাৰা, মন আৰু পুৰিগপাৰ দৰে জনজাতীয় সম্প্ৰদায়ে লাডাখৰ জনসংখ্যাৰ এক ডাঙৰ অংশ গঠন কৰে।ইয়াৰ উপৰিও লাডাখ লোকসেৱা আয়োগৰ দাবী জনাই কয় যে লাডাখৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গেজেটেড পদৰ সুযোগ সীমিত হৈ পৰিছে কাৰণ বৰ্তমান এনে কোনো ব্যৱস্থা নাই।

উল্লেখ্য যে,৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিল হোৱাৰ লগে লগে লাডাখক বিধায়িনী দলবিহীন কেন্দ্ৰীয় ভূখণ্ডলৈ ৰূপান্তৰিত কৰা হয়, আৰু ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিভক্ত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু