--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ ৱাৰংগলৰ কেএমচিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ডাঃ প্ৰীতিক ৫ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। দেওবাৰে মৃত্যু হৈছে ডাঃ প্ৰীতিৰ। এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰীতিৰ এগৰাকী ছিনিয়ৰক। ডাঃ প্ৰীতিক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে চিকিৎসা বিজ্ঞানৰ জ্যেষ্ঠ ছাত্ৰগৰাকীৰ বিৰুদ্ধে। তেওঁৰ নাম নাম ডাঃ মহম্মদ ছেইফ। আৰক্ষীয়ে সদৰী কৰা অনুসৰি বিষয়টোৰ তদন্ত চলি আছে।

কাকতীয়া চিকিৎসা মহাবিদ্যালয়ৰ পি জি মেডিকেলৰ ছাত্ৰী ডাঃ প্ৰীতিৰ মৃত্যুৱে জোকাৰিছে তেলেংগানা। দেওবাৰে নিশা প্ৰায় ৯ বজাত নিমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ২৬ বছৰীয়া প্ৰীতিয়ে। প্ৰীতিৰ শৰীৰৰ বহু অংশই কাম কৰা বন্ধ কৰি দিছিল। প্ৰীতিক ৫ দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছিল।
Telangana: Woman medico who attempted suicide after being harassed by  senior, dies- The New Indian Express
প্ৰীতিয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। তাৰপাছত তেওঁক নিজাম ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত (এনআইএমএছ) ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল। এন আই এম এছৰ চিকিৎসা অধীক্ষক ডাঃ সত্যনাৰায়ণে জাৰি কৰা বিবৃত্তিত কোৱা হৈছে যে বিশেষজ্ঞ চিকিৎসকৰ দলৰ অবিৰত প্ৰচেষ্টা সত্ত্বেও ডাঃ প্ৰীতিক বচাব পৰা নগ'ল। ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯.১০ বজাত তেওঁক মৃত ঘোষণা কৰা হয়।

ইয়াৰ পূৰ্বেও চিকিৎসালয়ৰ বিবৃত্তিত কোৱা হৈছিল যে প্ৰীতিৰ বহু অংগই কাম কৰা বন্ধ কৰি দিছে আৰু তেওঁক ভেণ্টিলেটৰৰ সহায়ত জীয়াই ৰখা হৈছে। তেওঁৰ অৱস্থা সংকটজনক হৈয়ে আছে। এই ঘটনাৰ পাছতেই মাটেৱাদা আৰক্ষীয়ে এই গোচৰত শুকুৰবাৰে কাকতীয়া চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ (পিজি) ছাত্ৰ ডাঃ মহম্মদ ছেইফক গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰীতি এই চিকিৎসা মহাবিদ্যালয়লৈ আহিছিল আৰু ডিচেম্বৰ-২০২২ৰ পৰা ডাঃ মহম্মদ ছেইফে প্ৰীতিক লক্ষ্য কৰি হাৰাশাস্তি কৰি আহিছিল।
Medical student suicide: Saif forced juniors to 'boycott' Preethi- The New  Indian Express
প্ৰীতিৰ পিতৃ নৰেন্দ্ৰই কৈছিল যে তেওঁৰ ছোৱালীজনীক ছিনিয়ৰে হাৰাশাস্তি কৰি আহিছিল। তেওঁ এই আত্মহত্যাৰ কাৰণৰ সঠিক তদন্তৰ দাবী জনায়।

পিতৃয়ে অভিযোগ কৰে যে তেওঁৰ কন্যাক ডাঃ মহম্মদ ছেইফ নামৰ ছিনিয়ৰেগৰাকীয়ে প্ৰীতিক অতিৰিক্ত কাম কৰিবলৈ হাৰাশাস্তি কৰি আহিছিল আৰু আনকি কৰ্তব্যৰ সময়ত ৱাছৰুম যাবলৈও নিদিছিল প্ৰীতিক। 

ডাঃ মহম্মদ ছেইফৰ মানসিক নিৰ্যাতনৰ বলি হৈয়ে প্ৰীতিয়ে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। ৱাৰংগল আৰক্ষী আয়ুক্ত এ ভি ৰংগনাথে কয় যে অভিযুক্ত মহম্মদ ছেইফক ইয়াৰ তৃতীয় ন্যায়িক প্ৰথম শ্ৰেণীৰ দণ্ডাধীশৰ আগত হাজিৰ কৰা হৈছে আৰু তেওঁক খাম্মাম কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement