--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ ৱাৰংগলৰ কেএমচিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ডাঃ প্ৰীতিক ৫ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। দেওবাৰে মৃত্যু হৈছে ডাঃ প্ৰীতিৰ। এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰীতিৰ এগৰাকী ছিনিয়ৰক। ডাঃ প্ৰীতিক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে চিকিৎসা বিজ্ঞানৰ জ্যেষ্ঠ ছাত্ৰগৰাকীৰ বিৰুদ্ধে। তেওঁৰ নাম নাম ডাঃ মহম্মদ ছেইফ। আৰক্ষীয়ে সদৰী কৰা অনুসৰি বিষয়টোৰ তদন্ত চলি আছে।

কাকতীয়া চিকিৎসা মহাবিদ্যালয়ৰ পি জি মেডিকেলৰ ছাত্ৰী ডাঃ প্ৰীতিৰ মৃত্যুৱে জোকাৰিছে তেলেংগানা। দেওবাৰে নিশা প্ৰায় ৯ বজাত নিমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ২৬ বছৰীয়া প্ৰীতিয়ে। প্ৰীতিৰ শৰীৰৰ বহু অংশই কাম কৰা বন্ধ কৰি দিছিল। প্ৰীতিক ৫ দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছিল।
Telangana: Woman medico who attempted suicide after being harassed by  senior, dies- The New Indian Express
প্ৰীতিয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। তাৰপাছত তেওঁক নিজাম ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত (এনআইএমএছ) ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল। এন আই এম এছৰ চিকিৎসা অধীক্ষক ডাঃ সত্যনাৰায়ণে জাৰি কৰা বিবৃত্তিত কোৱা হৈছে যে বিশেষজ্ঞ চিকিৎসকৰ দলৰ অবিৰত প্ৰচেষ্টা সত্ত্বেও ডাঃ প্ৰীতিক বচাব পৰা নগ'ল। ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯.১০ বজাত তেওঁক মৃত ঘোষণা কৰা হয়।

ইয়াৰ পূৰ্বেও চিকিৎসালয়ৰ বিবৃত্তিত কোৱা হৈছিল যে প্ৰীতিৰ বহু অংগই কাম কৰা বন্ধ কৰি দিছে আৰু তেওঁক ভেণ্টিলেটৰৰ সহায়ত জীয়াই ৰখা হৈছে। তেওঁৰ অৱস্থা সংকটজনক হৈয়ে আছে। এই ঘটনাৰ পাছতেই মাটেৱাদা আৰক্ষীয়ে এই গোচৰত শুকুৰবাৰে কাকতীয়া চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ (পিজি) ছাত্ৰ ডাঃ মহম্মদ ছেইফক গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰীতি এই চিকিৎসা মহাবিদ্যালয়লৈ আহিছিল আৰু ডিচেম্বৰ-২০২২ৰ পৰা ডাঃ মহম্মদ ছেইফে প্ৰীতিক লক্ষ্য কৰি হাৰাশাস্তি কৰি আহিছিল।
Medical student suicide: Saif forced juniors to 'boycott' Preethi- The New  Indian Express
প্ৰীতিৰ পিতৃ নৰেন্দ্ৰই কৈছিল যে তেওঁৰ ছোৱালীজনীক ছিনিয়ৰে হাৰাশাস্তি কৰি আহিছিল। তেওঁ এই আত্মহত্যাৰ কাৰণৰ সঠিক তদন্তৰ দাবী জনায়।

পিতৃয়ে অভিযোগ কৰে যে তেওঁৰ কন্যাক ডাঃ মহম্মদ ছেইফ নামৰ ছিনিয়ৰেগৰাকীয়ে প্ৰীতিক অতিৰিক্ত কাম কৰিবলৈ হাৰাশাস্তি কৰি আহিছিল আৰু আনকি কৰ্তব্যৰ সময়ত ৱাছৰুম যাবলৈও নিদিছিল প্ৰীতিক। 

ডাঃ মহম্মদ ছেইফৰ মানসিক নিৰ্যাতনৰ বলি হৈয়ে প্ৰীতিয়ে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। ৱাৰংগল আৰক্ষী আয়ুক্ত এ ভি ৰংগনাথে কয় যে অভিযুক্ত মহম্মদ ছেইফক ইয়াৰ তৃতীয় ন্যায়িক প্ৰথম শ্ৰেণীৰ দণ্ডাধীশৰ আগত হাজিৰ কৰা হৈছে আৰু তেওঁক খাম্মাম কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু